সমীকৰণ সলনি হোৱাৰ ইংগিত, বহু ঠাইত অগ্ৰগতি কংগ্ৰেছৰ
পুৱা ৮ বজাৰ পৰা আৰম্ভ হৈছে ভোটগণনা প্ৰক্ৰিয়া। প্ৰথমে পেষ্টল বেলটৰ ভোটগণনা, তাৰ পাছত EVMৰ ভোটগণনা আৰম্ভ হয়। ১০ বজালৈ হোৱা ভোটগণনাচ প্ৰকাশ পাইছে এখন অপ্ৰত্যাশিত ছবি। বিজপিৰ ৪০০ পাৰ হোৱাৰ সপোন বিচ্চিন্ন হোৱাৰ দিশে। কিয়নো দেশৰ কেইবাখনো আসনত অগ্ৰগতি লাভ কৰি আছে কংগ্ৰেছে।
বিজেপিয়ে লাভ কৰিব বুলি ভবা বহু কেইখন আসনতো অগ্ৰগতি লাভ কৰি আছে কংগ্ৰেছে। কেৱল ভাৰতৰ প্ৰেক্ষাপটতেই নহয় অসমৰ প্ৰেক্ষাপটতো আগবাঢ়ি আছে কংগ্ৰেছ।
অন্য কেইবাৰৰ দৰে দক্ষিণ ভাৰততো অগ্ৰহতি কংগ্ৰেছৰ। পাছে সকলোতকৈ মন কৰিবলগীয়া কথা যে, উত্তৰ ভাৰতত বিজেপিতকৈ আগত আছে কংগ্ৰেছ। বহু কেইখন আসনত অগ্ৰগতি লাভ কৰি আছে কংগ্ৰেছ। যাৰ বাবে এতিয়া বহু লোকৰে মনত প্ৰশ্নৰ উদয় হৈছে, উত্তৰ প্ৰদেশত যাৰ সংখ্যাহগৰিষ্ঠতা দেশৰ শাসনভাৰো সেই দলৰ হাতলৈ যদি কংগ্ৰেছেই নিব নেকি মুকুট।
অসমৰ ক্ষেত্ৰত চাবলৈ গলে ধুবুৰী সমষ্টিত বৰ্তমানে ৮০৬৭০ টা ভোটৰ ব্যৱধানত অগবাঢ়ি আছে কংগ্ৰেছৰ ৰকিবুল হুছেইন। যোৰহাটত ২৩০৫৬ টা ভোটৰ ব্যৱধানত আগবাঢ়ি আছে কংগ্ৰেছৰ গৌৰৱ গগৈ।
কৰিমগঞ্জত ৭০৯৪ টা ভোটৰ ব্যৱধানত আগবাঢ়ি আছে কংগ্ৰেছৰ হাফিজ ৰছিদ আহমেদ চৌধুৰী। নগাঁও সমষ্টিত ৭৬২৫ ভোটত আগবাঢ়ি আছে কংগ্ৰেছৰ প্ৰদ্যুৎ বৰদলৈ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ