অতিকে ভয়ংকৰ, নাও ডুব গৈ মৃত্যুক সাৱটিলে ৪০ ৰো অধিক লোক, সন্ধানহীন বহুতো
মৰক্কোৰ পৰা আহিছে এক অতিকে ভয়ংকৰ তথা শিহৰণকাৰী ঘটনা। সাগৰত নাও ডুব গৈ অকাল মৃত্যুক সাৱটিলে ৪০ৰো অধিক লোকে। এতিয়াও সন্ধানহীন বহু লোক।
মৃত্যুহোৱা সকলৰ অধিক সংখ্যক পাকিস্তানৰ লোক বুলি জানিব পৰা গৈছে। ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, মৰক্কোৰ ওচৰত স্পেইনলৈ গৈ আছিল ৮০ জন প্ৰব্ৰজনকাৰী লোক। সেই ৮০ লোকক কঢ়িয়াই নিছিল এখন নাও। কিন্তু মাজসাগৰতে নাও ডুব যোৱাত ৪০ জনতকৈ অধিক পাকিস্তানীৰ মৃত্যু।
১৬ জানুৱাৰী বৃহস্পতিবাৰে নিশা এই তথ্য প্ৰদান কৰে বিষয়াসকলে। প্ৰব্ৰজনকাৰী অধিকাৰ সংগঠন ‘ৱাকিং বৰ্ডাৰছ’ই জনোৱা মতে, ৫০ জনতকৈ অধিক প্ৰব্ৰজনকাৰীৰ পানীত ডুব যোৱাৰ আশংকা কৰা হৈছে।
ইয়াৰ এদিন পূৰ্বে মৰক্কো কৰ্তৃপক্ষই ২ জানুৱাৰীত মৰিটানিয়াৰ পৰা ৮৬ জন প্ৰব্ৰজনকাৰীক লৈ যোৱা এখন নাওৰ পৰা ৩৬ জন লোকক উদ্ধাৰ কৰিছিল। এই প্ৰব্ৰজনকাৰীসকলৰ ভিতৰত ৬৬জন পাকিস্তানীও অন্তৰ্ভুক্ত।
‘ৱাকিং বৰ্ডাৰছ’ৰ মুখ্য কাৰ্যবাহী বিষয়া (চিইঅ’) হেলেনা মালেনোৱে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম ‘এক্স’ত কয় যে এই দুৰ্ঘটনাটোত পানীত ডুব যোৱা লোকসকলৰ ভিতৰত ৪৪জন পাকিস্তানৰ লোক।
আনহাতে পাকিস্তানৰ বৈদেশিক কাৰ্যালয়ে এই সন্দৰ্ভত এক বিবৃতি প্ৰকাশ কৰি কয় যে মৰক্কোত থকা তেওঁলোকৰ দূতাবাসে উদ্ধাৰ অভিযানত সহায় কৰিবলৈ স্থানীয় কৰ্তৃপক্ষৰ সৈতে অহৰহ যোগাযোগ কৰি আছে। ইয়াৰ উপৰিও মৰক্কোত থকা পাকিস্তানী দূতাবাসৰ এটা দল প্ৰেৰণ কৰা হৈছে যাতে পাকিস্তানী নাগৰিকক সহায় কৰে আৰু প্ৰয়োজনীয় সহায় আগবঢ়াব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ