অসম লাইভ২৪ঃ এই বিবাহ আন বিবাহৰ দৰে নহয়৷ সাধাৰণ বিয়াতকৈ সম্পূৰ্ণ পৃথক এখন বিয়া৷ এই বিয়া কেৱল এজন পুৰুষ আৰু এগৰাকী নাৰীৰ জীৱনৰ নতুন আৰম্ভনিয়েই নহয়, এই বিবাহে কঢ়িয়াইছে সমাজৰ সকলো স্তৰৰ ব্যক্তিলৈকে বিশেষ বাৰ্তা৷ এইছআইভি সাধাৰণ ৰোগৰ দৰেই এক ৰোগ সেই কথাকেই প্ৰমাণ কৰি দেখুওৱাইছে নৱদম্পতিহালে৷ এইছআইভিকো সাধাৰণ ৰোগৰ দৰেই সঠিক চিকিৎসাৰ দ্বাৰা নিয়ন্ত্ৰণত ৰাখিব পাৰি সেই বাৰ্তাই প্ৰেৰণ কৰিছে সুনীতা আৰু সৌমিত্ৰই৷
বৈদিক মন্ত্ৰোচ্ছাৰণ, পুষ্পবৃষ্টিৰ মাজেৰে সাতোজনমলৈ একেলগে থকাৰ বাবে শপত ল’লে সৌমিত্ৰ-সুনীতাই৷ সুনীতা জন্মৰে পৰাই এইছআইভি পজিটিভ৷ এখন বিশেষ আশ্ৰমত ডাঙৰ-দীঘল হোৱা সুনীতাৰ পিতৃ-মাতৃৰো এইছআইভিতেই মৃত্যু হৈছিল৷ আনহাতে সৌমিত্ৰও এগৰাকী এইছআইভি ৰোগীয়েই৷ সৰুতেই ডিপথেৰিয়াৰ বেজী ল’বলৈ যাওতে ছিৰিঞ্জৰ পৰাই এইআইভি তেওঁৰ দেহলৈ সংক্ৰমিত হয়৷ সৌমিত্ৰ-সুনীতা দুয়োৱেই প্ৰতিমাহে চিকিৎসাৰ বাবে একেখন চিকিৎসালয়লৈকে যায়৷ হাস্পতালখনতেই দুয়োৰে মাজত চিনাকি, তাৰপাছত বন্ধুত্ব৷ বন্ধুত্বই পাছলৈ ৰূপ ল’লে প্ৰেমৰ৷ এই প্ৰেমেই দেওবাৰে সন্ধিয়া পূৰ্ণতা পায়৷
উৰুলি ধ্বনি, মন্ত্ৰোচ্ছাৰণৰ মাজেৰে দুয়োৱে আৰম্ভ কৰিছে সংসাৰ৷ এইছআইভি পজিটিভ সুনীতা-সৌমিত্ৰৰ মনকেইটাও পজিটিভ৷ এই বিবাহত ভাগ লোৱা প্ৰতিগৰাকী ব্যক্তিয়েই দুয়োকে উপচায় পেলালে আশীৰ্বাদেৰে৷ বিবাহৰ ফটো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ লগে লগেই একাংশ নেটিজেনে কৈছে, এয়া সমাজলৈ শুভ বাৰ্তা৷ দুয়োৱে সঠিক চিকিৎসা পালে দুয়োৰে পৰা আহিবলগীয়া ভৱিষ্যত প্ৰজন্ম কিন্তু এইছআইভি পজিটিভ ৰোগী নহবও পাৰে৷ এইছআইভি আক্ৰান্তসকলক এঘৰীয়া নকৰি তেওঁলোককো সমাজৰ অংশ কৰি ল’বলৈ আহ্বান জনাইছে বিবাহ আয়োজন কৰা সংস্থাটোৱেও৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ