প্ৰেমিকাৰ কথা মতেই কাম, এটকাও খৰচ নকৰাকৈ ব্যৱসায় কৰি মহাকুম্ভত হাজাৰ হাজাৰ টকা উপাৰ্জন
প্ৰয়াগৰাজ মহাকুম্ভত প্ৰথম দিনৰে পৰা ভিৰ কৰিছে লাখ লাখ কোটি কোটি সংখ্যক ভক্তই। পৰিস্থিতি এনে হৈ পৰিছে যে মহাকুম্ভ থলীত এতিয়া মানুহৰ ভিৰৰ বাবে পদপিষ্ট হৈ প্ৰাণ হেৰুৱাব লগা হৈছে বহু ভক্তই। সেই মহাকুম্ভই আন একাংশ লোকক দিছে উপাৰ্জনৰ পথ।
তাৰেই মাজৰ এগৰাকী যুৱকৰৰ ভিডিঅ’ বৰ্তমানে ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত। যুৱকগৰাকীৰ কথাৰ বাবেই ভাইৰেল হৈ পৰিছে। কাৰণ যুৱকগৰাকীয়ে এটকাও খৰচ নকৰাকৈ এক বিশেষ ব্যৱসায় কৰি উপাৰ্জন কৰিছে হাজাৰ হাজাৰ টকা।
ভাইৰেল ভিডিঅ’টোত দেখা গৈছে যে যুৱকজনে দাঁতুন তথা দাঁত ঘহা গছৰ ঠানি বিক্ৰী কৰি আছে। আৰু এটা টকাও খৰচ নকৰাকৈ সেই ঠানি বিক্ৰী কৰিয়ে মাত্ৰ চাৰিদিনতে ত্ৰিশৰ পৰা চল্লিশ হাজাৰ টকা উপাৰ্জন কৰিছে।
https://www.instagram.com/reel/DFR21_CzImt/?utm_source=ig_web_copy_link
সবাতোকৈ বিশেষ কথাটো হল, যুৱকগাৰকীয়ে এইদৰে এটা টকাও খৰচ নকৰাকৈ ব্যৱসায় কৰাৰ বুদ্ধি পাইছিল প্ৰেমিকাৰ পৰা। প্ৰেমিকাৰ কথা মতেই প্ৰেমিক যুৱক নামি পৰিছিল এই দৰে দাঁত ঘহাৰ যতন বিক্ৰী কৰাৰ বাবে।
যি ব্যৱসায় বৰ্তমানে লাভজনক হিচাপে থিয় দিছে যুৱকৰ বাবে। মেলাত ঘূৰি ফুৰি পৰিশ্ৰম কৰি চাৰি দিনতে বহু হাজাৰ টকা উপাৰ্জন কৰিছে। এই যুৱকগৰাকীয়ে ভিডিঅ’ ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।
ভিডিঅ’ত বহু লোকেই কমেণ্ট কৰি যুৱকক প্ৰশংসা কৰাৰ লগতে যুৱকৰ প্ৰেমিকাৰো প্ৰশংসা কৰে। লগতে এনে বুদ্ধিমত্তা প্ৰেমিকাক বিয়া বাৰু কৰাই সুন্দৰ ভৱিষ্যতৰ বাবে পৰামৰ্শ দিয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ