অসম লাইভ২৪ঃ আইপিএলৰ ফাইনেলত টছত হাৰিল শ্ৰেয়ছ আয়াৰ৷ চলিত আইপিএলত ১৫খন মেচৰ ভিতৰত ১১ খন মেচতেই টছত হাৰিছে কলকাতা নাইট ৰাইডাৰ্ছৰ অধিনায়ক শ্ৰেয়ছে৷ প্ৰতিখন মেচতেই টছত নানা কয়দা কৰি আগবাঢ়িঠে শ্ৰেয়ছ৷ কিন্তু টছত হাৰিও আইপিএলৰ ট্ৰফী লৈ যাব নেকি শ্ৰেয়ছৰ দলেই সেই কথাও এতিয়া চৰ্চালৈ আহিছে৷
চলিত আইপিএলৰ গ্ৰুপ পৰ্বত কেকেআৰয়ে ১৪ মেচৰ মাজত ১৩খন মেচতেই টছত হাৰিছে৷ প্লে অফ আৰু ফাইনেলকে ধৰি মুঠ ১৫রন মেচত টচ হৈছে৷ তাৰমাজত ৯খন মেছ খেলিছে শ্ৰেয়ছৰ দলে৷ এই ৯মেচৰ মাত্ৰ এখন মেচতহে টছত জয়ী হৈছে শ্ৰেয়ছ৷
আইপিএল চলিথকাৰ সময়তে টছক লৈ নানান মন্তব্যও কৰিছে শ্ৰেয়ছে৷ তেওঁ কৈছিল, ‘যিমান দিন মেচ জিকিছো সিমান দিন টছত হাৰিলেও মোৰ কোনো দুখ নাই৷ বহু ধৰণে টছ জিকিবলৈ চেষ্টা কৰিছো কিন্তু সদায়ে হাৰো৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ