পাকিস্তানকলৈ হোৱাটছএপত আপত্তিজনক ষ্টেটাছ দি এগৰাকী যুৱতী আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছে৷ এই ঘটনাটো ভাৰতৰ কৰ্ণাটকত সংঘটিত হৈছে৷
ঘটনাৰ বিৱৰণীৰ মতে কৰ্ণাটকৰ বাগলকোট জিলাৰ মুধৌলৰ নিৱাসী কুথমা শ্বেখ নামৰ এগৰাকী ২৫ বছৰীয়া যুৱতীয়ে হোৱাটছএপত এক ষ্টেটাছ দি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হৈছে৷
অভিযোগ অনুসৰি যুৱতীগৰাকীয়ে পাকিস্তানৰ গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা প্ৰদান কৰি এটা হোৱাটছএপ ষ্টেটাছ দিছিল৷
লগতে পঢ়ক অস্কাৰৰ মঞ্চত অঘটন; ক্ৰিছৰ গালত প্ৰচণ্ড চৰ সোধালে অভিনেতা স্মিথে, কিন্তু কিয়?
আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি যুৱতীগৰাকীয়ে আৰৱী ভাষাত ‘‘আল্লাই সকলো সকলো দেশকে শান্তি, একতা আৰু সদ্ভাৱ দিয়ক’’ বুলি লিখি যোৱা ২৩ মাৰ্চত পাকিস্তানৰ গণতন্ত্ৰ দিৱসৰ শুভকামনা জনাইছিল৷
ইয়াৰ পিছতে ভঞ্জত্ৰী নামৰ এক সামাজিক অনুষ্ঠানৰ কৰ্মী অৰুণ কুমাৰ নামৰ লোকজনে মুধৌল আৰক্ষী থানাত যুৱতীগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে৷ আৰক্ষীয়ে উক্ত এজাহাৰৰ ভিত্তিতে যোৱা ২৪ মাৰ্চত যুৱতীগৰাকীক গ্ৰেপ্তাৰ কৰে৷
অৱশ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ এদিনৰ পিছতে যুৱতীগৰাকীয়ে জামিন লাভ কৰিছে৷
লগতে পঢ়ক এইবাৰ দিল্লীৰ মুখ্যমন্ত্ৰী কেজৰিৱালক ওভতি ধৰিলে অসমৰ মুখ্যমন্ত্ৰী ডঃ শৰ্মাই
ইফালে সংগঠনটোৱে যুৱতীগৰাকীক ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছিল৷ আনহাতে, আৰক্ষীয়ে শান্তি শৃংখলা বৰ্তাই ৰখাৰ স্বাৰ্থতে যুৱতীগৰাকীক নিজৰ জিম্মাত লোৱা বুলি প্ৰকাশ কৰিছে৷
আৰক্ষীয়ে লগতে প্ৰকাশ কৰিছে যে যুৱতীগৰাকীয়ে পাকিস্তানৰ গণতন্ত্ৰ দিৱসৰ উদযাপনৰ পক্ষে মন্তব্য প্ৰদান কৰিছিল আৰু তেওঁক জিম্মাত নোলোৱা হ’লে এই ঘটনাৰ আচিলাৰে অঞ্চলটোত সাম্প্ৰদায়িক উত্তেজনা আৰু দাংগা সৃষ্টি হোৱাৰ সম্ভাৱনা আছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ