ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনক লৈ এতিয়া উদুলি-মুদুলি গুৱাহাটীৰ ৰাজীৱ ভৱনৰ পদুলি। প্ৰায় দুকুৰিৰো অধিক প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে ইতিমধ্যে প্ৰাৰ্থিত্বৰ বাবে আবেদন দাখিল কৰিছে। সোমবাৰৰ লৈকে ১৪ সমষ্টিৰ বাবে বৰ্তমানলৈ মুঠ ৪৫ গৰাকী প্ৰাৰ্থীত্ব প্ৰত্যাশীয়ে আবেদন কৰিছে। কেৱল সোমবাৰৰ দিনটোতে ২৫গৰাকী প্ৰাৰ্থীত্ব প্ৰত্যাশীয়ে আবেদন দাখিল কৰিছে ৰাজীৱ ভৱনত।
ইতিমধ্যে আবেদন দাখিল কৰা প্ৰত্যেকগৰাকী প্ৰাৰ্থীয়ে আবদনৰ সৈতে জমা দিছে ১লাখকৈ টকা। টিকটৰ আবেদনকাৰী পৰাই সোমবাৰৰ লৈকে কংগ্ৰেছে সংগ্ৰহ কৰিছে প্ৰায় ৪৫লাখ টকা। লোকসভা নিৰ্বাচনৰ ভোটযুদ্ধৰ বাবে সোমবাৰৰ দিনটোত আবেদন দাখিল কৰা ব্যক্তি সকল হৈছে-
১. ৰনজিতা পেগু-লখিমপুৰ
২. আব্দুল হাই নাগৰি- ধুবুৰী
৩.আনোৱাৰ হুছেইন লস্কৰ-কৰিমগঞ্জ
৪.আব্দুল চালেহ নাজিমুদ্দিন – কৰিমগঞ্জ
৫. বিনয় কৃষ্ণ দাস- শিলচৰ
৬.অশোক বৈদ্য- শিলচৰ
৭. আব্দুচ চাবুৰ তপাদাৰ- কৰিমগঞ্জ
৮.নৈঋতা জয় শুক্লা-শিলচৰ
৯.সৌম্য কান্তি পুৰকায়স্থ-শিলচৰ
১০. বনশ্ৰী গগৈ- যোৰহাট
১১.হেমন্ত বিজয় মহন্ত- শোণিতপুৰ
১২. ৰীতা ডেকা-বৰপেটা
১৩. ঋতুৰাজ কোঁৱৰ- যোৰহাট
১৪. বেণুধৰ নাথ- শোণিতপুৰ
১৫. ৰুমা দেৱী- যোৰহাট
১৬. ৰাণী নৰহ – লখিমপুৰ
১৭. আব্দুল খালেক
১৮. ডাঃ মতিউৰ ৰহমান মণ্ডল- ধুবুৰী
১৯. প্ৰেমলাল গুঞ্জু- শোণিতপুৰ
২০. ৰাতুল কলিতা- বৰপেটা
২১. গর্জন মুছাহাৰী- কোকৰাঝাৰ
২২. ৰাম প্ৰসাদ শৰ্মা- শোণিতপুৰ
২২- ৰমেন বৰঠাকুৰ- গুৱাহাটী
২৩. ৰমেন বৰঠাকুৰ- দৰং ওদালগুৰি
২৪. ডঃ চামছুৰ ৰহমান লস্কৰ- কৰিমগঞ্জ
২৫.নুৰুল ছফিকুল ৱাজিদ- ধুবুৰী
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ