অসম লাইভ২৪ঃ যুদ্ধত এতিয়া বহুলভাৱে ব্যৱহৃত হৈছে বিভিন্ন ধৰণৰ ঘাতক ড্ৰোণ। কোনে কিমান শক্তিশালী ড্ৰোণ তৈয়াৰ কৰিব পাৰে তাৰেই নিৰন্তৰ প্ৰতিযোগিতা চলিছে। বোমা বহন কৰা, নিখুতভাৱে লক্ষ্যভেদ কৰা, শত্ৰুপক্ষক নজৰদাৰী কৰা আদি নানান ড্ৰোণ তৈয়াৰ কৰাৰ প্ৰতিযোগিতা চলিছে বিশ্বত। সম্প্ৰতি ইজৰাইলেও এটা বিশেষ ড্ৰোণ তৈয়াৰ কৰিছে। বহুতেই এই ড্ৰোণক সামৰিক ক্ষেত্ৰত গেম চেঞ্জাৰ হৈ ধৰা দিব বুলিও ধাৰণা কৰিছে। ইজৰাইল ডিফেন্স ফৰ্ছৰ হাতত নতুন যি ঘাতক ড্ৰোণ আহিছে সেই ড্ৰোণৰ নাম হৈছে হাৰ্মিছ-৯০০। যদিও আইডিএফৰ এই ড্ৰোণৰ বৈশিষ্ট সম্পৰ্কে বিশেষ কোনো তথ্য প্ৰকাশ কৰিবলৈ ইচ্ছুক নহয় ইজৰাইল। ডিফেন্স প্ৰটিওৰমেণ্ট ইণ্টাৰনেশ্ব্যনেল আৰু দ্যা ছানৰ প্ৰতিবেদনত এই ড্ৰোণৰ ঘাতক বৈশিষ্ট্য সম্পৰ্কে আলোচনা কৰা হৈছে।
এই প্ৰতিবেদন অনুসৰি, এই ড্ৰোণৰ সকলোতকৈ আকৰ্ষণীয় বৈশিষ্ট্য হ’ল যে, ব্যক্তি বা যি বস্তুকেই লক্ষ্য কৰি লয় সেই ব্যক্তি বা বস্তুকেই ধ্বংস কৰিব পাৰে। ইয়াৰোপৰি এই ড্ৰোণৰ আশে পাশে থকা কাৰো গাত আঁচোৰ নলগাকৈয়ে এই কাম কৰিব পাৰে। আয়ৰণ ডোম, লেজাৰ বিমৰ দৰে অস্ত্ৰসমূহ যদি ইজৰাইলৰ অস্ত্ৰভাণ্ডাৰৰ শক্তি হয় তেন্তে হাৰ্মিছ ৯০০ ড্ৰোণ হ’ব ইজৰাইলৰ সামৰিক শক্তিৰ স্তম্ভ। ইজৰাইলৰ আকাশসীমাত শত্ৰুপক্ষক নজৰ দি আছে আয়ৰণ ডোম, লেজাৰ বিমে। ইয়াৰমাজতে আকাশসীমাক আৰু নিশ্চিদ্ৰ কৰিবলৈ হাৰ্মিছ ৯০০ ড্ৰোণত কামত লগাব বিচাৰিছে ইজৰাইলে।
কেইবাটাও প্ৰতিবেদনত এই নতুন ড্ৰোণক হাৰ্মিছ ৪০০ ৰ উন্নত সংস্কৰণ বুলি দাবী কৰা হ’লেও পুৰণা আৰু নতুন হাৰ্মিছ ড্ৰোণৰ মাজত আছে আকাশ পাতাল পাৰ্থক্য। হাৰ্মিছক হিব্ৰুত কোশেব অৰ্থাৎ নক্ষত্ৰ বুলি কোৱা হয়। এই ড্ৰোণে কেইবাধৰণৰো গাইডেড বোমা বহণ কৰিব পাৰে। এনিশাতেই ৩০ঘণ্টা উৰিব পাৰে হাৰ্মিছ ৯০০ ড্ৰোণ। ৫০০ কিঃগ্ৰাঃ ওজন বহন কৰিবলৈ সক্ষম ইজৰাইলৰ এই গেম চেঞ্জাৰ ড্ৰোণ। এই ড্ৰোণত আছে হাই ডেফিনেশ্ব্যন অপটিকেল ছেন্সৰ, স্পেছিয়েল এৰিয়েল ছাৰ্ভিলেন্স চিষ্টেম আৰু পিন পয়েণ্ট লেজাৰ টাৰ্গেট মাৰ্কাছ। এই ড্ৰোণে ৩০ হাজাৰ ফুট ওপৰত উৰিব পাৰে। ইজৰাইল ডিফেন্স ফৰ্ছ আৰু সেই দেশৰ নৌবাহিনীক লক্ষ্যবস্তুৰ অৱস্থান চিনাক্ত কৰি কৈ দিব পাৰে এই ড্ৰোণে। যদি ইজৰাইল বাহিনীৰ পক্ষে সেই লক্ষ্যবস্তুত আঘাত কৰা কষ্টকৰ হয় তেন্তে হাৰ্মিছ ৯০০ ড্ৰোণেই সেই লক্ষ্যবস্তুক আক্ৰমণ কৰে। এই ড্ৰোণত লগোৱা কেমেৰাই ৰিয়েল টাইম কভাৰ কৰে। ডিফেন্স প্ৰকিউৰমেণ্ট ইণ্টাৰনেশ্ব্যনেল আৰু দ্যা ছানৰ প্ৰতিবেদনমতে বিগত ২০ ডিচেম্বৰত গাজাত প্ৰথম এই ড্ৰোণ ব্যৱহাৰ কৰিছে ইজৰাইলে। কন্ট্ৰল ৰুমত থকা পাইলটৰ দাবী যে এই সময়ত ড্ৰোণত থকা লেজাৰ বোমাৰ ব্যৱহাৰ কৰা হৈছে।
বিগত ৭টা সপ্তাহত এই ড্ৰোণেৰে ইজৰাইলে ২০০০ পেলেষ্টাইনীক আক্ৰমণ কৰিছে। আটাইকেইগৰাকীৰ মৃত্যুও হৈছে। আহত হৈছে ১০০০০ গৰাকী ব্যক্তি। বেছ কেইবাখনো প্ৰতিবেদনে দাবী কৰামতে গাজাত হামাছৰ সুৰংগত বৰ্তমান হাৰ্মিছ ৯০০ ড্ৰোণ ব্যৱহাৰ কৰা হৈছে। হামাছক শেষ কৰাৰ বাবে এই ড্ৰোণ অতি শক্তিশালী বুলি জনাইছে একাংশ সামৰিক বিশেষজ্ঞই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ