অসম লাইভ২৪ঃ ভাৰতৰ ক্ৰিকেট বিশ্বত গুঞ্জৰিত হৈছে এতিয়া এটাই নাম ৰিয়ান পৰাগ। কেৰিয়াৰৰ শততম টি-২০ মেচ কেৱল জয়েৰেই স্মৰণীয় কৰিছে তেনে নহয়। দলক জয়ী কৰোৱা ব্যক্তি হিচাপেও নিজৰ পৰিচয় তুলি ধৰিলে ৰিয়ানে। বৃহস্পতিবাৰে জয়পুৰত ৰিয়ানৰ ৭টা ফৰ আৰু ৬টা ছিক্সৰ সহায়ত ৪৫ বলত ৮৪ ৰানৰ দুৰ্দান্ত ইনিংছ খেলি ৰাজস্থান ৰয়েলছক জয়ৰ সোৱাদ দিলে ৰিয়ানে।
মেচৰ অন্তত ৰিয়ান পৰাগে ৰখা বিশেষ মন্তব্য এতিয়া সমগ্ৰতে ভাইৰেল। ৰিয়ানে কয় যে, মেচৰ আগৰ তিনিদিন তেওঁ বিছনাৰ পৰাই উঠিব পৰা নাছিল। পেইন কিলাৰ খাইহে তেওঁ মেচত নামিছে। দিল্লী কেপিটেলছৰ বিৰুদ্ধে যেনেতেনে হে মেচত নামিছিল ৰিয়ান। দিল্লী কেপিটেলছৰ বিৰুদ্ধে খেলা মেচৰ পূৰ্বে পৰ্যাপ্ত অনুশীলনো কৰিব পৰা নাছিল ৰিয়ানে। অসুস্থতাক নেওচি তেওঁ ৰাজস্থান ৰয়েলছৰ হৈ মেচত নামে। আৰু এই মেচেই হৈ উঠিল তেওঁৰ ক্ৰিকেট কেৰিয়াৰত বৰ্তমানলৈকে খেলা সৰ্বশ্ৰেষ্ট খেল।
প্লেয়াৰ অৱ দ্যা মেচ হাতত তুলি ৰিয়ানে কয়, ‘আৱেগক নিয়ন্ত্ৰণ কৰিবলৈ শিকিছো। মোৰ মা ইয়াতেই আছে। মোৰ এই সফলতাৰ বাবে মায়ে মোৰ সৈতে দিনে নিশাই কষ্ট কৰিছে। বিগত ৩-৪ বছৰ ধৰি মাৰ কষ্ট মই দেখি আছো। মাৰ কষ্ট কাঢ়ি লোৱাৰ ক্ষমতা মোৰ নাই। বেয়া খেলো বা ভাল খেলো মা কাষত থাকে। বেয়া সময়, ভাল সময় যিয়েই নহওক মই নিজক নিয়ন্ত্ৰণ কৰিবলৈ শিকিছো। আজিৰ এই খেলত যদি কিবা অলপ কৰিছো ইয়াৰ আঁৰত আছে দলটোৰো বিশেষ সাহায্য।’
উল্লেখ্য যে বৃহস্পতিবাৰে জয়পুৰত দিল্লী কেপিটেলছক ১২ ৰানত হৰুৱাই ৰাজস্থান ৰয়েলছে। আৰম্ভণিতে বেটিঙৰ সিদ্ধান্ত লৈ ৰাজস্থানে নিৰ্ধাৰিত ২০ অভাৰত ৫ উইকেটৰ বিনিময়ত ১৮৫ ৰান সংগ্ৰহ কৰে। ৰিয়ানৰ ৮৪ ৰানৰ ওপৰিও ৰাজস্থানৰ হৈ অশ্বিনে ১৯ বলত ২৯ ৰান সংগ্ৰহ কৰে। ৰাজস্থানৰ বিপৰীয়ে দিল্লী কেপিটেলছে বেট ধৰি ২০ অভাৰত ৫ উইকেট হেৰুৱাই ১৭৩ ৰানতেই সীমাবদ্ধ থাকে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ