ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰাৰ লগে লগে সামাজিক মাধ্যমত যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ বিভিন্ন ফ’টো আৰু ভিডিঅ’ ভাইৰেল হৈছে৷ এই ফ’টো আৰু ভিডিঅ’সমূহত যুদ্ধ বীভৎসতাৰ প্ৰকাশ পাইছে৷
এই অসংখ্য ফ’টোৰ মাজত এখন ফ’টোৱে যোৱা ৩৬ ঘণ্টাত বিশেষভাৱে চৰ্চা লাভ কৰিছে৷ সৰ্বাধিক চৰ্চা লাভ কৰা ফ’টোখন হৈছে ৰক্তাক্ত মুখায়ৱৰ ক্ৰন্দৰত এটি শিশুৰ৷
ৰক্তাক্ত মুখমণ্ডলৰ ক্ৰন্দৰত শিশুটিৰ ফ’টোখন সামাজিক মাধ্যমত শ্বেয়াৰ কৰি বিভিন্নজনে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক উদ্দেশ্যি কৈছে, ‘‘ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ আটাইতকৈ হৃদয় বিদাৰক ছবি৷ মানৱতাৰ স্বাৰ্থতে পুটিনে যুদ্ধ বন্ধ কৰা উচিত৷’’
সামাজিক মাধ্যমত এই ফ’টোখন ব্যাপকভাৱে ভাইৰেল হৈ চৰ্চা লাভ কৰাৰ পিছতে ফ’টোখনৰ সত্যতাকলৈ প্ৰশ্নৰ উত্থাপন হৈছে৷ প্ৰকৃততে এই ফ’টোখন ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ ফ’টো হয়নে?
ফ’টোখনৰ উৎসৰ সন্ধান কৰি জানিব পৰা গৈছে যে এইখন ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ ফ’টো নহয়৷ এই ফ’টোখন হৈছে ছিৰিয়াৰ গৃহযুদ্ধ সময়ৰ ফ’টো৷ ছিৰিয়া যুদ্ধৰ সময়ত এই ফ’টোখনসহ যুদ্ধ বিধ্বস্ত বিভিন্ন ফ’টো সামাজিক মাধ্যমত ভাইৰেল হৈছিল৷ যুদ্ধ বিধ্বস্ত ছিৰিয়াৰ ক্ৰন্দৰত ৰক্তাক্ত বহু শিশুৰ ফ’টো সেই সময়তে ভাইৰেল হৈছিল৷
বৰ্তমান বহু চৰ্চিত এই ফ’টোখন তিনিবছৰ পূৰ্বে সামাজিক মাধ্যমত ভাইৰেল হৈছিল৷ ফ’টোখন প্ৰথমে ২০১৮ চনৰ ৯ নৱেম্বৰত টুইটাৰ যোগে ভাইৰেল হোৱা বুলি কোৱা হৈছে৷
অৱশ্যে ইয়াৰ পিছত ২০১৯ৰ ৮ জুলাইত এঞ্জেলা নামৰ এটা টুইটাৰ হেণ্ডলত বহুকেইখন যুদ্ধ বিধ্বস্ত ছিৰিয়াৰ ক্ৰন্দৰত ৰক্তাক্ত শিশুৰ ফ’টো শ্বেয়াৰ কৰা হৈছিল৷ টুইটটোত উক্ত ফ’টোখন মাম্বেল গাঁৱৰ এটি শিশু বুলি দাবী কৰা হৈছিল য’ত ৭ টি শিশুৰ মৃত্যু হৈছিল৷
Only in this year 140 children killed in northwest #Syria. 7 children killed YESTERDAY in #Mhambel village. What the value of victory in #war when innocent children killed ??? They are our children, my and your !!!
#NeverATarget #ENDViolence #NotATarget #ChildrenUnderAttack pic.twitter.com/Q0bNsxCBOv— Anzhela (@ANZHELA_YAN) July 8, 2019
বৰ্তমান ৰাছিয়াৰ আক্ৰমণত বিধ্বস্ত ইউক্ৰেইনৰ ৰক্তাক্ত শিশুৰ দাবীৰে সামাজিক মাধ্যমত ভাইৰেল হৈ চৰ্চা লাভ কৰা এই ফ’টোখন যে প্ৰকৃতে ছিৰিয়া যুদ্ধৰহে ফ’টো সেইটো নিশ্চিত হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ