প্ৰথাৰ নামত দেশৰ এখন গাঁৱত পিতৃ-মাতৃ তথা স্বামীৰ সমুখতেই নিলাম হয় নাৰী
ভাৰতবৰ্ষৰ এখন বিশেষ গাঁও, যি গাঁৱত আজিৰ দিনটো এগৰাকী নাৰীৰ নিলাম হয়। তাকো পিতৃ-মাতৃ তথা স্বামীৰ সমুখতেই নিমালত দিয়া হয় জীয়াৰী তথা বোৱৰী এগৰাকী। পঞ্চায়ত বহুৱাই পঞ্চায়তৰ সমুখতেই এইদৰে নাৰীৰ নিলাম হয়। এক কুপ্ৰথাৰ নামত কৰা হয় এই কাৰ্য। এই কাৰ্যত নাহে কোনো হকা বধা।
লাখ লাখ টকা পৰ্যন্ত দৰ উঠে এগৰাকী নাৰীৰ। যিয়ে সৰ্বাধিক টকা দিব সেই লোকৰ লগতেই যাব লাগে জীয়াৰী তথা বোৱাৰীগৰাকী। এই কু প্ৰথা মধ্যপ্ৰদেশৰ ৰাজগঢ় জিলাৰ।
এই কু প্ৰথা বছৰ বছৰ ধৰি চলি আহিছে। ইয়াক ‘নাট্র ঝগ্ৰা’ প্রথা বোলা হয়। কিন্তু এতিয়া আৰক্ষীয়ে ইয়াৰ বিৰুদ্ধে ব্যৱস্থা ল’বলৈ আৰম্ভ কৰিছে। শেহতীয়াকৈ এটা গোচৰ পোহৰলৈ আহিছে। যেতিয়া আৰক্ষী অধীক্ষকে এজন ব্যক্তিক মন্দিৰলৈ লৈ গৈ ক্ষমা খুজাই আৰু বন্দীত্বৰ পৰা মুক্ত কৰাই আনে মহিলা এগৰাকী।
ৰাজগড় জিলাত বছৰ বছৰ ধৰি এই প্ৰথা অব্যাহত আছে। প্ৰতি বছৰে আৰক্ষীয়ে নাটৰা বিবাদৰ শ শ গোচৰ পঞ্জীয়ন কৰে। বহু এন জি অ’ইও এই দুষ্টতা নিৰ্মূলৰ বাবে অভিযান চলাই আছে। কিন্তু আজিও বহু ঠাইত এই প্ৰথা অব্যাহত আছে। যাৰ বাবেই বহু মহিলাৰ জীৱন ধ্বংস হৈছে।
বাল্যবিবাহ হোৱা অঞ্চলত প্ৰধানকৈ এই নাটৰা ঝগ্ৰাৰ পৰম্পৰা দেখা যায়। বিয়াৰ পিছত ছোৱালীজনীক শহুৰেকৰ ঘৰত শোষণ কৰা হয়। ইয়াৰ পিছত শহুৰেকে ছোৱালীজনীক ৰাখিবলৈ অস্বীকাৰ কৰে। বোৱাৰীক মাতৃগৃহলৈ পঠিওৱা হয়। কিন্তু স্বামীয়ে মহিলাগৰাকীক বিবাহ বিচ্ছেদ নকৰে।
কাৰণ সিফালৰ মানুহে বিবাহ বিচ্ছেদৰ বাবে লাখ লাখ টকা দাবী কৰে। ইয়াৰ পিছত নাত্ৰ বিবাদৰ বাবে দুয়োপক্ষই পঞ্চায়ত মাতে। ল’ৰাৰ পক্ষই নিজৰ দাবী উত্থাপন কৰে। যদি ছোৱালীৰ পক্ষই এই দাবী পূৰণ কৰিব নোৱাৰে তেন্তে ছোৱালীজনীক আন কাৰোবাৰ লগত বিয়া কৰাই দিয়াৰ সিদ্ধান্ত লোৱা হয়। বিয়াৰ বিনিময়ত টকা লোৱা হয়। ইয়াৰ পিছত সেই কাজিয়া শেষ হয়।
ছোৱালীজনীৰ মাক-দেউতাকে টকা নিদিলে শহুৰেকে হাৰাশাস্তি কৰে। পৰিয়ালৰ লোকে যাৰ বাবে পঞ্চায়ত মাতিবলৈ বাধ্য হৈছে। ২০১৯ চনৰ পৰা বৰ্তমানলৈ যদি চোৱা হয়, তেন্তে হিচাপ অনুসৰি ৮১৭ টা গোচৰ আৰক্ষীৰ সন্মুখলৈ আহিছিল। একে সময়তে বিগত ৩ বছৰত আৰক্ষীয়ে ৪৫৮টা গোচৰ পঞ্জীয়ন কৰিছে। আৰক্ষীয়েও বৰ্তমানে এই কু প্ৰথাৰ বিৰুদ্ধে তীব্ৰ অভিযান চলাই এই প্ৰথাৰ বিৰুদ্ধে মানুহক সজাগ কৰি তুলিবৰ বাবে চেষ্টা অব্যাহত ৰাখিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ