ICCৰ বৰ্ষশ্ৰেষ্ঠ মহিলা ক্ৰিকেটাৰ- নিউডিলেণ্ডৰ অলৰাউণ্ডাৰ তাৰকাই আঁজুৰিলে বঁটা
২০২৪ বৰ্ষৰ শ্ৰেষ্ঠ মহিলা ক্ৰিকেটাৰৰ নাম ঘোষণা কৰিছে আই চি চিয়ে। নিউজিলেণ্ডৰ তাৰকা অলৰাউণ্ডাৰ আমেলিয়া কাৰে এই বঁটা লাভ কৰিছে। এই বঁটা লাভ কৰা খেলুৱৈজনক ৰেচেল হেহো ফ্লিণ্ট ট্ৰফী প্ৰদান কৰা হয়। এই বঁটা লাভ কৰা নিউজিলেণ্ডৰ প্ৰথমগৰাকী মহিলা ক্ৰিকেটাৰ হিচাপে পৰিগণিত হয় আমেলিয়া।
এই বঁটাৰ বাবে ২৪ বছৰীয়া আমেলিয়াই এল উলভাৰ্ড, চামাৰী আটাপাট্টু আৰু এনাবেল চাথাৰলেণ্ডক পৰাস্ত কৰে। আমেলিয়া কেৱল ৰেচেল হেহ’ ফ্লিণ্ট ট্ৰফী লাভ কৰা নিউজিলেণ্ডৰ প্ৰথমগৰাকী ক্ৰিকেটাৰ নহয়, যিকোনো শাখাতে আইচিচিৰ বছৰৰ মহিলা ক্ৰিকেটাৰ বঁটা লাভ কৰা প্ৰথমগৰাকী কিউই খেলুৱৈ।
২০২৪ চনত খেলৰ প্ৰতিটো দিশতে পাৰদৰ্শিতা দেখুৱাই বিশ্বমানৰ অল ৰাউণ্ডাৰ হিচাপে নিজৰ সম্ভাৱনা প্ৰদৰ্শন কৰিছিল। তেওঁৰ উৎকৃষ্ট ফিল্ডিঙে নিউজিলেণ্ডৰ হৈ বহু ৰান ৰক্ষা কৰাৰ বিপৰীতে লেগ স্পিনাৰ হিচাপে তেওঁৰ দক্ষতাই তেওঁক বিশ্বৰ অন্যতম বিপজ্জনক ষ্ট্ৰাইক বলাৰ হিচাপে প্ৰতিষ্ঠা কৰিছিল।
বলৰ সমানে সমানে বেটেৰেও উজলি উঠিছিল আমেলিয়া। নিউজিলেণ্ডৰ মিডল অৰ্ডাৰৰ মেৰুদণ্ড আছিল আমেলিয়া। দলটোক বহু কঠিন পৰিস্থিতিৰ পৰা মেছ উদ্ধাৰ কৰোতাৰ ৰূপত জয়ী কৰাইছিল আমেলিয়াই।
উল্লেখ্য যে, ২০১৭ চনত প্ৰতিষ্ঠা কৰা হৈছিল এই ৰেচেল হেহো ফ্লিণ্ট ট্ৰফী। আমেলিয়াৰ পূৰ্বে মাত্ৰ তিনিগৰাকী খেলুৱৈকহে দিয়া হৈছিল এই বঁটা। ইয়াৰ ভিতৰত আছে অষ্ট্ৰেলিয়াৰ এলিজ পেৰী, ভাৰতৰ স্মৃতি মান্ধনা আৰু ইংলেণ্ডৰ নেট ছিভাৰ ব্ৰুণ্ট। তিনিওগৰাকী খেলুৱৈয়ে দুবাৰকৈ এই বঁটা লাভ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ