কি যে আজৱ কাণ্ডবোৰ ঘটি নাথাকে এই পৃথিৱীৰ মানৱ সমাজত! এইবাৰ এগৰাকী প্ৰেমিকাই প্ৰেমিকৰ বিৰুদ্ধে নিয়োগ কৰিলে এগৰাকী যুৱতী চোৰাংচোৱা৷
প্ৰেমিকাগৰাকীয়ে নিজ প্ৰেমিকে তেওঁক প্ৰতাৰণা কৰিছে নেকি তাৰ পৰীক্ষা কৰিবলৈ প্ৰেমিকৰ বিৰুদ্ধে যুৱতী গুপ্তচৰ নিয়োগ কৰিছিল৷ কিন্তু আশ্বৰ্যকৰ কথাটো হৈছে যিগৰাকী যুৱতীক নিয়োগ কৰা হৈছিল সেইগৰাকী প্ৰেমিকা আৰু প্ৰেমিকৰ দুয়োৰ অপৰিচিত আছিল৷
প্ৰেমিকাগৰাকীৰ প্ৰেমিকেৰে তিনিবছৰীয়া প্ৰেমৰ সম্পৰ্ক আছিল৷ কিন্তু প্ৰেমিকে নিজকে চিংগল বুলি কৈ তিনিগৰাকী যুৱতীৰে ৰাতি ৰাতি বাৰ্তালাপ কৰি আহিছিল৷
লগতে পঢ়ক ‘গাধ সদায় গাধই, জেব্ৰা হ’ব নোৱাৰে’, নিজকে এইদৰে কিয় এইদৰে ক’লে ইমৰাণ খানে?
ইনষ্টাগ্ৰামত প্ৰেমিকে বহু যুৱতী আৰু মহিলাক ফ’লো আৰু ৰিয়েক্ট কৰাত প্ৰেমিকাৰ মনত সন্দেহৰ বীজ অংকুৰিত হয়৷
ট্ৰিনিটি নামৰ প্ৰেমিকাগৰাকীৰ বিবাহৰ পূৰ্বে প্ৰেমিকৰ প্ৰতি সৃষ্টি হোৱা এই সন্দেহৰ সত্যতা প্ৰমাণৰ বাবে এই উপায় অৱলম্বন কৰে৷ সেই অনুসৰি প্ৰেমিকাই এগৰাকী অচিনাকি যুৱতীক ইনষ্টাগ্ৰামত প্ৰেমিকৰ সৈতে কথা পাতিবলৈ অনুৰোধ কৰে৷
লগতে পঢ়ক কৰ্মচাৰীৰ প্ৰতি দৰদ প্ৰতিষ্ঠানৰ! ডিউটিৰ মাজতে টোপনি মাৰিবলৈ সময় দিব ৩০ মিনিট
অপৰিচিত যুৱতীগৰাকীয়ে প্ৰেমিকজনৰ সৈতে ঘণিষ্ঠভাৱে বাৰ্তালাপ কৰিবলৈ আৰম্ভ কৰে৷ ইয়াৰ পিছতে প্ৰেমিকজনে উক্ত যুৱতীগৰাকীক মিয়ামিলৈ নিয়াৰো প্ৰস্তাৱ দিয়ে৷ এইদৰে ট্ৰিনিটিৰে সম্পৰ্কত থাকোতে প্ৰেমিকজনে বিভিন্ন যুৱতীৰে প্ৰেমৰ সম্পৰ্কলৈ অহাৰ প্ৰমাণ ফাদিল হয়৷
ইয়াৰ পিছতে ট্ৰিনিটিয়ে সমস্ত ঘটনাটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰে৷ ঘটনাটো শুনাৰ পিছত সামাজিক মাধ্যমত ট্ৰিনিটিক অসংখ্য লোকে সমবেদনা জনাইছে৷ কোনো কোনোৱে ট্ৰিনিটিক কৈছে, যিগৰাকী আঁতৰি যোৱাৰ সংশয় থাকে তেওঁৰ সৈতে সম্পৰ্কৰ ৰক্ষা কৰাৰ প্ৰয়োজন নাই৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ