কেন্দ্ৰীয় মন্ত্ৰী জিতিন প্ৰসাদ দুৰ্ঘটনাগ্ৰস্থ, বাহন বেয়াকৈ ক্ষতিগ্ৰস্থ, মন্ত্ৰীগৰাকীয়েও আঘাত পায়
এক পথ দুৰ্ঘটনাত আহত কেন্দ্ৰীয় মন্ত্ৰী তথা সাংসদ জিতীন প্ৰসাদ। দুৰ্ঘটনাৰ সময়ত নিজৰ সংসদীয় সমষ্টি পিলিভিত ভ্ৰমণত আছিল মন্ত্ৰীগৰাকী। সেই সময়তে কনভয়ত চলি থকা এখন বাহনৰ সৈতে মন্ত্ৰীগৰাকীৰ বাহনৰ সংঘৰ্ষ হয়।
জিতীন প্ৰসাদৰ লগতে ৰান্ধনী আৰু ব্যক্তিগত সচিবো একেটা দুৰ্ঘটনাতে আহত হয়। বাটতে ক্ষতিগ্ৰস্ত হোৱা বাহনখন থিতাতে এৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে আন এখন বাহনেৰে কাৰ্যসূচীৰ বাবে ৰাওনা হয়।
এই ঘটনা সংঘটিত হৈছে মাঝোলা-বিজতি পথত অৱস্থিত বাহৰুৱা গাঁৱত। জিতীন প্ৰসাদৰ মূৰত সামান্য আঘাত। কনভয়ৰ বাহনখন তীব্ৰ বেগত আছিল, যাৰ ফলত ব্যাপক সংঘৰ্ষ হয় আৰু গাড়ীখনৰ বেয়াকৈ ক্ষতিসাধন হয়।
কেন্দ্ৰীয় মন্ত্ৰী জিতীন প্ৰসাদ নিজৰ সংসদীয় সমষ্টি ভ্ৰমণত আছিল। এই সময়ছোৱাত তেওঁৰ কনভয়ত অন্তৰ্ভুক্ত এস্কৰ্ট গাড়ীখনে হঠাৎ ব্ৰেক লগাই, যাৰ ফলত জিতীন প্ৰসাদৰ গাড়ীখনো ৰৈ যায় যদিও পিছফালৰ পৰা অহা গাড়ীখনে ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰি মন্ত্ৰীগৰাকীৰ গাড়ীত খুন্দা মাৰে।
এই ঘটনাত গাড়ীখনৰ ক্ষতিসাধন হোৱাৰ লগতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকী সামান্য আঘাতপ্ৰাপ্ত হয়। জিতীন প্ৰসাদে দুৰ্ঘটনাৰ পিছত আন এখন গাড়ীৰে বাহাৰৱালৈ ৰাওনা হয় মন্ত্ৰীগৰাকী।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ