অসম লাইভ২৪ঃ দীপাৱলীৰ দিনাই গজকেশৰী ৰাজযোগ তৈয়াৰ হৈছে৷ জ্যোতিষ শাস্ত্ৰ অনুসৰি বৃহস্পতি আৰু চন্দ্ৰৰ যুঁটিৰ ফলত গজকেশৰী যোগ তৈয়াৰ হয়৷ বৰ্তমান চন্দ্ৰ, তুলা আৰু বৃহস্পতিয়ে মেষ ৰাশিত অৱস্থান কৰিছে৷ অৱস্থান কৰাৰ কাৰণেই এই দুই গ্ৰহৰ প্ৰভাৱত গজকেশৰী যোগ তৈয়াৰ হৈছে৷ ১২ নৱেম্বৰত দীপাৱলীতেই এই যোগ তৈয়াৰ হোৱাত একাধিক ৰাশিৰ উন্নতি নিশ্চিত বুলি জনাইছে জ্যোতিষবিদে৷ এই সময়তেই কেইটামান ৰাশিৰ জাতকে আকস্মিক ধনলাভ কৰিব৷ ইয়াৰোপৰি কেইটামান ৰাশিৰ জীৱনলৈ সুখ আহিব৷ চলিত বছৰৰ দীপাৱলীত কোন কোন ৰাশিৰ জাতকে শুভ ফল লাভ কৰিব জানি থওক৷
বৃষ ৰাশি
গজকেশৰী ৰাজযোগত বৃষ ৰাশিৰ জাতকৰ বাবে লাভজনক প্ৰমাণিত হ’ব৷ জ্যোতিষ শাস্ত্ৰত উল্লেখ থকা অনুসৰি এই ৰাশিৰ কোষ্ঠীত আয়ৰ স্থানতেই আজি গজকেশৰী যোগ তৈয়াৰ হৈছে৷ এই সময়ত অসাধাৰণভাৱে আয় বাঢ়িব৷ পাৰিবাৰিক জীৱনলৈকো সুখ আহিব৷ অৰ্থ আৰু সন্মান বৃদ্ধি হ’ব৷ অৰ্থ উপাৰ্জনৰ দুৰ্দান্ত যোগ আছে৷ একাধিক উৎসৰ পৰা ধন লাভ কৰিব পাৰিব এই ৰাশিৰ জাতকে৷ পৰিকল্পনা অনুসৰি বৃষ ৰাশিৰ জাতকৰ শ্বেয়াৰ বজাৰ, বেটিং আৰু লটাৰীত অৰ্থ লাভ কৰিব পাৰে৷
মিথুন ৰাশি
জ্যোতিষ গণনা অনুসৰি গজকেশৰী ৰাজযোগ আপোনাৰ বাবে অনুকূল প্ৰমাণিত হ’ব৷ মিথুন ৰাশিৰ জাতকৰ গোচৰ কোষ্ঠীৰ কৰ্মস্থানত এই ৰাজযোগ তৈয়াৰ হৈছে৷ ব্যৱসায়ত নতুন আৰু ভাল সুযোগ লাভ কৰিব৷ ছাত্ৰ ছাত্ৰীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাত ভাল সাফল্য লাভ কৰিব পাৰিব৷ অন্যহাতে চাকৰিয়ালসকলে কৰ্মক্ষেত্ৰত নতুন দায়িত্ব লাভ কৰিব৷ পিতৃৰ পূৰ্ণ সহযোগিতা লাভ কৰিব৷ ইয়াৰোপৰি পৰিয়ালৰ সদস্যৰ পৰা সহায় লাভ কৰিব৷ কেৰিয়াৰত শুভ প্ৰভাৱ বিস্তাৰ কৰিব গজকেশৰী যোগে৷
ধনু ৰাশি
ধনু ৰাশিৰ জাতকৰ বাবে গজকেশৰী যোগ লাভজনক প্ৰমাণিত হ’ব৷ আপোনাৰ ৰাশিৰ চতুৰ্থ স্থানত এই ৰাজযোগ তৈয়াৰ হৈছে৷ এই সময়ত গাড়ী আৰু সম্পত্তি ক্ৰয় কৰিব পাৰিব ধনু ৰাশিৰ জাতকে৷ ইয়াৰোপৰি ভৌতিক সুখো লাভ কৰিব৷ গজকেশৰী ৰাজযোগৰ প্রভাৱত ব্যৱসায়ত সাফল্য বা লাভ নিশ্চিত৷ কৰ্মক্ষেত্ৰত কামৰ চাপ বাঢ়িব৷ পছন্দমতে কাম কৰাৰ সুযোগ লাভ কৰিব৷ সম্পত্তি বা মাটি সংক্ৰান্তিয় কামত সফল হ’ব৷ আপোনাৰ কৰ্মস্থানত এই যোগৰ দৃষ্টি থাকিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ