ভাৰতীয় চিপছ খাই হাস্পতালত ভৰ্তি ১৪গৰাকীকৈ হাইস্কুলীয়া ছাত্ৰ-ছাত্ৰী৷ ভাৰতীয় ভোট জলকীয়াৰে তৈয়াৰ কৰা ভোট জলকীয়া আৰু আলু মিহলি চিপছ খাই হাস্পতালত ভৰ্তি হৈছে ১৪গৰাকী ছাত্ৰ-ছাত্ৰী৷ এই চিপছ খাইছিল কমেও ৩০গৰাকী ছাত্ৰ-ছাত্ৰীয়ে৷ ১৬ জুলাই তাৰিখে সংঘটিত হৈছে এই ঘটনা৷ এগৰাকী ছাত্ৰই এই ভাৰতীয় বিশেষ চিপছ স্কুললৈ লৈ আহিছিল৷ ভূতজলকীয়া মিহলি এই চিপছ খাইছিল ১৮ বছৰৰ তলৰ ৩০গৰাকী ছাত্ৰ-ছাত্ৰীয়ে৷ অৱশ্যে এই চিপছত ১৮ বছৰৰ তলৰ কিশোৰ কিশোৰীৰ বাবে এই চিপছ নহয় বুলি উল্লেখ আছে৷
এই চিপছ খোৱাৰ লগে লগেই ছাত্ৰ-ছাত্ৰীকেইগৰাকীৰ বমিৰ লগতে পেটৰ পুৰণি আৰম্ভ হয়৷ লগে লগেই বিদ্যালয় কৰ্তৃপক্ষই ছাত্ৰ-ছাত্ৰীকেইগৰাকীক হাস্পতালত ভৰ্তি কৰায়৷ কি খাই এইদৰে অসুস্থ হৈ পৰিছে তাৰো বিচাৰ লয়৷ চিকিৎসালগত ভৰ্তি কৰোৱা ১৮গৰাকী ছাত্ৰ ছাত্ৰীৰ ভিতৰত আছে ১৭গৰাকী ছাত্ৰ আৰু এগৰাকী ছাত্ৰী৷
ঘটনাক লৈ চিপছ তৈয়াৰ কৰা কোম্পানীৰ কি দাবী?
এই চিপছ তৈয়াৰ কৰা কোম্পানী ইছয়ামা কৰ্পে এই ঘটনাৰ পাছতেই বিশেষ বিবৃত্তি শ্বেয়াৰ কৰিছে৷ বিবৃত্তিত উল্লেখ আছে যে এই চিপছ ১৮ বছৰৰ তলৰ কিশোৰ কিশোৰীৰ বাবে নহয়৷ দ্য ইণ্ডিপেণ্ডেণ্টত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি চিপছ নিৰ্মাতা কোম্পানীটোৱে কয় যে, “১৮ বছৰৰ তলৰ লোকে এই চিপছ খোৱাৰ পৰা বিৰত থাকিব লাগে কাৰণ ই অতি টেঙা হোৱাৰ লগতে জ্বলাও৷ টেঙা খাদ্য ভাল পোৱাসকলেও এই সামগ্ৰী খাওঁতে সাৱধান হোৱাটো প্ৰয়োজন।”
এই ঘটনাৰ পাছতেই কোম্পানীৰ তৰফৰ পৰা ক্ষমা খোজাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলৰ আশু আৰোগ্য কামনা কৰা হৈছে৷ ১৮ বছৰ তলৰ শিশুৰ ওপৰিও লিভাৰ দুৰ্বল আৰু উচ্চ ৰক্তচাপ থকা লোকে এই খাদ্যৰ পৰা আঁতৰি থাকক বুলি উল্লেখ কৰা আছে৷ উল্লেখ কৰা প্ৰয়োজন যে ভূট জলকীয়া হৈছে পৃথিৱীৰ ভিতৰত অন্যতম জ্বলা জলকীয়া৷
বিতৰ্কৰ কেন্দ্ৰবিন্দু চিপছ হৈছে ইছ’য়ামা কৰ্পৰ “আৰ ১৮+ কাৰি চিপছ।” কোম্পানীটোৱে নিজৰ ৱেবছাইটত ১৮ বছৰৰ তলৰ লোকক চিপছ চেষ্টা কৰাত “নিষেধ” কৰিছে। চিপচবোৰ “ইমান টেঙা যে ই আপোনাৰ বিষ দিব পাৰে”, ইয়াত কোৱা হৈছে। লগতে কোম্পানীটোৱে দুৰ্বল পেট আৰু উচ্চ ৰক্তচাপ থকা লোকসকলক এই সামগ্ৰীৰ পৰা আঁতৰি থাকিবলৈ সকীয়াই দিয়ে।ইয়াৰ খেতি ক্ৰমে উত্তৰ-পূব ভাৰতত, বিশেষকৈ অসম, নাগালেণ্ড, আৰু মণিপুৰৰ আশে-পাশে থকা অঞ্চলত হয়। ২০০৭ চনৰ পৰা ২০১১ চনলৈকে বিশ্বৰ আটাইতকৈ জলা জলকীয়া হিচাপে গিনিজ ৱৰ্ল্ড ৰেকৰ্ড লাভ কৰিছিল ভোট জলকীয়াই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ