মঙলবাৰে এক আত্মঘাতী আক্ৰমণ সংঘটিত হৈছিল পাকিস্তানত৷ কৰাচী বিশ্ববিদ্যালয়ত হোৱা এই আক্ৰমণত ৩ জন চীনা নাগৰিকসহ ৪ জন লোকৰ মৃত্যু হৈছিল৷ ইয়াৰ ভিতৰত এজন চীনৰ সন্মানীয় শিক্ষাবিদো আছিল৷ আত্মঘাতী আক্ৰমণৰ পাছত কাউণ্টাৰ টেৰ’ৰিজম ডিপাৰ্টমেণ্ট আৰু চোৰাংচোৱাই ইয়াৰ আঁৰত বালুচিস্তান লিবাৰেচন আৰ্মীৰ হাত থকাৰ প্ৰমাণ পাইছে৷
আত্মঘাতী লোকজন মহিলা আছিল
CTD অৰ্থাৎ কাউণ্টাৰ টেৰ’ৰিজম ডিপাৰ্টমেণ্টৰ উদ্ধৃতিৰে আত্মঘাতী লোকজন মহিলা আছিল বুলি পাকিস্তানৰ ‘ডন’ত সংবাদ পৰিবেশন কৰা হৈছে৷ মহিলাগৰাকী বিবাহিতা আছিল৷ দুটি সন্তানো আছিল৷
আত্মঘাতী মহিলাগৰাকীৰ পতিৰ নাই সন্ধান
বিস্ফোৰণৰ এসপ্তাহ পূৰ্বে ঘৰৰ পৰা ওলাই আহিছিল পতি-পত্নী৷ তেতিয়াৰে পৰা মহিলাগৰাকীৰ স্বামীৰ সন্ধান উলিয়াব পৰা নাই পাকিস্তান প্ৰশাসনে৷ কৰাচী বিশ্ববিদ্যালয়ত মহিলাগৰাকীয়ে যে অধ্যয়ন কৰা নাছিল সেইকথাও ধৰা পৰিছে৷ বালুচিস্তানত শিক্ষা শেষ কৰি এখন চৰকাৰী স্কুলৰ শিক্ষয়িত্ৰীৰূপে নিযুক্তি পাইছিল মঙলবাৰে কৰাচী বিশ্ববিদ্যালয়ত আত্মঘাতী বিস্ফোৰণ ঘটোৱা মহিলাগৰাকী৷
আঁৰত বিদেশী শক্তি!
চীন আৰু পাকিস্তানৰ মাজত সম্পৰ্ক বেয়া কৰিবলৈ বালুচিস্তান আৰ্মীক ব্যৱহাৰ কৰাৰ অভিযোগ আনিছে পাকিস্তানে৷ কৰাচী বিশ্ববিদ্যালয়ত চীনা নাগৰিকক লক্ষ্য কৰি আত্মঘাতী আক্ৰমণ কৰা বালুচিস্তান আৰ্মী চীন বিৰোধী বুলি সততে জনজাত৷ কিয়নো চীন আৰু পাকিস্তানৰ মাজত হোৱা চুক্তিৰ বেছিভাগ প্ৰকল্পৰে কাম চলি আছে বালুচিস্তানত৷ সাধাৰণ বালুচি লোকে এই প্ৰকল্পসমূহক পাকিস্তান আৰু চীনৰ আগ্ৰাসী মনোভাৱ বুলি অভিযোগ কৰি আহিছে৷ দীৰ্ঘদিন ধৰি এখন স্বাধীন ৰাষ্ট্ৰৰূপে স্বীকৃতি পাবলৈ সংগ্ৰাম কৰি আহিছে বালুচিস্তানৰ লোকসকলে৷ বালুচ আৰ্মীয়ে বিভিন্ন সময়ত পাকিস্তানী আৰ্মীৰ ওপৰত ভয়াৱহ আক্ৰমণ কৰাৰো নজিৰ আছে৷ সমান্তৰালভাৱে কৰাচীৰ ঘটনাৰ পূৰ্বেও চীনৰ লোকসকলকো পাকিস্তানত টাৰ্গেট কৰে এই নিষিদ্ধ ঘোষিত সংগঠনটোৱে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ