সম্প্ৰতি পুৰী জগন্নাথ মন্দিৰলৈ পূজা কৰিবলৈ গৈছিল বিজেপি সাংসদ আৰু অভিনেত্ৰী হেমা মালিনী৷ কিন্তু মন্দিৰত হেমাৰ প্ৰৱেশ নিয়ম বহিৰ্ভূত৷ তেওঁ জগন্নাথ মন্দিৰত পূজা কৰিবলৈ যোৱাটো ধৰ্মীয় ভাৱাবেগত আঘাত হোৱা৷ সেয়ে অভিনেত্ৰীৰ বিৰুদ্ধে সিংহদ্বাৰ থানাত অভিযোগ দাখিল কৰিলে জগন্নাথ সেনা দল নামৰ ধৰ্মীয় সংগঠনটোৱে৷
পুৰী জগন্নাথ সেনা দল সংগঠনৰ দাবী, নিয়ম ভাঙিছে অভিনেত্ৰীয়ে৷ এজন মুছলমান অভিনেতাক বিয়া কৰাই ধৰ্মান্তৰিত হৈছে তেওঁ৷ সংগঠনৰ দাবী অভিনেত্ৰীৰ উপস্থিতিত সনাতম ধৰ্মীয় সম্প্ৰদায়ৰ ধৰ্মীয় ভাৱাবেগত আঘাত লাগিছে৷ হেমাৰ বিৰুদ্ধে যি অভিযোগ দাখিল কৰা হৈছে তাত উল্লেখ কৰা হৈছে যে ১৯৭৯ চনৰ ২১ আগষ্টত মুম্বাইত ফয়জাবাদৰ এক মছজিদত ইছলাম ধৰ্ম গ্ৰহণ কৰিছে অভিনেত্ৰীগৰাকীয়ে৷ কাৰণ সেই সময়ত ধৰ্মেন্দ্ৰ বিবাহিত আছিল৷
প্ৰথম স্ত্ৰীৰ নাম প্ৰকাশ কৌৰ৷ আইনী বিচ্ছেদ নকৰাকৈয়ে হেমাক বিয়া কৰাই ধৰ্মেন্দ্ৰই৷ হিন্দু বিবাহ আইন অনুসৰি কোনোধৰণেই দ্বিতীয় বিবাহ কৰোৱা সম্ভৱ নাছিল অভিনেতাৰ পক্ষে৷ সেয়ে ইছলাম ধৰ্ম গ্ৰহণ কৰে৷ খবৰ অনুসৰি তেতিয়াই ধৰ্মান্তৰিত হবলগীয়া হৈছিল হেমাইয়ো৷ সেই হেমাই নিয়ম নামানি জগন্নাথ মন্দিৰত প্ৰৱেশ কৰাৰ পাছতেই জগন্নাথ সেনা দৰে অভিযোগ দাখিল কৰিছে হেমাৰ বিৰুদ্ধে৷ ঘটনাক লৈ এতিয়া পৰ্যন্ত অৱশ্যে মথুৰাৰ বিজেপি সাংসদ হেমাই কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ