এয়াই ৰাজ, ৫ বছৰে সৰু ৰাজৰ সৈতে থকা প্ৰেমৰ বাবেই প্ৰাণ কাঢ়িলে ৰাজাৰ
মেঘালয়ত ইন্দোৰৰ নৱবিবাহিত দম্পতী ৰাজা ৰঘুবংশীৰ হত্যাকাণ্ডৰ এক চাঞ্চল্যকৰ প্ৰকাশ। আৰক্ষীয়ে নিশ্চিত কৰিছে যে সোণম ৰঘুবংশীয়ে তেওঁৰ প্ৰেমিক ৰাজ কুশৱাহাক নিযুক্তি দিছিল আৰু হত্যাকাৰী নিয়োগ কৰি স্বামী ৰাজাক হত্যা কৰিছিল।
বিয়াৰ পূৰ্বে সোণম ৰাজ কুশৱাহাৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল আৰু ৰাজেই এই হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড। লগতে সহযোগ কৰিছিল অন্য ২ সংগীয়ে। যি বৰ্তমানে সোনম আৰু ৰাজৰ লগতে আৰক্ষীৰ জালত।
এই গোচৰৰ তদন্তত পোহৰলৈ আহিছে যে ইন্দোৰত সোণমৰ পিতৃৰ এটা সৰু প্লাইউড কাৰখানা আছে। সেই কাৰখানাতেই কাম কৰিছিল ৰাজ কুশৱাহাই। সোণমে প্ৰায়ে ফেক্টৰীৰ অফিচলৈ গৈছিল আৰু তাতেই ৰাজৰ সৈতে দেখা হৈ প্ৰেম হৈছিল।
কিন্তু ৰাজ সোনমতকৈ ৫ বছৰে সৰু আছিল। আৰক্ষীৰ অনুমান ৰাজৰ সৈতে এই প্ৰেমৰ বাবেই সোনমে ৰাজৰ সৈতে মিলি ৰাজাক পৰিকল্পনা অনুসৰি শ্বিলঙলৈ নি হত্যা কৰিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















