অসম লাইভ২৪ঃ ৭ দিন পাছতেই আৰম্ভ হ’ব মলমাহ। এই সময়ক খৰ মাহ বুলিও কোৱা হয়। আগন্তুক ১৬ ডিচেম্বৰত ধনু সংক্ৰান্তিৰ পৰা আৰম্ভ হ’ব মলমাহ। এই মলমাহ চলিব ১৫ জানুৱাৰী পৰ্যন্ত। জ্যোতিষ গণনা অনুসৰি সূৰ্যই যি সময়ত ধনু ৰাশিত অৱস্থান কৰে সেই মাহকেই মলমাহ বুলি কোৱা হয়। আগন্তুক ১৫ জানুৱাৰীত সূৰ্যই মকৰ ৰাশিত প্ৰৱেশ কৰিলেই মল মাহৰ অৱসান হ’ব। হিন্দুধৰ্মত মলমাহত বিয়া, উপনয়ন, গৃহপ্ৰৱেশৰ দৰে কোনো শুভ কাম নহয়।
মেষ ৰাশি
মলমাহত আৰ্থিক পৰিস্থিতিৰ উন্নতি হ’ব মেষ ৰাশিৰ জাতকৰ। বিনিয়োগ কৰাৰ বাবেও এই সময় শুভ। ভাল ৰিটাৰ্ন পোৱাৰ যোগ আছে। এই সময়ত নতুন গাড়ী ক্ৰয় কৰিব পাৰে মেষ ৰাশিৰ জাতকে। টকা লেনদেনতো ভাল ফলেই পাব। মা লক্ষ্মীৰ আশীৰ্বাদ মলমাহত লাভ কৰিব মেষ ৰাশিৰ জাতকে। নানান সূত্ৰৰ পৰা অৰ্থলাভ কৰিব।
মিথুন ৰাশি
মলমাহত আৰ্থিকভাৱে লাভৱান হ’ব মিথুন ৰাশিৰ জাতকো। এই সময়ত আপুনি কৰোবাত বিনিয়োগ কৰিলে মোটা অংকৰ ধন লাভ কৰাৰ সম্ভাৱনা আছে। সমগ্ৰ মাহজুৰি লক্ষ্মীৰ কৃপাদৃষ্টি আপোনাৰ ওপৰত থাকিব। আয় বাঢ়িলে খৰচো বাঢ়িব। অকাৰণত ধন খৰচ নকৰিব। ব্যৱসায়ীসকলৰ হাতলৈকো এই সময়ত ধন আহিব। নতুন বাহন ক্ৰয়ৰ যোগ আছে মিথুন ৰাশিৰ জাতকৰ।
ধনু ৰাশি
আগন্তুক ১৬ ডিচেম্বৰৰ পৰাই আৰম্ভ হ’ব মলমাহ। এই মাহতেই ভাগ্য খুলিব ধনু ৰাশিৰ জাতকৰ। মা লক্ষ্মীৰ আশীৰ্বাদ এই মাহত ধনু ৰাশিৰ জাতকে লাভ কৰিব। জীৱনত প্ৰচুৰ সুখ আৰু সমৃদ্ধি আহিব এই ৰাশিৰ জাতকৰ। দাম্পত্য জীৱনত সুখ বৰ্তি থাকিব। যি কোনো আৰ্থিক লেনদেনৰ বাবে এই সময় শুভ। কাৰোবাক ধন ধাৰ দিয়াৰ আগতে সকলো বিবেচনা কৰি ল’ব। মা লক্ষ্মীৰ কৃপাত মলমাহত আৰ্থিক পৰিস্থিতি ভাল হ’ব ধনু ৰাশিৰ জাতকৰ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ