মানৱেন্দ্ৰ কুমাৰ দাসঃ ভাৰতৰ ইকুইটি মাৰ্কেটত আজি পুনৰ স্খলন আৰম্ভ হৈছে৷ বহু কেইটা কোম্পানীৰ শ্বেয়াৰ হঠাতে নিম্নগামী হোৱাৰ বাবে ব্যক্তিগত বিনিয়োগকাৰীসকল শংকিতও হৈছে৷ কিন্তু এই স্খলন সাময়িক৷ সেইবাবে শংকিত হোৱাৰ বিশেষ কাৰণ নাই৷ কিন্তু শ্বেয়াৰ মাৰ্কেটত এই স্খলনৰ মাজতো বিনিয়োগৰ সুৱৰ্ণ সুযোগ আহিছে৷ বিশেষকৈ তীখা উদ্যোগত বিনিয়োগৰ বাবে সোণালী সুযোগ আহিছে৷
ভাৰতৰ তীখা খণ্ডত বহু কেইটা আগশাৰীৰ কোম্পানী আছে আৰু সেইসমূহৰ ব্যৱসায়ো যথেষ্ট লাভজনক৷ কিন্তু তাৰ বিপৰীতে ৰাজহুৱা খণ্ডৰ সৰ্ববৃহৎ তীখা কোম্পানী হৈছে ষ্টীল অথৰিটী অব ইণ্ডিয়া লিমিটেড চমুকৈ ‘চেইল’৷ ভাৰত চৰকাৰৰ অধীনস্থ এই কোম্পানীটোত ধন বিনিয়োগ কৰিবলৈ চিন্তা কৰাৰ প্ৰয়োজন নাই৷ কিয়নো বিগত সময়ছোৱাত ‘চেইল’এ বিনিয়োগকাৰীসকলক পৰ্যাপ্ত লাভ দিছে৷ সম্প্ৰতি বিনিয়োগকাৰী আৰু ষ্টক এক্সেঞ্জৰ ট্ৰেডিং মেম্বাৰসকলৰ জৰীপ মতে ১০০ শতাংশ বিনিয়োগকাৰীয়ে ‘চেইল’ৰ শ্বেয়াৰ ক্ৰয় কৰিবলৈ আগ্ৰহী৷ অৰ্থাৎ বৰ্তমান সময়ত এই কোম্পানীটোত বিনিয়োগ কৰিবলৈ আগ্ৰহী লোকৰ সংখ্যা যথেষ্ট বৃদ্ধি হৈছে৷ অৱশ্যে বিনিয়োগৰ পূৰ্বে ‘চেইল’ৰ বিষয়ে কিছু তথ্য জানি থোৱা ভাল হ’ব৷
লগতে পঢ়ক গুৱাহাটীত ইণ্ডিগ’ৰ বিমানত নিগনি! বিমানৰ যাত্ৰীক নমাই নিগনি ধৰাৰ অভিযান কৰ্মচাৰীৰ
সম্প্ৰতি ‘চেইল’ৰ এটা শ্বেয়াৰৰ দাম ৬৯ টকা৷ এবছৰৰ ভিতৰত ইয়াৰ দাম ২০০ টকা পৰ্যন্ত বৃদ্ধি হ’ব বুলি বিত্তীয় বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে৷ ৰাজহুৱা খণ্ডৰ সৰ্ববৃহৎ তীখা খণ্ডটোৰ ব্যৱসায়ৰ পৰিসৰো পূৰ্বৰ তুলনাত বহু বাঢ়িছে৷ দেশত যিহেতু পৰিকাঠামো নিৰ্মাণ ব্যাপক হৈছে, গতিকে তীখাৰ ব্যৱহাৰ বাঢ়িব বুলি ধাৰণা কৰিব পাৰি৷ সম্প্ৰতি ভাৰতীয় শ্বেয়াৰ বজাৰত ‘চেইল’ৰ মুঠ শ্বেয়াৰৰ সংখ্যা ৪১৩,০৫,২৫,২৮৯টা৷ ষ্টীল অথৰিটী অব ইণ্ডিয়া লিমিটেডৰ মালিক যিহেতু ভাৰত চৰকাৰ গতিকে ইয়াৰ ৬৫ শতাংশ শ্বেয়াৰ ভাৰতৰ ৰাষ্ট্ৰপতিৰ নামত আছে৷ অৰ্থাৎ কোম্পানীটোৰ ৬৫ শতাংশ শ্বেয়াৰৰ কিনা-বেচা নহয়৷ সেইবাবে এই শ্বেয়াৰৰ মূল্য অস্বাভাৱিকভাৱে কমি যোৱাৰ কোনো সম্ভাৱনা নাই৷ অন্য অৰ্থত কোম্পানীটোৰ শ্বেয়াৰৰ দাম ক্ৰমান্বয়ে বৃদ্ধিহে হ’ব৷ ‘চেইল’ৰ ১৮,৯১,৬০,৪৩০ টা শ্বেয়াৰ বিদেশী প্ৰতিষ্ঠানে ক্ৰয় কৰি ৰাখিছে৷ গতিকে ‘চেইল’ৰ বিদেশী প্ৰতিষ্ঠানৰ বিনিয়োগ কিমান বৃহৎ তাক সহজে অনুমান কৰিব পাৰি৷
মূলতঃ আমেৰিকা, কানাডা, অষ্ট্ৰেলিয়া আৰু ইংলেণ্ডৰ বহু বৃহৎ কোম্পানীয়ে ‘চেইল’ত ধন বিনিয়োগ কৰিছে৷ এই বিনিয়োগৰ পৰিমাণ ৪.৫৮ শতাংশ৷ ভাৰতৰ ৰাষ্ট্ৰীয়কৃত বেংক আৰু মিউচুৱেল ফাণ্ড কোম্পানীসমূহে ৩.৬৭ শতাংশ শ্বেয়াৰ অৰ্থাৎ ১৫,১৪,৪৪,৬৯০ টা শ্বেয়াৰ ক্ৰয় কৰি ৰাখিছে৷ অন্যান্য কোম্পানীসমূহে ‘চেইল’ত বিনিয়োগ কৰা ধনৰ পৰিমাণ ৩.৫৩ শতাংশ৷ দেশৰ নাগৰিক অৰ্থাৎ ব্যক্তিগত বিনিয়োগকাৰীৰ হাতত আছে ‘চেইল’ৰ ৬৮,৭৯,৫২,১৯৬ টা শ্বেয়াৰ৷ ইয়াৰ পৰিমাণ ১৬.৬৬ শতাংশ৷ তাৰোপৰি দেশৰ বহু বিত্তীয় প্ৰতিষ্ঠানেও ৬.৫ শতাংশ শ্বেয়াৰ ক্ৰয় কৰি ‘চেইল’ৰ ব্যৱসায়িক পৰিসৰ সম্ভাৱনাময় কৰি তুলিছে৷ সেইবাবে তীখা কোম্পানীসমূহৰ ভিতৰত ‘চেইল’ত বিনিয়োগ কৰাটো অধিক নিৰাপদ আৰু লাভজনক হিচাপে বিবেচিত হৈছে৷
লগতে পঢ়ক ছালৰ উজ্জ্বলতা বৃদ্ধিৰ বাবে গৰম কালিত কি কি খাদ্য খাব?
এই কোম্পানীটোৱে যোৱা সময়ছোৱাত ঘোষণা কৰা লাভৰ পৰিমাণো আশানুৰূপ হৈছে৷ যোৱা মাৰ্চ মাহত ‘চেইল’এ ঘোষণা কৰা লাভৰ পৰিমাণ ৯,৫৯৭ কোটি টকা৷ আগন্তুক সময়ছোৱাত এই লাভৰ পৰিমাণ ৫০ হাজাৰ কোটি টকা হ’ব বুলি কোম্পানীটোৱে ঘোষণা কৰিছে৷ উল্লেখযোগ্য যে ২০২০ আৰু ২০২১ বৰ্ষত ক’ৰোনা মহামাৰীৰ বাবে দেশত নিৰ্মাণকাৰ্য প্ৰায় স্থবিৰ হৈ পৰিছিল৷ আৰু সেইবাবে কিছু ক্ষতিৰ সন্মুখীন হৈছিল ষ্টীল অথৰিটী অব ইণ্ডিয়াই৷ কিয়নো সেই সময়ছোৱাত তীখাৰ চাহিদা ৭০ শতাংশ পৰ্যন্ত হ্ৰাস হৈছিল৷ কিন্তু তাৰ বিপৰীতে সম্প্ৰতি দেশত তীখাৰ চাহিদা ৬২.৪০ শতাংশলৈ বৃদ্ধি হৈছে৷ যিহেতু নিৰ্মাণ খণ্ডত বিনিয়োগৰ হাৰ ক্ৰমাৎ বাঢ়িব লাগিছে গতিকে স্বাভাৱিকভাৱে তীখাৰ চাহিদাও বৃদ্ধি হ’ব৷ সেইবাবে আগন্তুক এবছৰৰ ভিতৰত ‘চেইল’ৰ এটা শ্বেয়াৰৰ দাম ২০০ টকা বা তাতোকৈ অধিক হোৱাৰ সম্ভাৱনা অধিক৷ আৰু সেইবাবে আজিৰ তাৰিখত তীখা উদ্যোগৰ গৌৰৱ হিচাপে পৰিচিত ‘চেইল’ত বিনিয়োগ কৰা উচিত হ’ব৷ নতুন বিনিয়োগকাৰীসকলেও এই ক্ষেত্ৰত বিনাদ্বিধাই ‘চেইল’ৰ শ্বেয়াৰ ক্ৰয় কৰিব পাৰে৷ ‘চেইল’ৰ শ্বেয়াৰ ৭১ টকাৰ তলত ক্ৰয় কৰিব পাৰিলে ভাল৷
ভাৰতীয় শ্বেয়াৰ বজাৰত আজি বহু কেইটা কোম্পানীৰ শ্বেয়াৰৰ দাম কমিছে যদিও বৃহৎ কোম্পানীসমূহৰ শ্বেয়াৰৰ দাম বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে৷ তেনে কেইটামান উল্লেখযোগ্য শ্বেয়াৰৰ বিষয়ে উল্লেখ কৰিব বিচাৰিছো৷ আজি দাম বৃদ্ধি হোৱা শ্বেয়াৰসমূহৰ ভিতৰত মাৰুতি ছুজুকি, ব্ৰিটেনিয়া ইণ্ডাষ্ট্ৰীজ, আই চি আই চি আই বেংক, ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজ, এছিয়ান পেইণ্টছ, হিন্দুস্তান ইউনিলিভাৰ লিমিটেড, এপল’ হাস্পতাল, এই চি এল টেকনলজি আৰু টাটা কনচালটেন্সি চাৰ্ভিছেজ উল্লেখযোগ্য৷ আৰু সেইবাবে আগন্তুক সময়ছোৱাত অধিক লাভ পাবলৈ হ’লে সম্প্ৰতি তীখা খণ্ডত বিনিয়োগ কৰাটো অধিক প্ৰয়োজনীয় বুলিব পাৰি৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ