অসম লাইভ২৪ঃ শ্ৰদ্ধাৰ শেষ নহয়! আকৌ এটা হৃদয় বিদাৰক ঘটনা সংঘটিত হৈছে দেশত। ঝাৰখণ্ডৰ চাহেবগঞ্জত সংঘটিত হোৱা ঘটনাটো পোহৰলৈ অহাত চিন্তিত হৈ পৰিছে সচেতনমহল। দিলদাৰ আনছাৰী নামৰ এজন ব্যক্তিয়ে তেওঁৰ পত্নীক হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে। প্ৰকাশিত খবৰ অনুসৰি দিলদাৰ আনছাৰীয়ে তেওঁৰ পত্নীক নিৰ্মমভাৱে হত্যা কৰিছিল আৰু তাৰ পিছত মৃতদেহটো ১২ টুকুৰাকৈ কাটি পেলাই দিছিল। শেহতীয়াভাৱে আৰক্ষীয়ে অভিযুক্ত স্বামী দিলদাৰ আনছাৰীক আটক কৰি জেৰা অব্যাহত ৰাখিছে।
মাত্ৰ ১৫ দিনীয়া সাংসৰিক জীৱন আছিল দুয়োৰে
আৰক্ষীয়ে জনোৱা অনুসৰি, মৃত মহিলাগৰাকীৰ নাম আছিল ৰবিতা পাহদিন। জনজাতীয় সম্প্ৰদায়ৰ কন্যা ৰবিতা আৰু দিলদাৰ আনছাৰীয়ে মাত্ৰ ১৫ দিনহে একেলগে আছিল। ৰবিতা আছিল দিলদাৰৰ দ্বিতীয় পত্নী। বহু বছৰ ধৰি দিলদাৰ আনছাৰী আৰু ৰবিতা প্ৰেমৰ সম্পৰ্কত আছিল। চলিত বছৰৰ ডিচেম্বৰৰ আৰম্ভনিতেই দুয়ো আবদ্ধ হৈছিল বিবাহপাশত। বিগত শুকুৰবাৰে নিশা দিলদাৰে হত্যা কৰিছে পত্নী ৰবিতাক।
ৰবিতাক হত্যা কৰা অস্ত্ৰ উদ্ধাৰ
ঘটনাৰ পাছতই শনিবাৰে সন্ধিয়া বোৰিঅ ছান্তালি অঞ্চলৰ অংগনৱাড়ী কেন্দ্ৰৰ নিৰ্মাণাধীন ভৱনৰ পিছফালৰ পৰা মানুহৰ ভৰিৰ টুকুৰা এটা পোৱা গৈছিল, ভৰিৰ টুকুৰাটো পোৱাৰ পাছতেই আৰম্ভীয়ে তদন্ত আৰম্ভ কৰে। আৰক্ষীৰ অভিযানত ৰবিতাৰ শৰীৰৰ বহুকেইটা অংশই উদ্ধাৰ হয়। ইয়াৰ পাছতেই ৰবিতাৰ স্বামীক আৰক্ষীয়ে আটক কৰে। আটক কৰাৰ পাছতেই হত্যাকাণ্ডটোত ব্যৱহৃত দুখনকৈ চোকা অস্ত্ৰ মোমায়েক মইনুল আনছাৰীৰ ঘৰৰ পৰা উদ্ধাৰ হৈছে।
কি কয় আৰক্ষীয়ে?
চাহেবগঞ্জৰ এছপিয়ে প্ৰকাশ কৰা অনুযায়ী মৃতদেহৰ টুকুৰা উদ্ধাৰ হোৱাৰ পাছতেই আৰক্ষীয়ে মৃতদেহটো ৰবিতাৰ বুলি চিনাক্ত কৰিছে। ২২ বছৰীয়া ৰবিতাৰ শৰীৰৰ ১২ টা টুকুৰা বৰ্তমানলৈ উদ্ধাৰ কৰা হৈছে। মৃতদেহৰ কিছু অংশৰ সন্ধান বৰ্তমানো আৰক্ষীয়ে লাভ কৰা নাই। আৰক্ষীৰ তদন্ত অব্যাহত থকাৰ মাজতেই হত্যাকাৰী স্বামী দিলদাৰৰ বিৰুদ্ধে আইনে কি ব্যৱস্থা ল’ব সেয়াহে লক্ষ্যনীয় বিষয় হৈ পৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ