জুন মাহত গ্ৰহৰ ৰজাই সূৰ্যত আৰু গ্ৰহৰ যুৱৰাজে মিথুন ৰাশিত প্ৰৱেশ কৰিব৷ বুধে ১৪ জুন শুকুৰবাৰে নিশা ১১ বাজি ৫ মিনিটত বৃষ ৰাশিৰ পৰা বাহিৰলৈ উলাই মিথুন ৰাশিত প্ৰৱেশ কৰিব৷ ইয়াৰ কিছুক্ষণ পাছতেই ১২ বাজি ২৭ মিনিটত সূৰ্যই মিথুন ৰাশিত প্ৰৱেশ কৰিব৷ এই দুই গ্ৰহৰ গোচৰৰ প্ৰভাৱত মিথুন ৰাশিত তৈয়াৰ হ’ব বুধাদিত্য যোগ৷ জ্যোতিষ অনুসৰি এদিনতে দুই গুৰুত্বপূৰ্ণ গ্ৰহৰ প্ৰভাৱত বৃষ, মিথুন, সিংহসহ একাধিক ৰাশিৰ জাতক লাভৱান হ’ব৷ ধন লাভৰ প্ৰৱল যোগ তৈয়াৰ হ’ব এই ৰাশিৰ জাতকৰ ভাগ্যত৷ ইয়াৰোপৰি সমাজত মান-সন্মান বাঢ়িব৷ মিথুন ৰাশিত একেলগে দুই গ্ৰহৰ গোচৰৰ ঘটনা আৰু তাৰ পৰিণাম স্বৰূপে বুধাদিত্য যোগ গঠন হয়৷ কোন কোন ৰাশিৰ জাতক ইয়াৰ ফলত লাভৱান হ’ব জানি থওক সবিশেষ৷
বৃষ ৰাশি
একে লগে দুই গ্ৰহৰ ৰাশি পৰিবৰ্তন আৰু যুঁটিৰ ফলত বৃষ ৰাশিৰ জাতকৰ জীৱনত নানান ক্ষেত্ৰত ভাল খবৰ আহিব৷ বিলাসিতাৰ নামত অৰ্থ ব্যয় কৰিব৷ পৰ্যাপ্ত পৰিমাণৰ অৰ্থ থাকিব এই ৰাশিৰ জাতকৰ হাতত৷ প্ৰিয়জনৰ সৈতে কৰোবালৈ ছুটি কটাবলৈ যাব পাৰে৷ চাকৰিয়াল আৰু ব্যৱসায়ীয়ে ভাল লাভ অৰ্জন কৰিব পাৰিব৷ কেৰিয়াৰত উন্নতিৰ ভাল সুযোগ পাব এই ৰাশিৰ জাতকে৷ সূৰ্য আৰু বুধৰ গোচৰৰ শুভ প্ৰভাৱত এই সময়ত বৃষ ৰাশিৰ জাতকৰ সামাজিক পৰিসৰ বৃদ্ধি পাব৷
মিথুন ৰাশি
সূৰ্য আৰু বুধৰ গোচৰৰ ফলত মিথুৱ ৰাশিৰ জাতক বিভিন্ন ক্ষেত্ৰত লাভাম্বিত হ’ব৷ এই সময়ত প্ৰতিটো কামতেই সফলতা লাভ কৰিব মিথুন ৰাশিৰ জাতকে৷ ভাগ্যৰ সংগ পাব৷ বুধৰ প্ৰভাৱত বাকপটুতা আৰু বাক্যশৈলী উন্নত হ’ব৷ সূৰ্যৰ প্ৰভাৱত এই ৰাশিৰ জাতকৰ মান-সন্মান বৃদ্ধি পাব৷ নেতৃত্ব বহনৰ ক্ষমতা বাঢ়িব৷ পাৰিবাৰিক কলহ বা অসুস্থতাৰ পৰা মুক্ত হ’ব৷
সিংহ ৰাশি
এই দিনত দুই গ্ৰহৰ ৰাশি পৰিবৰ্তনৰ ফলত সিংহ ৰাশিৰ জাতকে বিশেষ লাভ অৰ্জন কৰিব পাৰিব৷ আৰ্থিক পৰিস্থিতি উন্নত হ’ব৷ জীৱনৰ সমস্ত ক্ষেত্ৰৰ দায়িত্ব ভালধৰণে পূৰণ কৰিব পাৰিব এই ৰাশিৰ জাতকে৷ আৰ্থিক সমস্যাৰ মুখামুখি হৈ থকাসকলে ধন লাভৰ নতুন পথ বিচাৰি পাব৷ জীৱনসংগীৰ সৈতে সম্পৰ্ক উন্নত হ’ব৷ নতুন ঘৰ, মাটি ক্ৰয়ৰ সপোন পূৰণ হ’ব৷
কন্যা ৰাশি
কন্যা ৰাশিৰ জাতকে পছন্দ অনুসৰি ফলাফল পাব৷ সমাজত প্ৰভাৱ বাঢ়িব৷ চাকৰিয়াল জাতকৰ কেৰিয়াৰত উন্নতি হ’ব৷ দৰমহা বৃদ্ধি পাব৷ গ্ৰহৰ শুভ প্ৰভাৱত দিনে দিনে আমদানি বাঢ়িব৷ যাৰ ফলত নিজৰ উচ্চাকাংখা পূৰণ কৰিব পাৰিব এই ৰাশিৰ জাতকে৷ দাম্পত্য জীৱনত প্ৰেম থাকিব৷ পৰিয়ালৰ সদস্যসকলৰ সমস্ত ইচ্ছা পূৰণ হ’ব৷
বৃশ্চিক ৰাশি
সূৰ্য আৰু বুধে একে দিনাই মিথুনত প্ৰৱেশ কৰাই বৃশ্চিক ৰাশিৰ জাতকক অনুকূল পৰিণাম প্ৰদান কৰিব৷ দাম্পত্য জীৱনত বুজাপৰা বাঢ়িব৷ প্ৰেম জীৱনতো ৰোমান্স বাঢ়িব এই সময়ত৷ বন্ধুৰ সহায় লাভ কৰিব৷
কুম্ভ ৰাশি
এই সময়ত কুম্ভৰ জাতকৰ বুদ্ধি আৰু শক্তি বিকশিত হ’ব৷ প্ৰভাৱশালী ব্যক্তিৰ সৈতে সম্পৰ্ক তৈয়াৰ হ’ব৷ কেৰিয়াৰত উন্নতিৰ নতুন সুযোগ আহিব এই ৰাশিৰ জাতকৰ৷ আয়ৰ নতুন উৎস তৈয়াৰ হ’ব৷ গ্ৰহৰ শুভ প্ৰভাৱত এই সময়ত কুম্ভ ৰাশিৰ জাতকৰ ব্যৱসায়ত প্ৰত্যাশিত সাফল্য আহিব৷ ব্যৱসায়িক লাভ হোৱাৰ সম্ভাৱনা আছে৷ আৰ্থিক পৰিস্থিতি এই সময়ত মজবুত হ’ব৷ চাকৰিয়াল জাতকৰ অধিকাৰিসকলৰ সৈতে সুসম্পৰ্কৰ দ্বাৰা লাভাম্বিত হ’ব৷ পদোন্নতিৰ সম্ভাৱনা আছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ