অসম লাইভ২৪ঃ হিন্দু ধৰ্মীয় পৰম্পৰা জটিলতাৰ সন্মুখীন হ’লে প্ৰায়সংখ্যক লোকেই ভগৱান শিৱক ধ্যান কৰে। প্ৰতিমাহে অন্তত দুদিনকৈ হলেও শিৱৰ ব্ৰত ৰাখে। কৃষ্ণা আৰু শুক্লা পক্ষত এই ব্ৰত ৰাখে বহুতেই। ২১ ডিচেম্বৰ ২০২২ ত অন্তিমটো ব্ৰত পালন কৰিব বহুসংখ্যকেই। কিন্তু নতুন বছৰত শিৱক কেতিয়া কেনেকৈ উপাসনা কৰিব সেই সম্পৰ্কে নতুন বছৰৰ আৰম্ভনিতেই জানি লওক। ২০২৩ বৰ্ষত প্ৰথম প্ৰদোষ ব্ৰত পৰিছে ৪ জানুৱাৰী তাৰিখে। ধৰ্মীয় বিশ্বাস অনুযায়ী এই উপবাসে বৈবাহিক জীৱনত অহা জটিলতা, সমস্যা ইত্যাদি দুৰ কৰাত সহায় কৰে। পৰিয়ালত শান্তি বৰ্তী থাকিবলৈকে এই উপবাস অতিকৈ প্ৰয়োজন বুলি বহুতেই ক’ব খোজে।
এই উপবাস ৰাখিলে বিবাহিত জীৱনত সুখ, সন্তান সুখ, যোগ্য দৰা, সম্পদ আদি লাভ কৰে বুলি ধৰ্মীয় বিশ্বাস। বৈবাহিক জীৱনৰ সমস্যা দূৰ কৰিবলৈ আৰু পৰিয়ালৰ সুখ আৰু শান্তিৰ বাবে প্ৰদোষ ব্ৰতৰ দিনা কিছুমান বিশেষ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।
পৌষ কৃষ্ণ ত্ৰয়োদশী তিথি আৰম্ভ হ’ব ২১ ডিচেম্বৰৰ পুৱা ১২ বাজি ৪৫ মিনিটৰ পৰা। পৌষ কৃষ্ণপক্ষ ত্ৰয়োদশী তিথি সমাপ্ত হ’ব ২১ ডিচেম্বৰৰ নিশা ১০ বাজি ১৬ মিনিটত।উপাসনাৰ শুভ সময় সন্ধিয়া ৫ বাজি ৩৮ মিনিটৰ পৰা সন্ধিয়া ৮ বাজি ২১ মিনিটলৈ। দ্বিতীয় পৌষ প্ৰদোষ ব্ৰত ২০২৩ চনৰ ৩ জানুৱাৰীত। পৌষ কৃষ্ণ ত্ৰয়োদশী তিথি ৩ জানুৱাৰী নিশা ১০ বাজি ১ মিনিটৰ পৰা আৰম্ভ হ’ব। পৌষ কৃষ্ণপক্ষ ত্ৰয়োদশী তিথি সমাপ্ত হ’ব ৫ জানুৱাৰী দিনৰ ১২বজাত। পূজা কৰাৰ মুহূৰ্ত সন্ধিয়া ৫ বাজি ৪৭ মিনিটৰ পৰা ৮ বাজি ২৯ মিনিটলৈ।
যদি বিবাহিত জীৱনত সমস্যাই দেখা দিয়ে। স্বামী আৰু পত্নীৰ মাজত কাজিয়া হয়, তেন্তে প্ৰদোষ ব্ৰতৰ দিনা, সন্ধিয়া ভোলেনাথক গোলাপজল আগবঢ়াওক। দেৱী পাৰ্বতীৰ চৰণত ইয়াক অৰ্পণ কৰিব লাগে। পূজাৰ শেষত সেই গোলাপজল আপোনাৰ চকুত লগাওক। এইদৰে কৰিলে বৈবাহিত জীৱনক সুখৰ হয় বুলি শাস্ত্ৰই দাবী কৰে।
যদি সঙ্গীৰ সৈতে মতভেদ হয়, সৰু সৰু কথাক লৈয়েই বিবাদ হয় তেনেহলে প্ৰদোষ ব্ৰতৰ দিনা,২১ পাহ ৰঙা গোলাপ আৰু চন্দন শিৱলিঙ্গৰ সন্মুখত স্বামী-স্ত্ৰীয়ে একেলগে অৰ্পন কৰিলে বিবাহিত জীৱনত প্ৰেম বৃদ্ধি হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ