আগন্তুক ২০ জুলাইৰ বিয়লি ৫ বাদি ১২ মিনিটত পূৰ্ব ফাল্গুনী নক্ষত্ৰত প্ৰৱেশ কৰিব ছায়াগ্ৰহ কেতুৱে৷ ২৫ জানুৱাৰী ২০২৬ পৰ্যন্ত কেতুৱে পূৰ্ব ফাল্গুনীতেই অৱস্থান কৰিব৷ এই নক্ষত্ৰৰ অধিপতি গ্ৰহ শুক্ৰ৷ জ্যোতিষ অনুসৰি শুক্ৰ আৰু কেতু পৰস্পৰৰ বন্ধু গ্ৰহ৷ সেয়ে কেতু শুক্ৰৰ ঘৰলৈ আহিলে তাৰ লাভজনক প্ৰভাৱ বিভিন্ন ৰাশিৰ জাতকৰ ওপৰত লক্ষ্য কৰা যায়৷ জানি থওক কেতুৰ প্ৰভাৱত আগন্তুক বছৰ পৰ্যন্ত সুখ সৌভাগ্যৰ শিখৰত থাকিব কোন কোন ৰাশিৰ জাতক?
বৃষ ৰাশিত কেতুৰ গোচৰৰ প্ৰভাৱ
বৃষ ৰাশিৰ চতুৰ্থ ঘৰত গোচৰ কৰিব কেতুৱে৷ বক্ৰী গ্ৰহ কেতুৰ প্ৰভাৱত উত্তৰাধিকাৰ সূত্ৰে সম্পত্তি লাভ কৰিব পাৰে বৃষ ৰাশিৰ জাতকে৷ মাতৃৰ স্বাস্থ্যক লৈ কোনো সমস্যা থাকিলে কেতু পূৰ্ব ফাল্গুনী নক্ষত্ৰলৈ আহিলেও ধীৰে ধীৰে শৰীৰ ভাল হ’ব৷ হঠাৎ কিছু অৰ্থালাভ কৰিব পাৰে৷ অফিচত কামৰ প্ৰশংসা পাব৷ দৰমহা বাঢ়িব পাৰে৷ হজমৰ সমস্যা থাকিলে দূৰ হব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ