এক লোমহৰ্ষক হত্যাকাণ্ডই জোকাৰি গৈছে কৰ্ণাটকৰ মাংগালুৰুৰ চহৰ৷ বৃহস্পতিবাৰে নিশা চহৰখনৰ চুৰাটকল এলেকাৰ এখন দোকানৰ সন্মুখত চাৰি অচিনাক্ত মুখাধাৰীৰ দুস্কৃতিকাৰীৰ আক্ৰমণ নিহত হৈছে প্ৰবীণ নেট্টৰু নামৰ বিজেপিৰ যুৱ শাখাৰ নেতাগৰাকীৰ৷
আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি এখন দোকানৰ সন্মুখত বিজেপিৰ যুৱ শাখাৰ নেতাগৰাকীয়ে কাৰোবাৰ সৈতে কথা পাতি থকাৰ সময়তে এখন বাহনৰ পৰা নামি অহা মুখাধাৰী দলটোৱে ছুৰী আৰু লাঠিৰে অতৰ্কিতে আক্ৰমণ কৰে৷
আক্ৰমণত গুৰুতৰভাৱে নিহত হোৱা বিজেপিৰ যুৱ শাখাৰ নেতাগৰাকীৰ পিছত মৃত্যু ঘটে৷
লগতে পঢ়ক ১৪ বছৰ বয়সতে ধৰ্ষণৰ বলি হলিউদৰ অভিনেত্ৰী! বৰ্ণনা কৰিলে সেই ভয়ংকৰ স্মৃতি
ইফালে এই সমগ্ৰ হত্যাকাণ্ডটো চিচিটিভিৰ কেমেৰাত বন্দী হৈ ৰৈছে৷ হত্যাকাণ্ডটোৰ পিছতে চুৰাটকল আৰু ইয়াৰ কাষৰীয়া অঞ্চলসমূহত বৃহৎ সমাৱেশ নিষিদ্ধ কৰাৰ হৈছে।
মাংগালুৰুৰ আৰক্ষী অধীক্ষক শশী কুমাৰে কয় যে, ‘‘এয়া এক অতি স্পৰ্শকাতৰ অঞ্চল। সেয়েহে চুৰাটকল আৰু সংলগ্ন তিনিটা থানা মুলকি, পানামবুৰ, বাজপে পি এছ লিমিটত ১৪৪ ধাৰা জাৰি কৰা হৈছে।’’
লগতে পঢ়ক অপৰাধীক লৈ চিন্তিত নহয় আৰক্ষী! বান্দৰৰ পৰা জনতাক ৰক্ষাত ব্যস্ত আৰক্ষী!
লেনটো স্থাপন কৰা চিচিটিভিৰ ফুটেজত দেখা গৈছে যে ক’লা কাপোৰৰ মাস্কেৰে মুখ ঢাকি থোৱা লোককেইজনে কাপোৰৰ দোকানৰ বাহিৰত লোকজনক আক্ৰমণ কৰিছিল। প্ৰবীণ নেট্টৰুক বাৰে বাৰে লাঠি আৰু ছুৰীৰে আঘাত কৰা হৈছিল। আনকি তেওঁ মাটিত ঢলি পৰাৰ পিছতো তেওঁৰ ওপৰত এজন লোকে তেওঁক আঘাত কৰি থকা দৃশ্য বন্দী হৈ ৰৈছে।
আক্ৰমণৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই আৰু আক্ৰমণকাৰীৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ