যুদ্ধ বিধস্ত এখন চহৰ, চৌদিশে অভাৱ আৰু অভাৱ৷ শেহতীয়াকৈ অভাৱৰ বাবেই সেই চহৰৰ মহিলাই লৈছে অদ্ভুত সিদ্ধান্ত৷ ভালপোৱা চুলিকোছাও কাটি পেলাবলৈ বাধ্য হৈছে এতিয়া গাজাৰ মহিলাই৷ গাজাৰ শিশু বিশেষজ্ঞ লোৱনা আল আজাইজাৰৰ ওচৰত একাংশ মহিলাই আহি অভিযোগ কৰিছে যে তেওঁলোকৰ হাতত খাদ্যৰ অভাৱেই নহয়, চুলিত ঘঁহা তেল, চেম্পু, আনকি ফণী এখনো নাই৷ যাৰবাবে এতিয়া হেঁপাহৰ চুলিখিনিও তেওঁলোকে কাটি পেলাইছে৷
এখন ফনি নাই ঘৰত৷ নাই এটুপি তেল৷ ১০ মাহে যুদ্ধই সকলোবোৰ কাঢ়ি নিছে তেওঁলোকৰ পৰা৷ কাঢ়ি নিছে স্বাচ্ছন্দ্যৰ সকলো বস্তুৱেই৷ গাজাত ইজৰাইলৰ অৱৰোধৰ অৰ্থ হৈছে চেম্পু, চাবোন, পেড, গৃহ চাফা কৰা সকলো উপকৰণৰেই অভাৱ ঘটিছে৷ বৰ্জ্য সংগ্ৰহ আৰু পুনঃনিষ্কাশন ব্যৱস্থাও ভাঙি পৰিছে৷ ইয়াৰ পৰাই বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটিছে গাজাত৷ পৰিস্কাৰ পৰিচ্ছন্নতাৰ অভাৱত বিভিন্ন খৰ খজুৱতি আদি বাঢ়িব ধৰিছে৷
বিগত সময়ছোৱাত সৰ্বাধিক হাৰত গাজাত বিয়পিছে চৰ্মৰোগ, যাৰ কাৰণে বহুতেই এতিয়া চিকিৎসালয়ত ভিৰ কৰিছে৷ চৰ্মৰোগৰ বহু কাৰণ আছে যাৰ মাজত আছে শিৱিৰসমূহত স্বচ্ছতাৰ অভাৱ, বিভিন্ন মানুহে ব্যৱহাৰ কৰে একেই সামগ্ৰী, শিশুৰ মাজত ঘামি ঘামি একেই বস্ত্ৰ পৰিধান কৰি থকা, পৰ্যাপ্ত পানীৰ অভাৱত গা নুধুৱা আদি সমস্যা গাজাৰ দৈনন্দিনতা হৈ পৰিছে৷ চিকিৎসকে উপায়হীন হৈ গা ধুবলৈ আগবঢ়াইছে পৰামৰ্শ৷
শিশু বিশেষজ্ঞগৰাকীয়ে দাঙি ধৰা ৰিপৰ্টমতে হাস্পতালত থকা সময়খিনিত তেওঁ বহু এনে ৰোগী চাইছে৷ গাজাত এতিয়া বেছিভাগ চিকিৎসকে ঘৰে ঘৰে গৈয়ো চিকিৎসা চলাইছে জনতাৰ৷ ইজৰাইলে গাজাৰ হাস্পতালসমূহৰ ওপৰত আক্ৰমণ চলোৱাৰ বাবে ৰোগী চাবলৈ এই পন্থা ল’বলৈ বাধ্য হৈছে চিকিৎসক৷ গাজাত ৰোগীৰ চিকিৎসা প্ৰদানত চিকিৎসকে হেমাহী নকৰিলেও ঔষধ পোৱাটো কিন্তু ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে৷
ইজৰাইলৰ মিছৰৰ পৰা ৰাফাহ সীমান্ত ক্ৰছিঙৰ নিয়ন্ত্ৰণ ইজৰাইলে নিজৰ হাতত লোৱাৰ পাছতেই আন্তৰ্জাতিক সাহায্য বিতৰণ নাটকীয়ভাৱে হ্ৰাস পাইছে৷ এয়াও এক মানৱিক সংকট৷ ইজৰাইলে জৰুৰী মানৱিক সহায়তা দিয়াত বিলম্ব কৰাৰ বিষয়টোক অৱশ্যে নস্যাৎ কৰিছে ইজৰাইলে৷ গাজাৰ চিকিৎসকে এতিয়া মানৱীয় সহায় ভীক্ষা বিচাৰি শ্বেয়াৰ কৰিছে এটা পোষ্ট, য’ত লিখিছে, ‘সীমান্ত ক্ৰছিংটো অৱশ্যেই খুলি দিব যাতে ঔষধ আনিব পাৰে, কাৰণ বৰ্তমান পূৰ্বৰ বেছিভাগেই অকাৰ্যকৰ, শূন্য প্ৰভাৱ, আমি যি চৰ্মৰোগ দেখিছো তাৰ সমাধান কেৱল ঔষধ৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ