বিয়া-সবাহত স্বাভাৱিকতে কলপাতত ভাত খোৱাৰ ব্যৱস্থা কৰা হয়৷ কিন্তু দিন গৈ থাকিল মানে কলপাতত ভোজ খোৱাৰ আমেজ-জুতিও যেন বিস্মৃতিৰ গৰ্ভত৷ দক্ষিণ ভাৰতৰ বহু ঠাইত এতিয়াও ব্যাপক হাৰত কলপাতত ভোজনৰ ব্যৱস্থা কৰা হয়৷ বহু সংখ্যক হোটেলতো ভাত- ব্যঞ্জন কলপাতত পৰিবেশনো কৰে৷ পিছে কলপাতত ভাত খালে কি লাভ হয় এই লৈ বিস্তৰ গৱেষণাও হৈছিল৷ গৱেষকসকলৰ ভিন্ন ভিন্ন মত হ’লেও সকলোৱে স্বীকাৰ কৰি লৈছে যে কলপাতত পলিফেলন জাতীয় উপাদান বিদ্যমান৷ যেতিয়াই আমি কলপাতত ভাত খাওঁ তেতিয়া খাদ্যৰ সৈতে এই উপাদান আমাৰ শৰীৰে পোনে পোনে লাভ কৰে৷ ই এণ্টিঅক্সিডেণ্ট হিচাপত কাম কৰে৷ কলপাতত দৈনিক ভাত খালে পাকস্থলীও সুস্থ থকাৰ সম্ভাৱনা যথেষ্ট বেছি৷ কলপাতৰ এই এণ্টিঅক্সিডেণ্টে শৰীৰ ভিতৰত থকা টক্সিক পদাৰ্থ নিষ্কাষণ কৰে, যাৰ ফলত আমাৰ গাৰ ছাল উজ্জল আৰু পৰাত সহায়ক হয়৷ দক্ষিণ ভাৰতৰ বিশেষকৈ কেৰালাৰ লোকসকলে দেহৰ ছাল পৰিচৰ্যাত কলপাত ব্যৱহাৰ কৰা পৰম্পৰাটো বহু পুৰণি৷ পলিফেনল আৰু আল’এণ্টাইনে পেটৰ ৰোগৰ পৰা সকাহ দিয়াত মুখ্য ভূমিকা লয়৷ অকল এয়াই নহয়, ৰোগ প্ৰতিৰোধ ক্ষমতা আৰু ভাইৰাছজনিত ৰোগৰ পৰা ৰক্ষা পাব পাৰি কলপাতত ভাত খায়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ