অভিনেতাগৰাকীৰ জন্মদিন হৈছিল অভিশপ্ত দিন, চকুৰ সমুখতে একেলগে হেৰুাৱইছিল পিতৃ-মাতৃ-ভগ্নীক
বলীউডৰ এগৰাকী এনে দুৰ্ভগীয়া অভিনেতা, যিয়ে এটা দিনতে হেৰুৱাইছিল পিতৃ-মাতৃ-ভগ্নীক। চকুৰ সমুখতে হেৰুৱাইছিল কেউজনকে। চিৰ জীৱনৰ বাবে হৈ পৰিছিল অকলশৰীয়া।
অভিনেতাগৰাকীৰ জন্মদিনৰ দিনাই ঘটিছিল এই ঘটনা, যাৰ বাবে জন্মদিন হৈ পৰিছিল জীৱনৰ সবাতোকৈ অভিশপ্ত দিন। পিতৃয়ে মাতৃ-ভগ্নীক গুলি কৰি হত্যা কৰিছিল, লগতে ফেনত উলমি নিজেও নিজকে শেষ কৰি দিছিল।
সেই দিনা পিতৃয়ে কেৱল মাতৃ আৰু ভগ্নীকে গুলি কৰা নাছিল, অভিনেতাগৰাকীকো গুলি কৰিছিল। সেই গুলি ডিঙিৰ একেবাৰে কাষেৰে ইপাৰ সিপাৰ হৈছিল, যাৰ বাবে প্ৰাণ ৰক্ষা পৰিছিল।
দুৰ্ভগীয়া সেই অভিনেতাগৰাকী হৈছে বলীউডৰ এসমত সুদৰ্শন অভিনেতা, যিয়ে কাজল, দিব্যা ভাৰতী আদিৰ সৈতে কাম কৰি জনপ্ৰিয় হোৱা কমল ছদানা। বহু বছৰৰ মূৰকত এক সাক্ষাতত এই বিষয়ে সদৰি কৰে অভিনেতাগৰাকীয়ে।
পিতৃৰ সুৰা পানেই হৈ পৰিছিল কাল। জন্মদিনৰ দিনটোতে হৈ পৰিছিল পৰিয়ালৰ মৃত্যৰ দিন। যাৰ বাবে সেই দিনাৰ পৰা আজিপৰ্যন্ত আৰু কোনোদিনে জন্মদিন পালন কৰা নাই অভিনেতা কমল ছদানাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















