প্ৰথমে পঢ়ক এই বিশেষ পোষ্টটো, – ‘যোৰহাট লোকসভা সমষ্টিত অসাধাৰণ বিজয়ৰ বাবে গৌৰৱ গগৈ ডাঙৰীয়াক বিশেষ ভাৱে অভিনন্দন। এই ফলাফল কেইবাটাও দিশত বিশেষভাৱে গুৰুত্বপূৰ্ণ আৰু ইয়ে প্ৰমাণ কৰে যে – ধন, ডাঙৰ প্ৰচাৰ অভিযান, অতিমাত্ৰাত নেতৃত্ব আৰু দৰ্পী ভাষণে নিৰ্বাচনত জয়ী হোৱাত সদায় সহায় নকৰে। লগতে অসমৰ পৰা নিৰ্বাচিত সকলো প্ৰাৰ্থীকে আন্তৰিক অভিনন্দন তথা শুভেচ্ছা জ্ঞাপন কৰিলো।’ এই পোষ্ট খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ৷
বিজেপিৰ বিধায়ক হৈয়ো মৃণাল শইকীয়াই বিজেপিৰ পৰা জয়ী হোৱা প্ৰাৰ্থীসকলক শুভেচ্ছা নজনাই গৌৰৱ গগৈক শুভেচ্ছা জনোৱাৰ দিশতো সকলোৰে দৃষ্টিগোচৰো হয়৷
মৃণাল শইকীয়াৰ এই বিশেষ পোষ্টৰ পাছতেই মুখ্য়মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদমেলত কয়, ‘মৃণাল শইকীয়া হয়তো বিজেপিত বেছি দিন নাথাকে৷ মৃণাল শইকীয়াই প্ৰধানমন্ত্ৰীক অভিনন্দন নিদি গৌৰৱ গগৈক দিছে৷ হয়তো তেওঁ কংগ্ৰেছত যোগদান কৰিব৷ যেনেকৈ আমাৰ তালৈ কংগ্ৰেছী আহিছে, আমাৰ পৰাও দুই এজন কংগ্ৰেছলৈ যাব পাৰে৷ হয়তো মৃণাল শইকীয়াই সিদ্ধান্ত লৈছে৷ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাক মাজতে সমালোচনা কৰিছে, ৬০হাজাৰ ভোটত অগ্ৰগতি লোৱা মানুহ এজনক লীড নোলোৱা মানুহে সমালোচনা কৰিছে৷’
মুখ্য়মন্ত্ৰীৰ মন্তব্য়ৰ পাছতেই, বিজেপি দল ত্যাগ নকৰে বুলি স্পষ্ট কৰি দিছে বিজেপিৰ বিধায়ক মৃনাল শইকীয়াই ৷ মুখ্যমন্ত্ৰীয়ে বিধায়ক মৃনাল শইকীয়াই বিজেপি দল ত্যাগ কৰিব বুলি কোৱা মন্তব্য প্ৰতুৎত্তৰো দিছে বিধায়কগৰাকীয়ে ৷ শইকিয়াই কয়, ‘মুখ্যমন্ত্ৰীগৰাকীৰ সোঁৱেবাঁৱে থকা লোকসকলৰ উচতনিৰ বাবেই মুখ্যমন্ত্ৰীগৰাকীয়ে এনে মন্তব্য কৰিছে ৷’
উল্লেখ্য যে কালিৰ দিনটোত বিধায়কগৰাকীয়ে কংগ্ৰেছ দলৰ যোৰহাট সমষ্টিৰ বিজয়ী প্ৰাৰ্থী গৌৰৱ গগৈক সামাজিক মাধ্যমত শুভেচ্ছা জনাই ৰোষত পৰিছিল দলৰ৷ তাৰ পিছতেই সামাজিক মাধ্যমত বিধায়কগৰাকী প্ৰসংগত যথেষ্ট তোলপাৰ লগাইছিল ৷ বিধায়কগৰাকীয়ে উল্লেখ কৰে যে বিৰোধী হ’ল বুলিয়েই যে কোনোবা শত্ৰু হ’ব সেইয়া নহয়, তৰুণ গগৈৰ পৰিয়ালৰ লগত বিধায়কগৰাকীৰ সম্পৰ্ক এতিয়াৰ নহয় ৷ ১৯৯৮ চনতেই তেতিয়াৰ কলিয়াবৰ লোকসভা সমষ্টিত তৰুন গগৈৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল বিধায়ক মৃনাল শইকীয়াই ৷ তেতিয়াৰ পৰাই তৰুন গগৈৰ পৰিয়ালৰ সৈতে সুসম্পৰ্ক থকাৰ কথা উল্লেখ কৰে বিধায়কগৰাকীয়ে ৷ গৌৰৱ গগৈক শুভেচ্ছা জনোৱাটো অতি নগন্য কথা বুলি উল্লেখ বিধায়ক মৃনাল শইকীয়াৰ ৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ