অসম লাইভ২৪ঃ উন্নত জীৱনৰ আশাত গাঁৱৰ পৰা চহৰমুখী হয় নাগৰিক। যুৱক-যুৱতীকে ধৰি মধ্যবয়সীয়া প্ৰায়সকল লোকেই এতিয়া চহৰমুখী। যাৰফলত গ্ৰাম্যাঞ্চলত বাস কৰে কেৱল বয়স্ক লোকসকলেহে। এই সমস্যাৰ সমাধান কৰিবলৈকে চৰকাৰে লৈছে বিশেষ পদক্ষেপ। দেশৰ বৃহৎ চহৰসমূহৰ পৰা গ্ৰাম্যাঞ্চললৈ উভতি গ’লেই লাভ কৰিব আৰ্থিক সাহায্য। চৰকাৰৰ তৰফৰ পৰাই দিয়া হ’ব এই আৰ্থিক সাহায্য। ইতিমধ্যে একাধিক চহৰত এই আঁচনি লাঘুও হৈছ। এটা পৰিয়ালৰ প্ৰত্যেক সন্তানৰ বাবদ দিয়া হ’ব দহ লাখ ইয়েন অৰ্থাৎ প্ৰায় ৬.৫ লাখ টকা। কিন্তু তাৰ বিনিময়ত চহৰ এৰি গাঁৱলৈ যাব লাগিব পৰিয়ালটো।
কভিড মহামাৰীৰ পাছতেই জাপানত উল্লেখনীয়ভাৱে হ্ৰাস হৈছে জনসংখ্যা। সেয়ে জাপান চৰকাৰে আৰম্ভ কৰিছে এই নতুন নিয়ম। জাপানৰ প্ৰায়সংখ্যক নাগৰিকেই উপাৰ্জনৰ আশাত ট’কিঅ, ওছাকা আদি ডাঙৰ ডাঙৰ চহৰসমূহলৈ ওলাই আহিছে। গাওঁসমূহত যুৱচামৰ সংখ্য দিনকদিনে কমিছে। দেশৰ উন্নতিত যথাযথ অৱদান কমি আহিছে গ্ৰাম্যাঞ্চলৰ পৰা। ভাঙি পৰিছে গ্ৰাম্য অৰ্থনীতি। এই সকলো দিশ বিৱেচনা কৰিয়েই জাপান চৰকাৰে গাওঁত পুনৰ উভতি যাবৰ বাবে উৎসাহিত কৰিবলৈকে লৈছে এই আঁচনি। আৰ্থিক সাহায্য প্ৰদান কৰাৰ ওপৰিও একাধিক সুবিধা প্ৰদানৰ কথাও উল্লেখ কৰিছে জাপান চৰকাৰে।
উল্লেখ্য যে জাপান চৰকাৰৰ এই প্ৰকল্পত চামিল হৈছে ১৩০০ টা পৌৰসভা। ট’কিঅৰ ২৩ টা অঞ্চলত জনসংখ্যা খুবেই বেছি। সেই স্থানসমূহৰ জনসংখ্যা কমাবলৈকে এই সিদ্ধান্ত লৈছে জাপান চৰকাৰে। কিন্তু সাময়িকভাৱে গাওঁত থাকিলে এই সুবিধা লাভ নকৰিব। নিয়ম অনুসৰি ব্যক্তিজনে কমেও ৫ বছৰ গাওঁত বসবাস কৰিবই লাগিব। গাৱঁতেই নতুন ব্যৱসায় আৰম্ভ কৰিব লাগিব। পাঁচ বছৰৰ অন্তত যদি পুনৰ চহৰলৈ উভতি আহে তেন্তে সেই পৰিয়ালটোৱে লাভ কৰা ৫ লাখ টকা চৰকাৰক পুনৰ উভতাই দিব লাগিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ