পিতৃ-মাতৃ বা কোনো অভিভাৱকৰ তত্ত্বাবধানৰ প্ৰয়োজন নাই৷ এতিয়াৰে পৰা ১০ বছৰতকৈ বেছি বয়সীয়া নাবালক-নাবালিকাই নিজেই স্বাধীনভাৱে সঞ্চয় বা ম্যাদি আমানত একাউণ্ট খুলিব আৰু পৰিচালনাও কৰিব পাৰিব৷ সোমবাৰে এই অনুমতি প্ৰদান কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংক বা আৰ বি আইয়ে৷
বাণিজ্যিক বেংক আৰু সমবায় বেংকসমূহৰ বাবে জাৰি কৰা এই নিৰ্দেশনাত ৰিজাৰ্ভ বেংকৰ তৰফৰ পৰা জনোৱা হৈছে যে ১০ বছৰতকৈ বেছি বয়সীয়া নাবালক নাবালিকাই কি কি চৰ্তত কিমান পৰিমাণৰ ধন ৰাখিব পাৰিব একাউণ্টত৷ বেংকসমূহে ৰিস্ক মেনেজমেণ্ট নীতি অনুসৰি নিৰ্ধাৰণ কৰিব৷ একাউণ্ট খোলা আৰু পৰিচালনা কৰাৰ যাৱতীয় চৰ্তাৱলী সংশ্লিষ্ট একাউণ্টধাৰীক যথাযথভানে জনোৱা হব৷
প্ৰাপ্তবয়স্ক হোৱাৰ পাছত একাউণ্টধাৰীক একাউণ্ট পৰিচালনাৰ নতুন নিৰ্দেশিকা জনোৱা হব৷ ইয়াৰ সৈতে তেওঁৰ স্বাক্ষৰৰ নমুনা নতুনকৈ সংগ্ৰহ কৰি ৰেকৰ্ড ৰাখিব লাগিব৷ বেংকসমূহে এই অপ্ৰাপ্তবয়স্ক গ্ৰাহকৰ ইণ্টাৰনেট বেংকিং, এটিএম, ডেবিট কাৰ্ড, চেক বুক ইত্যাদি অতিৰিক্ত বেংকিং সুবিধা দিব পাৰিব৷ এই সংশোধিত নিৰ্দেশিকা মানি বেংকসমূহে চলিত বছৰৰ ১ জুলাইৰ ভিতৰত নতুন নীতিমালা তৈয়াৰ কৰিব বা বিদ্যমান নীতিমালা সংশোধন কৰিব৷
ৰিজাৰ্ভ বেংকে লগতে জনাইছে যে ইয়াৰ বাহিৰে যিকোনো বয়সৰ নাবালক নাবালিকাই তেওঁলোকৰ স্বাভাৱিক বা আইনী অভিভাৱকৰ মাধ্যমেৰে সঞ্চয় আৰু ম্যাদি আমানত একাউণ্ট খুলিব আৰু পৰিচালনা কৰিব পাৰিব৷ মাককো অভিভাৱক হিচাপে ৰখা যাব৷ স্বাধীনভাৱে পৰিচালিত হওক বা অভিভাৱকৰ মাধ্যমেৰে পৰিচালিত হওক নাবালক নাবালিকাৰ একাউণ্টৰ পৰা যাতে অতিৰিক্ত টকা তোলা নহয় সেই কথাত মনোযোগ দিব লাগিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















