ভাৱনা আছিল সুখে শান্তিৰে সংসাৰ কৰিব৷ কিন্তু বিবাহৰ মাত্ৰ ১২ দিনতেই মূৰৰ ওপৰত ভাঙি পৰিল আকাশ৷ বিবাহৰ ১২ দিনৰ পাছত জানিব পাৰিলে যে তেওঁ যাৰ সৈতে সংসাৰ কৰিছিল সেই নাৰীগৰাকী প্ৰকৃততে নাৰী নহয় তেওঁ এগৰাকী পুৰুষহে৷ ২৬ বছৰীয়া যুৱকে বিবাহৰ প্ৰায় দুই সপ্তাহৰ পাছত তেওঁ পত্নী আদিন্দা কাঞ্জাৰ প্ৰকৃত পৰিচয় জানিব পাৰি হতবম্ব হৈ পৰিছে৷
এক আন্তৰাষ্ট্ৰীয় খবৰ অনুসৰি ২০২৩ চনত এক ছচিয়েল মিডিয়া প্লেটফৰ্মত তেওঁৰ হবলগীয়া পত্নীৰ সৈতে পৰিচয় হৈছিল যুৱকজনৰ৷ কথাবতৰা পাতি ভাল লগাত তেওঁ বিবাহৰ সিদ্ধান্তই লৈ পেলাইছিল৷ হ’বলগীয়া পত্নীক লগ কৰোতে যুৱতীৰূপী সেই পুৰুষে পৰিধান কৰি আছিল বোৰ্খা৷ লগতে পৰিধান কৰিছিল নিকাবো৷ যাৰ বাবে তেওঁৰ সম্পূৰ্ণ মুখেই ঢকা আছিল৷ প্ৰথমে বিষয়টোক অস্বাভাৱিক ধাৰণাও হোৱা নাছিল৷ বৰং তেওঁ ভাৱিছিল, ইছলামৰ প্ৰতি তেওঁৰ পত্নীৰ গভীৰ নিষ্ঠাৰ লক্ষণ এয়া৷ ক্ৰমে দেখা সাক্ষাৎ বাঢ়ি গৈ থাকিল৷
যুৱতীৰূপী পুৰুষ অদিন্দাই জনাইছে যে বিবাহত উপস্থিত থকাৰ বাবে তেওঁৰ কোনো পৰিয়ালো নাই৷ সেয়ে পাত্ৰৰ ঘৰতেই অনাড়ম্বৰ অনুষ্ঠানৰ মাধ্যমেৰে তেওঁলোকৰ বিবাহ সম্পন্ন হৈছিল৷ বিবাহৰ পাছতো স্বামীৰ সৈতে তেওঁৰ মধুনিশা যাপন হোৱা নাছিল৷ ঋতুশ্ৰাৱৰ দোহাই দি আঁতৰি আছিল স্বামীৰ পৰা৷
১২ দিন ধৰি এই সন্দেহজনক আচৰণ চলি থকাৰ পাছতেই স্বামীৰ সন্দেহ হয় আদিন্দাৰ ওপৰত৷ ভাৱিছিল পত্নী কোনো শাৰীৰিক অসুবিধাত আছে৷ সেয়ে তেওঁ নিজেই তদন্তত নামি পৰে৷ কিন্তু যেতিয়া সঁচা সন্মুখলৈ আহে তেতিয়াই আকাশ ভাঙি পৰে স্বামীগৰাকীৰ মূৰত৷ ২০২০ চনৰ পৰা অদিন্দাই মহিলাৰ পোছাক পিন্ধি ঘূৰি ফুৰিছে৷
আৰক্ষীৰ জেৰাত নাৰীৰ ৰূপ ধাৰণ কৰি থকা অদিন্দাই জনাইছে যে তেওঁ স্বামীগৰাকীৰ সম্পত্তি লোৱাৰ উদ্দেশ্যেই এই নাটক কৰিছিল৷ আদিন্দাৰ মাত মহিলাৰ দৰে মিহি হোৱাৰ বাবে তেওঁৰ মাত শুনি আৰক্ষীও হতবাক৷ আৰক্ষীৰ এগৰাকী উচ্চাধিকাৰীয়ে জনাইছে যে, বিবাহৰ ছবি দেখি তেওঁলোকেও প্ৰথমে নাৰী বুলিয়েই ভাৱিছিল সেই যুৱকক৷ অৱশ্যে এই নাৰীৰূপী যুৱক এতিয়া কাৰাগাৰত৷ স্থানীয় আইন অনুসৰি প্ৰতাৰণাৰ অভিযোগত চাৰি বছৰ পৰ্যন্ত জে’ল হব পাৰে আদিন্দাৰ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















