১৫ দিন বন্ধ থকাৰ পাছত শুকুৰবাৰে পুনৰ আৰম্ভ হৈছে কেদাৰনাথ যাত্ৰা৷ মেৰামতিৰ পাছত আকৌ তীৰ্থযাত্ৰীৰ বাবে খুলি দিয়া হৈছে কেদাৰনাথৰ ৰাস্তা৷ ৩১ জুলাইৰ নিশা হোৱা ভয়ংকৰ বৃষ্টিপাত আৰু ভূমিস্খলনৰ পাছত সম্পূৰ্ণ বন্ধ হৈ পৰিছিল কেদাৰনাথৰ ৰাস্তা৷ ১৯ কিঃমিঃ দীৰ্ঘ পথ বন্ধ হৈ পৰিছিল৷ ২৯টা স্থানত ভূমিস্খলন হৈছিল৷ বন্ধ হৈ পৰিছিল যোগাযোগ ব্যৱস্থা৷ সূত্ৰৰ খবৰ অনুসৰি ৰাস্তাতেই কেইবাদিন ধৰি আৱদ্ধ হৈ আছিল কেইবাগৰাকীও তীৰ্থযাত্ৰী৷
প্ৰায় ২৬০ গৰাকী শ্ৰমিকে দিনে নিশাই পৰিশ্ৰম কৰি অৱশেষত মুকলি কৰিছে পথ৷ এতিয়াও কেইবাটাও স্থান বিপজ্জনক বুলি জনাইছে প্ৰশাসনে৷ ইতিমধ্যেই সেইকেইটা স্থানত নিৰাপত্তাকৰ্মী আছে৷ উল্লেখ্য যে বিগত কেইবাসপ্তাহ ধৰি উত্তৰ ভাৰতৰ বিস্তীৰ্ণ এলেকাজুৰি প্ৰৱল বৃষ্টিপাত হৈছে৷ জুলাই মাহৰ শেষত হোৱা এই বৰষুণত বিপৰ্যস্ত হৈ পৰিছে ৰুদ্ৰপ্ৰয়াগ৷ ভাঙি পৰিছে বহু ৰাস্তা৷
তীৰ্থযাত্ৰীৰ নিৰাপত্তাৰ কথা ভাৱিয়েই অনিৰ্দিষ্টকালৰ বাবে বন্ধ কৰি দিয়া হৈছিল কেদাৰনাথ আৰু যমুনাত্ৰী ট্ৰেকিঙৰ পথ৷ কেদাৰনাথৰ বিভিন্ন স্থানত আৱদ্ধ হৈ পৰিছিল ১১ হাজাৰৰো অধিক তীৰ্থযাত্ৰী৷ উদ্ধাৰৰ কামত মোতায়েন কৰা হৈছিল এন ডি আৰ এফৰ ১২ টা আৰু এছ ডি আৰ এফৰ ৬০ টা দল৷ উদ্ধাৰত নামিছিল বায়ুসেনাৰ হেলিকপ্টাৰো৷ উদ্ধাৰকাৰীৰ নিৰৱচ্ছিন্ন চেষ্টাতেই কেদাৰনাথৰ বেছিভাগ তীৰ্থযাত্ৰীকেই সুস্থ অৱস্থাত উদ্ধাৰ কৰা সম্ভৱপৰ হৈছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ