ইউক্ৰেইনক NATOত অন্তৰ্ভুক্তকৰণ প্ৰক্ৰিয়া বন্ধ নকৰিলে আৰু যুদ্ধ বিধ্বস্ত ইউক্ৰেইনে আলোচনাত অংশ নল’লে পাৰমাণৱিক অস্ত্ৰৰে ইউক্ৰেইন আক্ৰমণ কৰাৰ হুংকাৰ প্ৰদান কৰিছে ৰুছ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে৷
আমেৰিকা আৰু পশ্চিমীয়া NATOৰ মিত্ৰ বাহিনীক হুংকাৰ দি ৰাষ্ট্ৰপতি পুটিনে কয় যে ‘‘তেওঁলোকে কেতিয়াও নেদেখা পৰিণাম দেখিবলৈ পাব৷’’
ইয়াৰ পিছতে ৰাছিয়াৰ হাতত কিমান আৰু কি কি পাৰমাণৱিক অস্ত্ৰ মজুত আছে তাকে লৈ বিশ্বজুৰি ব্যাপক চৰ্চা লাভ কৰিছে৷
আৰ্মছ কণ্ট্ৰল এচ’ছিয়েশ্যন-এ দাবী কৰা মতে ৰাছিয়াৰ হাতত ইন্টাৰকন্টিনেন্টেল বালাষ্টিক মিছাইল আৰু ICBM আদি পাৰমাণৱিক অস্ত্ৰ মজুত আছে৷ এই পাৰমাণৱিক অস্ত্ৰসমূহে হাজাৰ হাজাৰ মাইল লক্ষ্যস্থান ভেদিবলৈ সক্ষম৷
ইফালে ৰাছিয়াৰ নৌবাহিনীৰ হাতত ট্ৰিডেন্ট ক্লাছ পাৰমাণৱিক চাবমেৰিণ, ভানগাৰ্ড আদিও মজুত আছে৷ এতিয়া প্ৰশ্ন হৈছে ৰাছিয়াৰ হাতত কিমান পৰিমাণৰ পাৰমাণৱিক অস্ত্ৰ মজুত আছে?
আৰ্মছ কণ্ট্ৰল এচ’ছিয়েশ্যন-ৰ মতে বিশ্বৰ ভিতৰত ৰাছিয়াৰেই সৰ্বাধিক পৰিমাণৰ পাৰমাণৱিক অস্ত্ৰ মজুত আছে৷
আৰ্মছ কণ্ট্ৰল এচ’ছিয়েশ্যন-ৰ তথ্য অনুসৰি ৰাছিয়াৰ হাতত মুঠ ৬,২৫৭ টা পাৰমাণৱিক অস্ত্ৰ মজুত আছে৷ ইয়াৰ বিপৰীতে আমেৰিকাৰ ৫,৫৫০ টা, চীনৰ ৩৫০ টা, ফ্ৰান্সৰ ২৯০ টা, ব্ৰিটেইনৰ ২২৫ টা, পাকিস্তানৰ ১৬৫ টা, ভাৰতৰ ১৫৬ টা, ইজৰাইলৰ ৯০ টা আৰু দক্ষিণ কোৰিয়াৰ হাতত ৪০ টা পাৰমাণৱিক অস্ত্ৰ মজুত আছে৷
আনহাতে যুদ্ধ বিধ্বস্ত ইউক্ৰেইনৰ হাতত এটাও মজুত নাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ