অনাগত দিনত নোটৰ পৰা মহাত্মা গান্ধীৰ ছবিখন আঁতৰাই পেলোৱা হ’ব নেকি? ছ’চিয়েল মিডিয়াত এই সন্দৰ্ভত চলি থকা প্ৰচাৰৰ মাজতে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ পৰা স্পষ্টীকৰণ আহিছে।
ভাৰতীয় ৰিজাৰ্ভ বেংক-এ কয়ে যে তেওঁলোকৰ পৰা এনে কোনো প্ৰস্তাৱ দিয়া হোৱা নাই। শেহতীয়াকৈ প্ৰকাশিত এক প্ৰতিবেদনত কোৱা হৈছিল যে ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু আব্দুল কালামৰ ফটো থকা নোট শীঘ্ৰেই জাৰি কৰা হ’ব পাৰে।
ভাৰতীয় ৰিজাৰ্ভ বেংকে প্ৰকাশ কৰা এক বিবৃতিত কোৱা হৈছে যে বেংকনোটত থকা মহাত্মা গান্ধীৰ ছবি সলনি কৰাৰ কোনো প্ৰস্তাৱ নাই।
লগতে পঢ়ক সংগীয়ে আপোনাক তেওঁৰ প্ৰয়োজনৰ বাবে ব্যৱহাৰ কৰিছে নেকি? কেনেকৈ জানিব?
কেন্দ্রীয় বেংকে স্পষ্ট কৰি দিয়ে যে সংবাদ মাধ্যমৰ কিছু ঠাইত ভাৰতীয় ৰিজার্ভ বেংকে বৰ্তমানৰ মুদ্ৰা আৰু বেংকনোটৰ ঠাইত মহাত্মা গান্ধীৰ ফটো আৰু আন লোকৰ নোট আৰু মুদ্ৰা সলনি কৰাৰ চিন্তা-চৰ্চা কৰিছে বুলি বাতৰি প্ৰকাশ পাইছে। ৰিজাৰ্ভ বেংকৰ হাতত এনে কোনো প্ৰস্তাৱ নাই।
নিউ ইণ্ডিয়ান এক্সপ্ৰেছৰ প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতীয় ৰিজাৰ্ভ বেংকে ৰবীন্দ্ৰ নাথ ঠাকুৰ আৰু এ পি জে আব্দুল কালামৰ ফটো থকা নোট জাৰি কৰাৰ কথা চিন্তা কৰিছে।
লগতে পঢ়ক মুছৱেলাৰ দৰ্শাই হ’ব ছলমানৰ! কোনে দিলে ছলমান খানক হত্যাৰ ভাবুকি?
প্ৰতিবেদনত কোৱা হৈছে যে বিত্ত মন্ত্ৰালয়ৰ অধীনস্থ ভাৰতীয় নিৰাপত্তা প্ৰিন্টিং এণ্ড মিন্টিং নিগমে আই আই টি দিল্লীৰ অধ্যাপক দিলীপ সাহনীলৈ মহাত্মা গান্ধী, এ পি জে আব্দুল কালাম আৰু ৰবীন্দ্ৰ নাথ ঠাকুৰৰ দুটা ছেট ৱাটাৰমাৰ্ক প্ৰেৰণ কৰিছে। অধ্যাপক ছ’হনীক দুয়োটা ছেটৰ মাজৰ পৰা এটা বাছি ল’বলৈ কোৱা হৈছে। ইয়াৰ পিছত চৰকাৰৰ ওচৰত দাখিল কৰা হ’ব।
উল্লেখ্য যে এজনতকৈ অধিক ব্যক্তিৰ সৈতে নোট আমেৰিকা আৰু জাপানতহে ছপা কৰা হয়। মাৰ্কিন ডলাৰত জৰ্জ ৱাশ্বিংটন আৰু আব্ৰাহাম লিংকনলৈ এখন ছবি আৰু জাপানৰ য়েনত বহু লোকৰ ফ’টো দেখা যায়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ