২০২৩ চনৰ ভিতৰত ভাৰতত হাইড্ৰ’জেন চালিত ৰে’ল সেৱাৰ আৰম্ভ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷ বিদ্যুৎ আৰু ইন্ধন ৰাহি কৰাৰ স্বাৰ্থত চৰকাৰে হাইড্ৰ’জেন চালিত ৰে’লত গুৰুত্ব প্ৰদান কৰিছে। চৰকাৰে অনাগত সময়ত ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতা দূৰ কৰাৰ চেষ্টাৰ লগতে সেউজ হাইড্ৰ’জেন ব্যৱহাৰে কাৰ্বন নিৰ্গমন হ্ৰাস কৰাৰ লক্ষ্যৰে দেশত এই ৰে’ল সেৱা প্ৰচলন কৰাৰ বাবে উদ্যোগ গ্ৰহণ কৰিছে।
উল্লেখ্য যে এতিয়ালৈকে বিশ্বৰ কেৱল জাৰ্মানীয়েহে হাইড্ৰ’জেন চালিত ৰে’ল নিৰ্মাণ কৰিছে। চলিত বছৰত জাৰ্মানীয়ে বিশ্বৰ প্ৰথম হাইড্ৰ’জেন চালিত যাত্ৰীবাহী ৰে’ল মুকলি কৰিছে। আনহাতে ফ্ৰান্সৰ কোম্পানী Alstom-এ প্ৰায় ৯২ মিলিয়ন ডলাৰ ব্যয়েৰে হাইড্ৰ’জেন ফিউৱেল চেল ড্ৰাইভৰ সৈতে ১৪ খন ৰে’ল নিৰ্মাণ কৰিছে।
আনহাতে, ইয়াৰ মাজতে যোৱা মাহত পুনেত কেপিআইটি-চিএছআইআৰে প্ৰস্তুত কৰা প্ৰথমখন থলুৱা হাইড্ৰ’জেন ইন্ধনৰ বাছ ভাৰতত চলিবলৈ আৰম্ভ কৰিছিল।
লগতে পঢ়ক সকাহ লাভ ভিক্টৰ দাসৰ! জামিন মঞ্জুৰ কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে
হাইড্ৰ’জেন চালিত ৰে’লত প্ৰয়োজন হোৱা শক্তি এটা ইন্ধন চেলৰ জৰিয়তে যোগান ধৰা হয়, যিয়ে ৰে’লৰ ছাদত জমা হৈ থকা হাইড্ৰ’জেনক বায়ুত থকা অক্সিজেনৰ সৈতে সংযুক্ত কৰি শক্তি সৃষ্টি কৰা হয়। এই প্ৰক্ৰিয়াত কোনো ধৰণৰ কাৰ্বন-ডাই-অক্সাইড নিৰ্গত নহয়।
হাইড্ৰ’জেন ইন্ধন চেল ৰে’লে ঘণ্টাত সৰ্বোচ্চ ১৪০ কিলোমিটাৰ গতিৰে ১০০০ কিলোমিটাৰ পৰ্যন্ত দীঘলীয়া দূৰত্ব অতিক্ৰম কৰিব পাৰে। ই বৈদ্যুতিক ৰে’লতকৈ দহগুণ বেছি দূৰত্ব অতিক্ৰম কৰে আৰু লগতে ইন্ধন ভৰোৱাৰ বাবেও বেছি সময় নালাগে। ২০ মিনিটত ১৮ ঘণ্টাৰ দূৰত্ব অতিক্ৰম কৰিব পৰাকৈ যথেষ্ট পৰিমাণৰ ইন্ধন ভৰাই ল’ব পাৰি।
হাইড্ৰ’জেন চালিত ৰে’লবোৰ আৰামদায়ক। চলি থকাৰ সময়ত বেছি শব্দও নিৰ্গত নহয়। ই প্ৰদূষণৰ সমস্যাও দূৰ কৰিব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ