অসম লাইভ২৪ঃ দীপাৱলীলৈ মাজত মাত্ৰ চাৰি দিন। আগন্তুক ১০ নৱেম্বৰত ধন তেৰছ বা ধন ত্ৰয়োদশীৰ দিনৰ দিনৰ পৰা আৰম্ভ হ’ব দীপাৱলীৰ উৎসৱ। দীপাৱলী উপলক্ষ্যে প্ৰায় ব্যক্তিয়েই ঘৰ চফা কৰাৰ কাম হাতত লৈছে। ঘৰ পৰিস্কাৰ কৰিবলৈ গৈ বহুতেই ঘৰত এনে কিছু সামগ্ৰী লাভ কৰে যিসমূহ সামগ্ৰী ঘৰত আছিল বুলি মনতেই নাথাকে বহুতৰে। জ্যোতিষ অনুসৰি ঘৰ পৰিস্কাৰ কৰিবলৈ গৈ পাহৰি থকা সামগ্ৰী লাভ কৰাটো শুভ লক্ষণ। মা লক্ষ্মীৰ কৃপা আছে তেনে ব্যক্তিৰ ওপৰত। দীপাৱলীত ঘৰ পৰিস্কাৰ কৰোতে কি কি সামগ্ৰী লাভ কৰাটো শুভ লক্ষণ?
কড়ি
পূৰ্বে কড়িৰেই সকলো ক্ৰয় বিক্ৰয় চলিছিল। কড়িৰ ব্যৱহাৰ বহুকাল পূৰ্বেই উঠি গৈছে। কিন্তু এতিয়াও বহু লোকে লক্ষ্মীপ প্ৰতীক বুলি ঘৰতেই পুৰণি কড়ি ৰাখি থয়। বহুতৰেই ঘৰত পুৰণা বাকচ আদিত কড়ি থাকে। ঘৰ পৰিস্কাৰ কৰাৰ সময়ত কড়ি লাভ কৰাটো অত্যন্ত শুভ বুলি ধৰা হয়। ইয়াৰ ফলত আৰ্থিক সংকটৰ পৰা মুক্তি লাভ কৰিব।
পুৰণি পইছা
৫ পইছা, ১০ পইছা, ২৫ পইছাৰ ব্যৱহাৰ বহুকাল পূৰ্বেই শেষ হৈছে। তথাপিও কিন্তু বহুতৰ ঘৰতেই এতিয়াও এইসমূহ মুদ্ৰা আছে। ঘৰ চাফা কৰোতে এই ধৰণৰ পুৰণি পইছা হাতলৈ অহাটো শুভ। দীপাৱলীৰ পূৰ্বেই পুৰণি পইছা বিচাৰি পোৱাটো শুভ। ইয়াৰ অৰ্থ মা লক্ষ্মীৰ আশীৰ্বাদ আপোনাপ ওপৰত আছে।
ৰঙা কাপোৰ
দীপাৱলীৰ পূৰ্বে ঘৰ পৰিস্কাৰ কৰোতে ৰঙা কাপোৰৰ টুকুৰা বা ৰঙা কাপোৰৰ থান পোৱাটোও শুভ। কাৰণ ঘৰত এনেধৰণৰ ৰঙা কাপোৰ থকাৰ অৰ্থ হৈছে আপোনাৰ প্ৰতি লক্ষ্মী তুষ্ট। তেওঁৰ আশীৰ্বাদতেই সকলো আৰ্থিক সমস্যাৰ সমাধান হ’ব।
দীপাৱলীৰ পূৰ্বে ঘৰ চফা কৰোতে কিছু সামগ্ৰী পেলাই দিয়াটোৱেই শ্ৰেয়। যেনে বন্ধ ঘড়ী, ভঙা মূৰ্তি, চিঙা জোতা আদি ঘৰৰ ভিতৰত ৰাখিব নালাগে। ইয়াৰ ফলত আপোনাৰ ঘৰত নিগেটিভ এনাৰ্জী বৃদ্ধি পায়। ঘৰত লক্ষ্মীৰ প্ৰৱেশত বাধা আহে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ