অসম লাইভ২৪ঃ দেশত তৈয়াৰ হোৱা কৰ’না টিকা কভাক্সিনৰ দীৰ্ঘম্যাদি পাৰ্শ্বপ্ৰতিক্ৰিয়া সংক্ৰান্তীয় অভিযোগ খাৰিজ কৰিছে কেন্দ্ৰীয় চৰকাৰৰ সংস্থা ‘ইণ্ডিয়ান কাউন্সিল ফৰ মেডিকেল ৰিচাৰ্ছ(ICMR)য়ে৷ এই বিষয়টোক লৈ তেওঁলোকে টাৰ্গেট কৰি লৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কেন্দ্ৰীয় বেনাৰস হিন্দু বিশ্ববিদ্যালয়ক৷ কাৰণ সেই বিশ্ববিদ্যালয়ৰ গৱেষকসকলে এই সংক্ৰান্তীয় গৱেষণাৰ অন্তত এটা ৰিপৰ্ট দাঙি ধৰিছিল৷
সোমবাৰে ICMRৰ ডাইৰেক্টৰ ৰাজীৱ বহালে কয়, ‘যি পদ্ধতিত তথ্য সংগ্ৰহ আৰু গৱেষণাৰ কাম চলোৱা হৈছে তাত গুৰুতৰ ত্ৰুটি আছে৷ তেওঁলোকৰ দাবী, একতৰফীয়া তথ্য সংগ্ৰহ কৰি বিএইছইউৰ গৱেষকে কভাক্সিন লোৱা ব্যক্তিৰ দেহৰ দীৰ্ঘম্যাদি প্ৰতিক্ৰিয়াৰ কথা প্ৰকাশ কৰিছে৷ তেওঁলোকে সেই সময়সীমাৰ মাজত কভাক্সিন নোলোৱা ব্যক্তি পৰা কোনো তথ্যই সংগ্ৰহ কৰা নাই৷ শাৰীৰিক সমস্যাক লৈ কোনো তুলনামূলক পৰিসংখ্যা দাঙি কৰা নাই৷’ ইয়াৰ বাবে বিএইছইউৰ গৱেষকসকলে ক্ষমাপ্ৰাৰ্থনাৰ দাবীও কৰিছে ৰাজীৱ বহালে৷
বিএইছইউৰ গৱেষকসকলে পেছ কৰা ৰিপৰ্টত কোৱা কৈছে যে, কভাক্সিন যিসকলে লৈয়ে তেওঁলোকৰ ৯২৬ জনৰ ওপৰত এবছৰ পৰ্যবেক্ষণ চলোৱা হৈছিল৷ বিজ্ঞানীসকলৰ দাবী, এওঁলোকৰ মাজত ৩০শতাংশৰ দেহত শ্বাসকষ্টৰ পৰা আৰম্ভ কৰি চৰ্মৰোগ, ষ্ট্ৰোক, গিলান বাৰি ছিণ্ড্ৰম আৰু মূৰত তেজ জমা হোৱা আদি পাৰ্শ্বক্ৰিয়াই দেখা দিছে৷ এই অৱস্থাক চিকিৎসা বিজ্ঞানৰ ভাষাত কোৱা হয় এডভাৰ্ছ ইভেণ্ট অৱ স্পেছিয়েল ইণ্টাৰেষ্ট বা এইএছআই৷ ইয়াৰোপৰি মহিলাসকলৰ মাজত ঋতুস্ৰাৱজনিত নানান জটিলতাইয়ো দেখা দিছে৷ ভাৰতত কভিড ১৯ৰ মোকাবিলাত কেন্দ্ৰীয় চৰকাৰৰ উদ্যোগত দুটা কভাক্সিন টিকা দিয়া হৈছিল দেশবাসীক৷ বিএইছইউৰ গৱেষকে জনোৱা অনুসৰি সমীক্ষাত অংশ লৈছিল ৬৩৫ জন নাৱালক আৰু ২৯১ জন প্ৰাপ্তবয়স্কই৷
গৱেষণাৰ অন্তৰ্ভুক্ত ৬৩৫ জনৰ ৪.৭ শতাংশ কিশোৰ-কিশোৰীৰ মাজত স্নায়ুৰোগ, ১০,৫ শতাংশ কিশোৰ-কিশোৰীৰ মাজত চৰ্মৰোগ আৰু ১০.২ শতাংশ কিশোৰ-কিশোৰীৰ নানান শাৰীৰিক সমস্যাই দেখা দিছে৷ ইয়াৰোপৰি ২৯১ জন প্ৰাপ্তবয়স্কৰ মাজত সাধাৰণ ব্যাধিত আক্ৰান্ত হৈছে ৮.৯ শতাংশ লোক৷ পেশী আৰু হাড়ৰ সমস্যাই দেখা দিছে ৫.৮ শতাংশৰ মাজত আৰু স্নায়ুৰোগৰ আক্ৰান্ত হৈছে ৫.৫ শতাংশ৷
ইয়াৰোপৰি গুৰুতৰ পাৰ্শ্বক্ৰিয়া দেখা গৈছে কভাক্সিন লোৱা মহিলাসকলৰ ক্ষেত্ৰত৷ গৱেষণাত অংশগ্ৰহণকাৰীৰ ৪.৬শতাংশ মহিলাৰ দেহত ভেকছিনৰ প্ৰভাৱত ঋতুস্ৰাৱজনিত নানান সমস্যাই দেখা দিছে৷ ইয়াৰোপৰি ২.৭শতাংশ মহিলাৰ চকুৰ সমস্যাই দেখা দিছে৷ ০.৬ শতাংশৰ মাজত হাইপথাইৰয়েডিজমৰ সমস্যাই দেখা দিছে৷ ০.৩ শতাংশৰ ষ্ট্ৰোক আৰু ০.১ শতাংশৰ মাজত গিলান বাৰি ছিণ্ড্ৰমে দেখা দিছে৷ এয়া এক বিৰল ৰোগ যাৰ প্ৰভাৱত দেহৰ অংগসমূহ ধীৰে ধীৰে অক্ষম হৈ উঠে৷
সম্প্ৰতি অক্সফৰ্ড বিশ্ববিদ্যালয় আৰু ব্ৰিটিছ-ছুইডিছ ঔষধ প্ৰস্তুতকাৰী সংস্থা এষ্ট্ৰাজেনেকাই তৈয়াৰ কৰা প্ৰতিষেধক এজেডডি ১২২২ৰ(ভাৰতীয় নাম কভিছিল্ড)ৰ বিৰুদ্ধেও অভিযোগ উঠিছিল যে এই টিকাই বহু মানুহৰ ক্ষতি কৰিছে আনকি বহুলোকে প্ৰাণো হেৰুৱাইছে৷ একাধিক গোচৰো তৰা হৈছে এই সংস্থাৰ বিৰুদ্ধে৷ ইয়াৰ পাছতেই এই প্ৰতিষেধক বিক্ৰীত নিষেধাজ্ঞাও অনা হৈছে৷ কভিছিল্ডৰ পাৰ্শ্বক্ৰিয়া থকাৰ কথাও স্বীকাৰ কৰি লৈছে সেই সংস্থাটোৱে৷ সংস্থাই জনাইছে এ তেঁওলোকে তৈয়াৰ কৰা প্ৰতিষেধকৰ কাৰণে বিৰল ৰোগ থ্ৰম্বোচিচ উইথ থ্ৰম্বোচাইটোপেনিয়া ছিনড্ৰমত আক্ৰান্ত হোৱাৰ আশংকা আছে৷ এই ৰোগত আক্ৰান্ত হ’লে তেজত অনুচক্ৰিকাৰ পৰিমাণ কমি যায় আৰু তেজ গোট মাৰিব ধৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ