অসম লাইভ২৪ঃ G-20 সন্মিলনক লৈ উখল-মাখল ৰাজধামী দিল্লী। এখনৰ পাছত আনখন দেশৰ ৰাষ্ট্ৰপ্ৰধান উপস্থিত হৈছে ভাৰতত। কিন্তু এই ৰাষ্ট্ৰপ্ৰধানসকলৰ অভ্যৰ্থনাৰ দায়িত্বত কোন আছে? প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নে বিদেশ মন্ত্ৰী এছ জয়শংকৰে আদৰণি জনাইছে এইসকল ৰাষ্ট্ৰপ্রধানক?
বৃহস্পতিবাৰে সন্ধিয়া দিল্লী বিমানবন্দৰত আহি উপস্থিত হৈছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন। জ’ বাইডেনক বিমান বন্দৰৰ পৰা আদৰি আনিবলৈ কিন্তু প্ৰধানমন্ত্ৰী তথা বিদেশমন্ত্ৰী কোনোৱে উপস্থিত হোৱা নাছিল। তাৰ সলনি জ’ বাইডেনক আদৰণি জনাই অসামৰিক বিমান পৰিবহন মন্ত্ৰী জেনেৰেল ভি কে সিংহই। বাইডেনৰ ওপৰিও G-20ত ভাগ ল’বলৈ অহা চীনৰ প্ৰধানমন্ত্ৰী লি কিয়াংককো ভি কে সিংহয়েই আদৰণী জনাই।
নতুন দিল্লীৰ প্ৰগতি ময়দানত ভাৰত মণ্ডপম কনভেনসন চেণ্টাৰত G-20ৰ শীৰ্ষ সন্মিলন আৰম্ভণিৰ আগে আগে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয় আমেৰিকাৰ প্ৰেছিডেণ্ট জ’ বাইডেন। বিদেশ মন্ত্ৰণালয়ৰ এই সূত্ৰৰ খবৰ অনুসৰি বৃহস্পতিবাৰে সন্ধিয়া ৬ বাজি ৫৫ মিনিটত বাইডেনৰ বিমান দিল্লী বিমান বন্দৰত নামে। বাইডেন আৰু তেওঁৰ প্ৰতিনিধি দলৰ বাবে দিল্লীৰ বিশেষ সা সুবিধা সম্পন্ন হোটেলৰ ৪০০ টা কোঠা ভাড়াত লোৱা হৈছে। আগন্তুক দুটা দিন তাতেই থাকিব বাইডেনসহ তেঁওৰ লগত অহা প্ৰতিনিধি দলটো। শুকুৰবাৰে নিশা মোদীৰ সৈতে বৈঠকত মিলিত হ’ব দলটো। কিন্তু এইসমূহৰ মাজতেই চৰ্চা লাভ কৰিছে আন এক বিষয়ে।
২০১৭ চনত বাংলাদেশৰ প্রধানমন্ত্ৰী শ্বেখ হাছিনা যেতিয়া দিল্লী বিমান বন্দৰত উপস্থিত হৈছিল তেতিয়া সকলো প্ৰটকল ভাঙি প্ৰধানমন্ত্ৰীয়ে নিজেই হাছিনাক আদৰিবলৈ বিমান বন্দৰত উপস্থিত হৈছিল। ২০১৮ চনত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেটানিয়াহুকো মোদীয়ে নিজেই বিমান বন্দৰৰ পৰা আদৰি আনিছিল। মোদীৰ আতিথ্যপৰায়ণতা দেখি সকলোৱেই আশা কৰিছিল G-20 সন্মিলনত আমেৰিকাৰ প্ৰেছিডেণ্টক নিশ্চয় প্রধানমন্ত্ৰীয়ে নিজেই আদৰি আনিব। অৱশ্যে সেয়া হৈ নুঠিল। মোদীয়ে আদৰণি জনাবলৈ বিমান বন্দৰত উপস্থিত হোৱাটো বাদেই ভাৰতত উপস্থিত হোৱাৰ বহু সময় পাছতহে লগ কৰে আমেৰিকাৰ ৰাষ্ট্ৰপ্ৰধানক। এক সূত্ৰই প্ৰকাশ কৰামতে G-20ৰ শীৰ্ষ সন্মিলনত ভাগ ল’বলৈ অহা নেতাসকলক প্ৰটকল মানি লগ কৰিব দেশৰ প্রধানমন্ত্ৰীয়ে। বিগত বৃহস্পতিবাৰৰ নিশা ইউৰোপীয় কমিছনৰ প্ৰেছিডেণ্ট উৰছুলা ফানডাৰ লেয়নক অভ্যৰ্থনা জনাবলৈ আহে কেন্দ্ৰীয় উদ্যোগ তথা বাণিজ্য ৰাজ্যিক মন্ত্ৰী অনুপ্ৰিয়া পেটেল। বিদেশ মন্ত্ৰীৰ সূত্ৰৰ খবৰ অনুসৰি, শুকুৰবাৰে দুপৰীয়া ১ বাজি ৪০ মিনিটত ব্ৰিটেইনৰ প্রধানমন্ত্ৰী ঋষি ছুনাক উপস্থিত হৈছে দিল্লী ইন্দিৰা গান্ধী বিমান বন্দৰত। ঋষি ছুনাকক আদৰণি জনাইছে কেন্দ্ৰীয় খাদ্য সৰবৰাহ তথা ক্ৰেতা সুৰক্ষা ৰাজ্যিক মন্ত্ৰী অশ্বিনীকুমাৰ চৌৰে। জাপানৰ প্ৰধানমন্ত্ৰী ফুমিও কিছিদাক দুপৰীয়া ২ বজাত বিমান বন্দৰত অভ্যৰ্থনা জনাবলৈ উপস্থিত থাকে ৰাজ্যিক মন্ত্ৰী অশ্বিনী।
ইটালীৰ প্রধানমন্ত্ৰী জৰ্জিয়া মেলোনিক অভ্যৰ্থনা জনাবলৈ কৃষি ৰাজ্যিকমন্ত্ৰী শোভী কৰাণ্ডলাজ আৰু বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক অভ্যৰ্থনা জনাব ৰেল আৰু বস্ত্ৰ ৰাজ্যিকমন্ত্ৰী দৰ্শনা জাৰ্দোছাই। দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি ইউন ছুক ইওলোক দিল্লী বিমানবন্দৰত স্বাগতম জনাব তথ্য প্ৰযুক্তিৰ ৰাজ্যিক মন্ত্ৰী চন্দ্ৰশেষকে। সূত্ৰৰ খবৰ অনুসৰি মোদী-বাইডেনে শুকুৰবাৰৰ বৈঠকত নতুন দিল্লী আৰু ৱাছিংটন দ্বিপাক্ষিক সহযোগিতাত নানান ক্ষেত্ৰৰ কেইবাটাও আলোচনা চলিব। এই বৈঠকত ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলত চীনৰ মোকাবিলাত ‘কোৱাড্ৰিল্যাটেৰাল ছিকিউৰিটি ডায়ালগ(কোয়াড)ৰ চাৰি সদস্য ৰাষ্ট্ৰ (ভাৰত, আমেৰিকা, অষ্ট্ৰেলিয়া আৰু জাপান)ৰ মাজত সমন্বয় সন্দৰ্ভতো আলোচনা চলিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ