জাপানৰ হ্যোগো প্ৰদেশত বাস কৰা এইগৰাকী ব্যক্তিয়ে ২৪ ঘণ্টাত মাত্ৰ ৩০ মিনিটহে শোৱে। ইমান কম টোপনিৰ পাছতো তেওঁ কিন্তু ফিট৷ এই ব্যক্তিজনৰ নাম দৈছুকে হৰি৷ দৈছুকে বিগত ১২ বছৰ ধৰি প্ৰতিদিনে মাত্ৰ ৩০ মিনিট সময়হে শুইছে। যুৱকজনে কয় যে তেওঁ এই সূত্ৰ ব্যৱহাৰ কৰি নিজৰ জীৱনকাল বঢ়োৱাত গুৰুত্ব দিছে৷ দৈছ্যুকে দাবী কৰে যে তেওঁ নিজৰ শৰীৰ আৰু মনক এনেদৰে প্ৰশিক্ষণ দিছে যে ৩০ মিনিটৰ টোপনিৰ পাছতেই পুনৰ কাম কৰিবলৈ মনটো সম্পূৰ্ণ সাজু হৈ উঠে৷
দৈছুকে হৰি সম্পৰ্কীয় এই তথ্য প্ৰথমে প্ৰকাশ পাইছিল চাউথ চাইনা মৰ্নিং পোষ্টত। হোৰীয়ে দাবী কৰে যে মাত্ৰ ৩০ মিনিট টোপনিৰ অভ্যাস কৰাৰ পিছত তেওঁৰ কাম কৰাৰ দক্ষতা হ্ৰাস পোৱাৰ পৰিৱৰ্তে বৃদ্ধি পাইছে। হোৰীৰ এই দাবীয়ে স্বাস্থ্য বিশেষজ্ঞসকলক পুনৰ চিন্তা কৰিবলৈ বাধ্য কৰাইছে৷ কাৰণ স্বাস্থ্য বিশেষজ্ঞই কয় যে, এজন মানুহে এদিনত কমেও ৬-৮ ঘণ্টা টোপনি যোৱাটো প্ৰয়োজনীয়।
স্বাস্থ্য বিশেষজ্ঞসকলৰ মতে কম টোপনিৰ ফলত শৰীৰ আৰু মনত নেতিবাচক প্ৰভাৱ পৰে। আনহাতে, হোৰীয়ে দাবী কৰে যে মাত্ৰ ৩০ মিনিট শুই থকাৰ পিছতো তেওঁৰ শৰীৰে স্বাভাৱিকভাৱে কাম কৰি আছে। তেওঁৰ শৰীৰ আৰু মনৰ ওপৰত নেতিবাচক প্ৰভাৱতকৈ ইতিবাচক প্ৰভাৱ পৰিছে।
দীঘলীয়া টোপনিৰ পৰিবৰ্তে উচ্চমানৰ টোপনিৰ প্ৰয়োজন
হোৰীয়ে কয় যে যদি নিয়মিতভাৱে ব্যায়াম কৰে আৰু খাদ্য খোৱাৰ এঘণ্টা আগতে কফি খায় তেন্তে ই আপোনাৰ টোপনি উচ্চমানৰ হয়। হোৰীয়ে কয় যে নিৰন্তৰ একাগ্ৰতাৰে কাম কৰিবলৈ হ’লে দীঘলীয়া টোপনিতকৈ ভাল আৰু গভীৰ টোপনি অধিক গুৰুত্বপূৰ্ণ। হোৰীয়ে কয় যে যিসকলক স্থায়ী একাগ্ৰতাৰ প্ৰয়োজন হয় তেওঁলোকে দীঘলীয়া টোপনিতকৈ উচ্চমানৰ টোপনি যোৱা উচিত।
২৬ মিনিটৰ ভিতৰতে টোপনি সম্পূৰ্ণ হয়!
জাপানৰ যোমিউৰি টিভিয়ে তিনিদিন ধৰি তেওঁৰ ওপৰত নজৰ ৰাখিছিল৷ ‘উইল ইউ গ’ উইথ মি’ নামৰ ৰিয়েলিটি শ্ব’ত তেওঁ আহিছিল৷ এই সময়ছোৱাত দেখা গ’ল যে, হোৰীয়ে মাত্ৰ ২৬ মিনিট টোপনি দিয়াৰ পাছতেই তেওঁ সম্পূৰ্ণ সুস্থ৷ হোৰীয়ে জাপানত শ্বৰ্ট স্লিপাৰছ ট্ৰেইনিং এছ’চিয়েশ্যনো চলায়৷ য’ত তেওঁ মানুহক কম টোপনিৰ প্ৰশিক্ষণ দিয়ে। প্ৰতিবেদন অনুসৰি, হোৰীয়ে এতিয়ালৈকে ২১০০ৰো অধিক লোকক কম টোপনিৰ প্ৰশিক্ষণ প্ৰদান কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ