অসম লাইভ ২৪ঃ মহাৰাষ্ট্ৰৰ উপ মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ বিৰুদ্ধে আয়কৰ বিভাগৰ অভিযান৷ ১ হাজাৰ কোটি টকা মূল্যৰ নামী-বেনামী সম্পত্তি জব্দ৷ জব্দকৃত সম্পত্তিৰ ভিতৰত আছে ২০ কোটি টকীয়া ফ্লেট, ৬০০ কোটি টকীয়া ফেক্টৰী ইত্যাদি৷ প্ৰায় ১৮৪ কোটি টকাৰ হিচাপ বৰ্হিভূত আয়ৰ তথ্য লাভ আয়কৰ বিভাগৰ৷ জব্দকৃত ৫ অবৈধ সম্পত্তিৰ ভিতৰত আছে মুম্বাইৰ নিৰ্মল টাৱাৰ, চেনীৰ কাৰখানা আৰু এখন ৰিজ’ৰ্ট চীল কৰিছে আয়কৰ বিভাগে৷ যোৱা মাহত আয়কৰ বিভাগে তালাচী চলাইছিল অজিত পাৱাৰৰ ভগ্নীৰ ঘৰ আৰু ফাৰ্মহাউচত৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ