হাঁহি হাঁহি বিশ্বৰ সকলোতকৈ ডাঙৰ ক্ৰিকেট ষ্টেডিয়ামত ধামাকা দেখুৱালে KKR টীমে৷ এইবাৰৰ আইপিএলত প্ৰথম কোৱালিফায়াৰত হায়দৰাবাদৰ বিৰুদ্ধে ৮ উইকেটত বিজয় সাব্যস্ত কৰিছে কলকাতা নাইট ৰাইডাৰ্ছে৷ তৃতীয় আইপিএলত ট্ৰফীৰ পৰা আৰু মাত্ৰ এঢাপ দূৰৈত ৰৈ আছে কলকাতা নাইট ৰাইডাৰ্ছ৷ গৌতম গম্ভীৰৰ নেতৃত্বত KKR শিৱিৰলৈ সোণালী সময় যেন ঘূৰি আহিছে৷ ১৭সংখ্যক আইপিএলত ফাইনেলিষ্ট দল হৈছে KKR, কেকেআৰ দলৰ গন্তব্যস্থান এইবাৰ চিন্নাস্বামী৷ সেই ষ্টেডিয়ামতেই চূড়ান্ত হ’ব আইপিএলৰ দৌৰ৷
সেই চিন্নাস্বামী, আকৌ আইপিএলৰ ফাইনেল…
দেওবাৰে অনুষ্ঠিত হ’ব আইপিএলৰ ফাইনেল মেচ৷ এইবাৰ চতুৰ্থবাৰৰ বাবে আইপিএলৰ ফাইনেলত প্ৰৱেশ কৰিব KKRয়ে৷ এইবাৰ এম চিন্নাস্বামী ষ্টেডিয়ামত KKRৰে পুনৰাবৃত্তি কৰিব নেকি ২০১২ আৰু ২০১৪ চনৰ ইতিহাস৷ কাৰণ ২০১২ চনৰ ফাইনেল হৈছিল ২৭মে চিন্নাস্বামী ষ্টেডিয়ামতেই৷ সেইবাৰ চেন্নাইক হৰুৱাই আইপিএলৰ খিতাপ জয় কৰিছিল KKRয়ে৷ এইবাৰৰ ফাইনেল খেল আছে ২৬মেত৷ ২০১৪ চনৰ ফাইনেলো চিন্নাস্বামীতেই হৈছিল৷ তাতেই কিংছ ইলেভেন পঞ্জাৱ বৰ্তমানৰ পঞ্জাৱ কিংছক হৰুৱাই KKRয়ে দ্বিতীয়বাৰ আইপিএল ট্ৰফি জয় কৰে৷ এক দশকৰ পাছত আইপিএলত আকৌ এবাৰ সেই বিশেষ দিনৰেই পুনৰাবৃত্তি দেখা যাব বুলি আশাবাদী হৈ পৰিছে বহুজন৷
২৬মেত আইপিএলৰ ফাইনেল খেলিব শ্ৰেয়ছ আয়াৰৰ নেতৃত্বত KKR দলে৷ এইবাৰৰ আইপিএলৰ খিতাপ জয়ৰ অন্যতম দাবীদাৰ হৈছে KKR৷ প্ৰত্যেকজন খেলুৱৈয়ে নিজৰ সৰ্বচ্চ উজাৰি দিছে খেলত৷ গৌতম গম্ভীৰ নাইট ৰাইডাৰ্ছৰ মেণ্টৰ হৈ আহিয়েই সলনি কৰি দিছে দলটোক৷ নতুন এটা যুঁজাৰু মনৰ জন্ম হৈছে প্ৰতিজন খেলুৱৈৰ মনত৷ জেদ সোমাই পৰিছে খেলুৱৈৰ মনত৷ গৌতম গম্ভীৰৰ নেতৃত্বত ২বাৰকৈ আইপিএলত পৰাস্ত হোৱাৰ পাছত এইবাৰ কিন্তু সকলোপ্ৰকাৰে যুঁজত নামি পৰিছে KKRদল৷ KKRদলে গৌতম গম্ভীৰৰ নেতৃত্বত চাপমুক্ত হৈ খেলিব পাৰিছে বুলিও বহু ক্ৰিকেট বিশ্লেষকে মন্তব্য কৰা পৰিলক্ষিত হৈছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ