অহা ২৬ মাৰ্চৰ পৰা ২০২২ বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ অনুষ্ঠিত হ’ব৷ ২৬ মাৰ্চত চলিত বৰ্ষৰ প্ৰথমখম মেচ মুম্বাইৰ ৱাংখেড়ে ষ্টেডিয়ামত ডিফেণ্ডিং চেম্পিয়ন চেন্নাই ছুপাৰ কিংছ আৰু মুম্বাই ইণ্ডিয়ানছৰ মাজত অনুষ্ঠিত হ’ব৷
ইতিমধ্যে আইপিএলৰ প্ৰস্তুতি তুংগত উঠিছে৷ এইবাৰ আইপিএলত কিছুমান নতুন নিয়ম প্ৰৱৰ্তন কৰা হৈছে৷ তলত নিয়মসমূহ উল্লেখ কৰা হৈছে৷
১. কোভিড-১৯ নিয়মঃ বিগত বছৰ কোভিড পৰিস্থিতিৰ বাবে বিশেষ নিয়ম প্ৰৱৰ্তন কৰা হৈছিল৷ কোভিড-১৯ত আক্ৰান্ত হৈ কোনো দলে ১১ খন খেল খেলিব নোৱাৰিলে বিচিচিআইয়ে নিৰ্দিষ্ট মেচখন পুনৰ অনুষ্ঠিত কৰিবলৈ চেষ্টা কৰাৰ ব্যৱস্থা আছিল। আৰু পুনৰ মেচখন অনুষ্ঠিত নহ’লে মেচখন খেলিব নোৱাৰা দলটোক পৰাস্ত হোৱা বুলি গণ্য কৰি প্ৰতিপক্ষক ২ পইণ্ট প্ৰদান কৰাৰ নিয়ম হৈছিল৷
লগতে পঢ়ক হিজাব বিতৰ্ক : কৰ্ণাটক উচ্চ ন্যায়ালয়ত মুখথেকেচা হিজাব সমৰ্থনকাৰী শিক্ষাৰ্থী
২. আইপিএল ২০২২ৰ নিয়মঃ চলিত বৰ্ষৰ আইপিএলত এই ব্যৱস্থাটো বিচিচিআইয়ে আঁতৰাই দিছে৷ এই নিয়মটো সলনি কৰি এনে পৰিস্থিতিৰ সৃষ্টি হ’লে ইয়াৰ সিদ্ধান্ত গ্ৰহণৰ বাবে আইপিএল কাৰিকৰী সমিতিলৈ প্ৰেৰণ কৰা হ’ব। অৱশ্যে, কোভিড পৰিস্থিতিৰ বাবে কোনো এখন মেচ অনুষ্ঠিত কৰিব নোৱাৰিলে পুনৰ সেই মেচখন অনুষ্ঠিত কৰাৰ চেষ্টা কৰা হ’ব৷
৩. DRSৰ ৰেফাৰেলৰ সংখ্যা বৃদ্ধিঃ ইফালে আইপিএলত DRS পদ্ধতি ৰেফাৰেল সংখ্যা এখেন মেচৰ বাবে প্ৰতিটো দললৈ পূৰ্বৰ ১টাৰ পৰা দুটালৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে৷
৪. নতুন বেটছমেনৰ নিয়মঃ আইপিএল ২০২২ত বিচিচিআইয়ে মেৰিলেব’ণ ক্ৰিকেট ক্লাবৰ (এমচিচি) দ্বাৰা পৰিৱৰ্তিত কেচ আউট হোৱাৰ পিছত নতুন বেটছমেনৰ দিশ সলনি অৰ্থাৎ ক্ৰীজ সলনি কৰিব নোৱাৰা নতুন নিয়মটো বলৱৎ কৰাৰ সিদ্ধান্ত লৈছে। এতিয়া কেচ আউট হোৱাৰ বেটছমেনজনৰ পিছত ক্ৰীজলৈ অহা বেটছমেনেনে ষ্ট্ৰাইক ল’ব লাগিব। অৱশ্যে যদি অ’ভাৰৰ অন্তিম বলত আউট হয় তেন্তে নতুন বেটছমেনজনে ননষ্ট্ৰাইক ষ্টেণ্ডতে থাকিব।
লগতে পঢ়ক ‘বাঘৰ নেগুৰেৰে কাণ খজুৱাই’ কাণত ধৰি উঠা বহা কৰিবলৈ বাধ্য হ’ল বিশ্ববিদ্যালয়ৰ ছাত্ৰী
৪. আইপিএল ২০২২ত চুপাৰ অভাৰ নিয়মঃ বিচিচিআইয়ে সিদ্ধান্ত লৈছে যে কোনো মেচত ড্ৰ হ’লে এইবাৰ চুপাৰ অ’ভাৰৰ ব্যৱস্থা নাথাকিব৷ টাই নিৰ্ণয় কৰিবলৈ পইণ্ট তালিকাত অধিক পইণ্ট থকা দলটোক বিজয়ী ঘোষণা কৰা হ’ব৷
৫. প্লে-অফ আৰু ফাইনেল ভেন্যুঃ আইপিএল ২০২২ৰ লীগ পৰ্যায়ৰ মেচসমূহ মুম্বাই আৰু পুনেৰ বিভিন্ন স্থানত অনুষ্ঠিত হ’ব। অৱশ্যে, বিচিচিআইয়ে ১০ টা দলক জনাইছে যে তেওঁলোকৰ বিবেচনাৰ ভিত্তিত এখন স্থানত আইপিএল প্লে-অফ আৰু ফাইনেল মেচ অনুষ্ঠিত কৰিব পাৰে। আহমেদাবাদক প্লে-অফ আৰু ফাইনেল মেচৰ বাবে প্ৰথম প্ৰছন্দ বুলিও কোৱা হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ