উত্তৰ কোৰিয়াই বৃহস্পতিবাৰে ঘোষণা কৰিছে যে দেশখনত অচিনাক্ত মহামাৰীৰ প্ৰাদুৰ্ভাৱ ঘটিছে, যাৰ ফলত ক’ভিড-১৯ৰ সৈতে যুঁজি থকা দেশখনে অন্য এক মহাসংকটৰ সন্মুখীন হৈছে৷ ইতিমধ্যে দেশখনৰ চৰকাৰী সংবাদ সংস্থা কেচিএন-এ দেশখনৰ নতুন সংকটৰ বিষয়ে প্ৰকাশ কৰিছে৷
উত্তৰ কোৰিয়াৰ চৰকাৰী সংবাদ মাধ্যম কেচিএনএৰ মতে, উত্তৰ কোৰিয়াৰ শাসক কিম জং উনে বুধবাৰে পশ্চিমৰ বন্দৰ চহৰ হাইজুলৈ ‘তীব্ৰ ষ্ট্ৰাইটিছক মহামাৰী’ত আক্ৰান্ত ৰোগীৰ বাবে ঔষধ প্ৰেৰণ কৰি শীঘ্ৰে আশুআৰোগ্য কামনা কৰিছে৷
ইফালে সংবাদ সংস্থাটোৱে ৰোগবিধৰ নাম স্পষ্টকৈ উল্লেখ কৰা নাই আৰু উক্ত অচিনাক্ত ৰোগত এতিয়ালৈকে কিমান লোক আক্ৰান্ত হৈছে অথবা কোনো লোকৰ প্ৰাণ হানি হৈছে সেই বিষয়েও বিশদ বিৱৰণ দিয়া নাই৷ অৱশ্যে ৰোগটোক এণ্টেৰিক সদৃশ বুলি উল্লেখ কৰা হৈছে, যিটোৱে গ্ৰেষ্ট্ৰাইটিকছক বুজায়৷
লগতে পঢ়ক ব্যক্তিত্ব পৰীক্ষা: আপোনাৰ নাকৰ আকৃতিয়ে ব্যক্তিত্বৰ কি কি বৈশিষ্ট্য উন্মোচন কৰে?
কেচিএনএ-এ কয় যে, “কিমে ইয়াৰ সংক্ৰমণ সম্পূৰ্ণৰূপে ৰোধ কৰিবলৈ সন্দেহযুক্ত ৰোগীসকলক কোৱাৰেণ্টাইন কৰাৰ বাবে এক সুসংহত ব্যৱস্থা গ্ৰহণ কৰি মহামাৰীক অতি সোনকালে নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে, মহামাৰী বিজ্ঞান পৰীক্ষা আৰু বৈজ্ঞানিক পৰীক্ষাৰ জৰিয়তে আক্ৰান্ত ৰোগীসকলক নিশ্চিত কৰা হৈছে।”
উল্লেখ্য যে স্বাস্থ্য খণ্ডৰ আন্তঃগাঁথনি একেবাৰে অন্নুনত উত্তৰ কোৰিয়াত কেইটামান মাহৰ পূৰ্বে প্ৰথমবাৰৰ বাবে ক’ভিড-১৯ৰ প্ৰাদুৰ্ভাৱ ঘটাৰ বাতৰি প্ৰকাশ পাইছিল৷ ভেকচিন আৰু চিকিৎসা সামগ্ৰীৰ অভাৱত ভোগা দেশখনে কোভিডৰে মোকাবিলা কৰিবলৈ যোৱা মাহত ই জৰুৰীকালীন অৱস্থা ঘোষণা কৰিছিল।
আৰু তেনে এক সংকটৰ সময়তে অচিনাক্ত ৰোগে আতংকৰ সৃষ্টি কৰাত উত্তৰ কোৰিয়াত ভয়াৱহ পৰিৱেশৰ সৃষ্টি হ’ব বুলি আশংকা কৰা হৈছে৷ ইফালে চীনসহ কেইখনমান ৰাষ্ট্ৰই উত্তৰ কোৰিয়াক কোভিড১৯ ভেকচিন আগবঢ়াইছিল যদিও দেশখনৰ শাসক কিম জং উনে সেয়া গ্ৰহণ কৰা নাছিল৷ যাৰ ফলত দেশখনত এজনো লোকক কোভিড প্ৰতিষেধক প্ৰদান কৰা হোৱা নাই৷
লগতে পঢ়ক তীখা উদ্যোগত বিনিয়োগৰ সুযোগ; শ্বেয়াৰ মাৰ্কেটত দেশৰ গৌৰৱ SAILৰ দপদপনি!
উত্তৰ কোৰিয়াত বৃহস্পতিবাৰে আৰু ২৬,০১০ জন লোকৰ জ্বৰৰ লক্ষণ দেখা দিয়াৰ লগতে সমগ্ৰ দেশতে এপ্ৰিলৰ শেষৰ ফালৰ পৰা মুঠ জ্বৰত আক্ৰান্তৰ সংখ্যা ৪৫ লাখ ৬০ হাজাৰৰ ওচৰ চাপিছে। কৰ’নাৰ সংক্ৰমণৰ সৈতে জড়িত লোকৰ সংখ্যা হৈছে ৭৩ জন।
ইফালে পিয়ংইয়াঙে দৈনিক ঘোষণা কৰি আহিছে ক’ভিড ৰোগীৰ সংখ্যা হ্ৰাস পাইছে৷ আনহাতে জ্বৰত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে আৰু টেষ্টিং কিটৰ অভাৱৰ বাবেই দেশখনত কোভিড আক্ৰান্ত সংখ্যা হ্ৰাস পোৱা বুলি সন্দেহ কৰা হৈছে। চৰকাৰী নিয়ন্ত্ৰিত সংবাদ মাধ্যমৰ জৰিয়তে প্ৰকাশ কৰা পৰিসংখ্যাসমূহকো সন্দেহ কৰিছে বিশেষজ্ঞসকলে।
উত্তৰে কোৰিয়াই ক’ভিডৰ ঢৌ হ্ৰাস হোৱা বুলি বুলি উল্লেখ কৰিছে যদিও চলিত মাহৰ আৰম্ভণিতে পিয়ংইয়াঙৰ দাবীক লৈ সন্দেহৰ সৃষ্টি কৰি বিশ্ব স্বাস্থ্য সংস্থাই উত্তৰ কোৰিয়াৰ পৰিস্থিতি অধিক ভয়াৱহ হৈ আহিছে বুলি মত প্ৰকাশ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ