ভাৰতৰ সবাতোকৈ ফ্লপ হিৰো, ২৭০ৰ ১৮০ খনেই ফ্লপ, তথাপি ছুপাৰষ্টাৰ
ভাৰতৰ এগৰাকী এনে ছুপাৰষ্টাৰ, যিয়ে এতিয়ালৈকে ২৭০ৰো অধিক চিনেমাত কাম কৰিছে। যাৰ ভিতৰত ১৮০ খনেই ফ্লপ। তথাপি ভাৰতৰ ছুপাৰষ্টাৰ বোলা হয় অভিনেতাগৰাকীক। সেই অভিনেতাগৰাকীয়ে হৈছে মিথুন চক্ৰৱৰ্তী। বলীউডত মিথুন দা বুলি পৰিচিত।
বলীউডৰ প্ৰথমগৰাকী ‘ডিস্কো ডান্সাৰ’ মিথুন চক্ৰৱৰ্তীয়ে চাৰি দশকৰো অধিক সময় ধৰি চলচ্চিত্ৰ জগতত সক্ৰিয় হৈ আছে। আজিও মিথুন চক্ৰৱৰ্তী চিনেমাত সক্ৰিয়। ৭৪ বছৰ বয়সতো মিথুনক ছবিত একেবাৰে ফিট দেখা যায়।
মিথুন চক্ৰৱৰ্তীৰ কেৰিয়াৰত বহু হিট ছবি আৰু লগতে বহু ফ্লপ ছবিও দিছে। মিথুনে নিজৰ চলচ্চিত্ৰ জীৱনত ২৫০খনতকৈও অধিক ছবিত কাম কৰাৰ লগতে ৩০খনতকৈও অধিক বেক টু বেক ফ্লপ ছবিও দিছে।
মিথুনে ২৭০খন ছবিৰ ভিতৰত ১৮০খন ছুপাৰ ফ্লপ ছবি দিছে, য’ত ৩৩খন ছবি বেক টু বেক আছে। ইয়াৰ পিছতো মিথুনদাক আজিৰ দিনটোত ছুপাৰষ্টাৰ বুলি কোৱা হয়। অভিনেতা হোৱাৰ উপৰিও মিথুন দা এজন ৰাজনীতিবিদ আৰু তেওঁৰ নাম ‘লিমকা বুক অৱ ৰেকৰ্ডছ’তো লিপিবদ্ধ কৰা হৈছে।
১৯৮৯ চনত মিথুনে একেৰাহে ১৯খন ছবি কৰিছিল। মিথুনৰ এই অভিলেখ আজিলৈকে অক্ষত আছে। ‘মৃগয়া’ ছবিৰে বলীউডত অভিষেক ঘটা মিথুনে। এই ছবিখনৰ জৰিয়তে অভিনেতাগৰাকীয়ে ৰাষ্ট্ৰীয় বঁটা লাভ কৰাৰ লগতে বলীউডতো স্থান লাভ কৰে।
৮০ৰ দশক মিথুন দাৰ যুগ যদিও ৯০ৰ দশকত বেক টু বেক ফ্লপ ছবিয়ে মিথুনৰ ষ্টাৰডমত ডাঙৰ ক্ষতিসাধন কৰিছিল। এক প্ৰতিবেদন অনুসৰি বলীউডত সৰ্বাধিক ফ্লপ ছবি দিয়াৰ অভিলেখ মিথুনৰ হাতত আছে। মিথুনৰ পিছত অভিনেতা জিতেন্দ্ৰৰ ফ্লপ ছবি দিয়াৰ অভিলেখ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ