বিশ্বৰ সবাতোকৈ সৰু উদ্যান, যি উদ্যানলৈ যাব পাৰে কেৱল এজন লোক, গঢ়িলে বিশ্ব ৰেকৰ্ড
জাপানে পুনৰবাৰ নিজৰ অনন্য আৱিষ্কাৰেৰে বিশ্বক আচৰিত কৰি তুলিছে। এইবাৰ বাতৰিৰ শিৰোনাম দখল কৰিছে জাপানৰ এখন অতি সৰু উদ্যানে। যিখন উদ্যানক বিশ্বৰ আটাইতকৈ সৰু উদ্যান হিচাপে ঘোষণা কৰি গিনিজ ৱৰ্ল্ড ৰেকৰ্ডত স্থান দিয়া হৈছে।
এটা সময়ত কেৱল এজন লোকে যাব পৰা এই উদ্যানখনৰ বিষয়ে গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছে নিজৰ ইউটিউব চেনেলত ভিডিঅ’ আপলোড কৰিছে। বিশ্বৰ আটাইতকৈ সৰু উদ্যানখনৰ আকাৰ মাত্ৰ ০.২৪ বৰ্গমিটাৰ, যিখন জাপানত অৱস্থিত।
জাপানৰ টকিঅ’ চহৰত অৱস্থিত এই উদ্যানখনৰ আকাৰ মাত্ৰ কেইচেণ্টিমিটাৰমান। কিন্তু আকাৰত সৰু হোৱাৰ পিছতো পৰ্যটক আৰু স্থানীয় লোকৰ বাবে ই এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।
গিনিজ ৱৰ্ল্ড ৰেকৰ্ডছৰ দলটোৱে এই উদ্যানখন পৰিদৰ্শন কৰি বিশ্বৰ আটাইতকৈ সৰু উদ্যান হিচাপে ঘোষণা কৰে। এই উদ্যানখনৰ এলেকা ইমানেই সৰু যে ইয়াত মাত্ৰ এজোপা সৰু গছ আৰু কিছু ঘাঁহ আছে, লগতে এজন লোকে বহিব পৰা এক আসন।
ইয়াৰ পূৰ্বে এই অভিলেখ আমেৰিকাৰ অৰেগনত অৱস্থিত ‘মিল এণ্ডছ পাৰ্ক’ৰ নামত আছিল, যাৰ আয়তন আছিল মাত্ৰ ০.২৯২ বৰ্গমিটাৰ। কিন্তু জাপানৰ এই নতুন উদ্যানখনে সেইখিনি অতিক্ৰম কৰি এতিয়া আনুষ্ঠানিকভাৱে বিশ্বৰ আটাইতকৈ সৰু উদ্যান হিচাপে পৰিগণিত হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ