সকলোৰে দৃষ্টি আছিল জম্মু-কাশ্মীৰৰ নিৰ্বাচনত। এটা দশকৰ পাছত জনমতৰ জৰিয়তে চৰকাৰ গঠন হ’বলৈ গৈ আছে জম্মু-কাশ্মীৰত৷ জম্মু-কাশ্মীৰত কোনে গঠন কৰিব চৰকাৰ সেয়া জানিবলৈ আগ্ৰহী এতিয়া দেশৰ জনতা৷ অহা ৮ অক্টোবৰত প্ৰকাশ পাব নিৰ্বাচনৰ ফলাফল। হাৰিয়ানাত ভোটদানৰ অন্ত পৰাৰ লগে লগে এগজিট প’ল প্ৰকাশ কৰিছে ৰাষ্ট্ৰীয় সংবাদমাধ্যমে৷
চি ভোটাৰ ইণ্ডিয়া টুডেৰ সমীক্ষা অনুসৰি জম্মুত বিজেপিয়ে ২৭ৰ পৰা ৩১খন আসন পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ উপৰিও এন চি+য়ে ১১ৰ পৰা ১৫খন, পিডিপিয়ে ০ৰ পৰা ২খন আসন আৰু অন্যান্যই ০ৰ পৰা ১খন আসন লাভ কৰাৰ সম্ভাৱনা আছে। জম্মুত মুঠ ৪৩ খন বিধানসভাৰ আসন আছে। আৰু কাশ্মীৰত আছে মুঠ ৪৭খন আসন৷
চি ভোটাৰ ইণ্ডিয়াৰ এক্সিট প’লৰ মতে কাশ্মীৰত বিজেপিয়ে ০ৰ বিপৰীতে ১ আসন পোৱাৰ সম্ভাৱনা আছে। ইয়াৰ উপৰিও এন চি+য়ে ২৯ৰ পৰা ৩৩খন, পিডিপিয়ে ৬ৰ পৰা ১০খন আসন আৰু আনসকলে ৬ৰ পৰা ১০খন আসন লাভ কৰাৰ সম্ভাৱনা আছে। কওঁ যে কাশ্মীৰ অঞ্চলত মুঠ ৪৭ খন আসন আছে। অৰ্থাৎ চি ভোটাৰ ইণ্ডিয়া টুডেৰ সমীক্ষা অনুসৰি এন চি+এ ৪০ৰ পৰা ৪৮খন আসন, বিজেপিয়ে ২৭ৰ পৰা ৩২খন, পিডিপিয়ে ৬ৰ পৰা ১২খন আসন আৰু অন্যান্যই ৬ৰ পৰা ১১খন আসন লাভ কৰাৰ সম্ভাৱনা আছে।
দৈনিক ভাস্কৰৰ সমীক্ষা অনুসৰি জম্মু-কাশ্মীৰত এন চি+য়ে ৩৫ৰ পৰা ৪০খন, বিজেপিয়ে ২০ৰ পৰা ২৫খন, পিডিপিয়ে ৪ৰ পৰা ৭খন আৰু অন্যান্যই ১২ৰ পৰা ১৬খন আসন লাভ কৰাৰ সম্ভাৱনা আছে। একে সময়তে মেট্ৰিজৰ সমীক্ষা অনুসৰি জম্মু-কাশ্মীৰত বিজেপিয়ে ২৩-২৭খন, পিডিপিয়ে ৭ৰ পৰা ১১খন, এনচি+য়ে ৪৬ৰ পৰা ৫০খন আসন আৰু অন্যান্যই ৪ৰ পৰা ৬খন আসন লাভৰ সম্ভাৱনা আছে।
১০ বছৰৰ পিছত অনুষ্ঠিত বিধানসভা নিৰ্বাচন
২০১৪ চনত জম্মু-কাশ্মীৰৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছিল। ২০১৯ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে ৫ আগষ্টত কেন্দ্ৰীয় চৰকাৰে ৩৭০ অনুচ্ছেদ আঁতৰোৱাৰ কথা ঘোষণা কৰি জম্মু-কাশ্মীৰক কেন্দ্ৰীয় শাসিত অঞ্চললৈ ৰূপান্তৰিত কৰে৷ তাৰপিছতেই ২০২৪ৰ ছেপ্টেম্বৰৰ ভিতৰত ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত কৰাৰ নিৰ্দেশ দিছিল উচ্চতম ন্যায়ালয়ে। ইয়াৰ পিছত নিৰ্বাচন আয়োগে ৩টা পৰ্যায়ত ভোটদান সম্পূৰ্ণ কৰে।
৯০খন আসনত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনত জম্মু-কাশ্মীৰৰ জনসাধাৰণে উৎসাহেৰে অংশগ্ৰহণ কৰিছিল। ১৮ ছেপ্টেম্বৰত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হয়। ২৫ ছেপ্টেম্বৰত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ আৰু ১ অক্টোবৰত শেষ বা তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হয়। এই নিৰ্বাচনত ৬৩.৮৮ শতাংশ লোকে ভোটদান কৰি এক অভিলেখ তৈয়াৰ কৰিছিল।
৯০খন আসনৰ বাবে প্ৰায় ৯০০ প্ৰাৰ্থী
১০ বছৰৰ মূৰত উপত্যকাত অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনত প্ৰায় ৯০০ প্ৰাৰ্থীয়ে প্ৰাৰ্থীত্ব আগবঢ়াইছে। জম্মু-কাশ্মীৰৰ বহু দলে এই নির্বাচনত নিজৰ সম্পূর্ণ শক্তিৰে যুঁজ দিছে৷ ফহৰুখ আব্দুল্লাৰ দল নেশ্ব্যনেল কনফাৰেন্স, মেহবুবা মুফতীৰ দল পিডিপি, কংগ্ৰেছ, বিজেপি আৰু নিৰ্দলীয় প্ৰাৰ্থীকে ধৰি বহু স্থানীয় দলেও এই নিৰ্বাচনত অংশগ্ৰহণ কৰিছে।
ৰাজনৈতিক সমীকৰণ কি?
জম্মু-কাশ্মীৰৰ ৰাজনৈতিক সমীকৰণৰ কথা ক’লে ফাহৰুখ আব্দুল্লাৰ দল আৰু কংগ্ৰেছে মিত্ৰতাৰে নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত লৈছিল। আনহাতে পিডিপিয়ে অকলে নিৰ্বাচনত প্ৰৱেশ কৰিছিল। ইয়াৰ বাহিৰেও কাশ্মীৰৰ বহু আসনত বিজেপিয়ে প্ৰাৰ্থী প্ৰক্ষেপ কৰা নাছিল। বহু নিৰ্দলীয় প্ৰাৰ্থীয়েও বিজয়ৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছে এই ৰাজ্যত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ