বিবাহৰ পাছতেই শ্বিলংলৈ হানিমুন কৰিবলৈ আহি নিখোঁজ হৈছে নৱদম্পতি৷ ৰাস্তাৰ কাষত পৰি ৰৈছে তেওঁলোকৰ স্কুটি৷ তাৰপাছতেই ৮ দিন ধৰি সন্ধানহীন দম্পতি৷ অৱশেষত দুদিন পূৰ্বে মেঘালয়ৰ ৱেচাউদাং জলপ্ৰপাতৰ কাষৰ এটা গাঁতত উদ্ধাৰ হৈছে ইন্দোৰৰ যুৱক ৰাজা ৰঘূবংশীৰ দেহ৷ পত্নীগৰাকীৰ মৃতদেহৰ এতিয়ালৈকে কোনো সন্ধান লাভ কৰা হোৱা নাই৷ কিন্তু কেনেকৈ মৃত্যু হৈছে এই নৱদম্পতিৰ? হত্যা নে দুৰ্ঘটনা? মহিলাৰ দেহ ক’ত? এটাৰ পাছত আনটো প্ৰশ্ন উত্থাপিত হৈছে৷ বৰ্তমানলৈকে উদ্ধাৰ হৈছে মহিলাৰ এটা বগা চাৰ্ট, এটা স্ক্ৰিণ ভঙা মোবাইল, টেবলেট আৰু ৰাজাই পৰিধান কৰা স্মাৰ্টৱাছ৷ শেহতীয়াকৈ আৰক্ষীৰ হাতত পৰিছে এখন দা৷ এই দাখনেই হত্যাৰ সম্ভাৱ্য অস্ত্ৰ বুলি ধাৰণা কৰা হৈছে৷ ৱেচাউদাং জলপ্ৰপাতৰ বহু তলত থকা এটা খাদৰ পৰা ভঙা মোবাইলৰ লগতে দাখন উদ্ধাৰ হৈছে৷
ইষ্ট খাছী হিলৰ আৰক্ষী ছুপাৰ বিবেক চিয়েমে জনাইছে যে ৰাজাৰ পত্নী সোনমক বিচাৰি তদন্ত আৰম্ভ হৈছে৷ NDRF, SDRF, আৰু Special Operations Team যৌথ উদ্যোগত এই তালাচি চলিছে৷ বিবাহৰ পাছত মেঘালয়লৈ হানিমুনলৈ আহিছিল ইন্দোৰৰ নৱদম্পতি ৰাজা আৰু সোনম ৰঘুবংশী৷ কিন্তু বাহিৰলৈ গৈ বিগত ২৩ মেৰ পৰা নিখোঁজ হৈ আছিল সেই দম্পত্তি৷ নিখোঁজ হোৱাৰ ৮ দিনৰ পাছত মেঘালয়ৰ ছহৰাত ৱেচাউডাং জলপ্ৰপাতৰ কাষৰ খাদৰ পৰা উদ্ধাৰ হৈছে ৰাজৰ পচি যোৱা দেহ৷ দেহৰ সোঁ হাতৰ টেটু দেখিহে নিশ্চিত হৈছে যে এই দেহ ৰাজাৰেই দেহ৷
উল্লেখ্য যে সেই দম্পতি নংগ্ৰিয়েট গাওঁৰ এখন হোমষ্টেত থাকি বিগত ২৩ মেত চেক আউট কৰিছিল৷ ৰাজাৰ দেহ যত পোৱা গৈছে সেই স্থানৰ পৰা হোমষ্টেৰ দূৰত্ব প্ৰায় ২০ কিঃমিঃ৷ ৰাজাহঁত পূৰ্বৰ দিনটোত আছিল মাওলাখিয়াত৷ এখন স্কুটি ভাড়াত লৈ দুয়ো মেঘালয় ভ্ৰমণ কৰিছিল৷ সেই স্কুটিয়েই পাৰ্ক কৰা আছিল নংগ্ৰিয়েট গাওঁৰ লিভিং ৰুট ব্ৰীজৰ কাষত৷ তাৰপৰাই লিভিং ৰুট ব্ৰীজ চাবলৈ ৩০০০ ধাপ তললৈ নামিছিল দুয়ো৷ তাত নিশাও কটাইছিল দুয়ো৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ