ধুমধামকৈ সন্ন্যাস লৈছিল মমতা কুলকাৰ্নিয়ে৷ কিন্নৰ আখড়াৰ মহামণ্ডলেশ্বৰ কৰা হৈছিল মমতাক৷ মমতাই সন্ন্যাস লোৱাৰে পৰাই আৰম্ভ হৈছিল বিতৰ্কৰো৷ বহুতেই প্ৰশ্ন উত্থাপন কৰিছিল, ব্ৰহ্মচৰ্য, সাধুসেৱাৰ কি কোনো মূল্য নাই? শেষ পৰ্যন্ত মমতাক মহামণ্ডলেশ্বৰ পদৰ পৰা সেয়ে আঁতৰাই দিলে আখড়াৰ প্ৰতিষ্ঠাতা ঋষি অজয় দাসে৷
এই উপাধি তেওঁ আৰু ব্যৱহাৰ কৰিব নোৱাৰিব৷ কেৱল সেয়াই নহয় মমতাক এই উপাধি দিয়াৰ বাবে আচাৰ্য মহামণ্ডলেশ্বৰ ডঃ লক্ষ্মী নাৰায়ণ ত্ৰিপাঠিকো আঁতৰাই দিয়া হৈছে৷ বিতৰ্কৰ বাবেই এই সিদ্ধান্ত বুলি অনুমান কৰিছে বহুজনেই৷ এই প্ৰসংগত ঋষি অজয়দাসে স্পষ্টকৈ কয়, ‘কিন্নড় আখড়াৰ প্ৰতিষ্ঠাতা হিচাপে উজ্জয়িনী কুম্ভ ২০১৫-১৬ত নিযুক্ত আচাৰ্য মহামণ্ডলেশ্বৰ লক্ষ্মী নাৰায়ণ ত্ৰিপাঠিক মহামণ্ডলেশ্বৰ পদৰ পৰা অব্যাহতি দিয়া হৈছে৷
ইয়াৰ কাৰণো বাখ্যা কৰি তেওঁ কয়, ‘যি উদ্দেশ্যৰে তেওঁক এই পদ দিয়া হৈছিল, অৰ্থাৎ ধৰ্ম প্ৰচাৰ আৰু কিন্নৰ সমাজৰ উন্নতিৰ বাবে যি পথ দিয়া হৈছিল তাৰ পৰা বিচ্যুত হৈছে৷ আমাৰ অনুমতি অবিহনে ২০১৯ চনৰ প্ৰয়াগৰাজত কুম্ভ জুনা আখড়াৰ সৈতে লিখিত চুক্তি কৰিছে যি কেৱল অনৈতিকেই নহয় এক ধৰণৰ প্ৰতাৰণা৷ প্ৰতিষ্ঠাতাৰ সন্মতি আৰু স্বাক্ষৰ অবিহনে চুক্তি কৰা আইনৰ দিশৰ পৰাও বৈধ নহয়৷
বৈৰাগ্যৰ পথ অনুসৰণ কৰোৱাৰ পৰিবৰ্তে চিধাই মমতাক কোনো পদত প্ৰতিষ্ঠা কৰোৱাটো একেবাৰে উচিত কাম নহয়৷ সেয়ে বাধ্য হৈ দেশৰ সনাতন ধৰ্ম আৰু সমাজৰ কল্যাণৰ বাবে তেওঁক এই পদৰ পৰা অব্যাহতি দিয়া হৈছে৷ কিন্নৰ আখড়াৰ প্ৰতীক আৰু চিহ্নৰ অৱমাননা কৰা হৈছে বুলিও অভিযোগ কৰিছে ঋষি অজয় দাসে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ